অসমীয়া ব্যাকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
81 নং শাৰী:

==চন্দ্ৰবিন্দুৰ ব্যৱহাৰ==
[[অসমীয়া ভাষা]]ত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ এটা মনকৰিবলগীয়া বিষয়৷ চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ ক্ষেত্ৰত ডঃ [[মহেশ্বৰ নেওগ]]ৰ 'নিকা অসমীয়া ভাষা' আৰু ডঃ [[গোলোকচন্দ্ৰ গোস্বামী]]ৰ 'অসমীয়া ব্যাকৰণ-প্ৰৱেশ' নামৰ কিতাপ দুখনত উল্লেখ কৰা নিয়মসমূহ তলত আলোচনা কৰা হ'ল৷

# অসমীয়া নিত্য বৰ্তমানৰ প্ৰথমাৰ সকলো ক্ৰিয়াতে ওঁ বিভক্তি যোগ হয়৷ সেয়ে ওঁ বিভক্তি থকা শব্দত চন্দ্ৰবিন্দু যোগ হয়৷ যেনে-মই কাম কৰোঁ, মই ভাত খাওঁ, আমি গান গাওঁ৷ একেদৰে ধৰোঁ, বহোঁ, উঠোঁ ইত্যাদি৷
# মনকৰিবলগীয়া কথা যে, ওঁ থাকিলেই চন্দ্ৰবিন্দু নহয়৷ যেনে- মই মনে মনে গুণো, কাণ পাতি শুনো৷ ইয়াৰ কাৰণ হৈছে ঙ, ঞ, ণ, ন, ম আদি অনুনাসিক ব্যঞ্জন থাকিলে তাৰ ওপৰত চন্দ্ৰবিন্দু লিখা নহয়৷ এনেধৰণৰ ব্যঞ্জন বৰ্ণসমূহে নিজেই অনুনাসিক উচ্চাৰণ ধৰি ৰাখে৷
# কৰাঁ, যোৱাঁ, কৰিবাঁ, হ'বাঁ এইবোৰ অনুজ্ঞাৰ ক্ৰিয়া৷ এইবোৰত চন্দ্ৰবিন্দু প্ৰয়োগ হয়৷
# আহোঁতে, উঠোঁতে, বহোঁতে, খাওঁতে এইবোৰত 'ওঁতে' প্ৰত্যয় যোগ হোৱাৰ বাবে চন্দ্ৰবিন্দু ব্যৱহাৰ হয়৷ "সকলো কালত কোনো এটা ক্ৰিয়া কৰি থাকোঁতেই আন এটা ক্ৰিয়া হোৱা অৰ্থ বুজাবলৈ ধাতুৰ পিছত ওঁ-তে প্ৰত্যয় হৈ অসমাপিকা ক্ৰিয়া হয়৷" এইবোৰত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিবলৈ পাহৰিব নালাগে৷
# আহোঁতা, নিওঁতা, দিওঁতা, খাওঁতা, কৰোঁতা আদিৰ পিছত ওঁ-তা কৃতপ্ৰত্যয় যোগ হৈছে৷ ইয়াত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হয়৷
# সংস্কৃতৰ পৰা ওলোৱা কিছুমান অসমীয়া শব্দৰ মূল শব্দটোত ং, ঙ, ঞ, ণ, ন, ম আদি থাকিলেই অসমীয়া শব্দত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়৷ যেনে-গ্ৰাম > গাঁওকণ্টক > কাঁইটঅঙ্ক > আঁকসঞ্চ > সাঁচৱংশ > বাঁহ পঞ্চ > পাঁচ ইত্যাদি৷
# কিন্তু কেতিয়াবা মূলৰ ং, ঙ, ঞ, ণ, ন, ম নথকাকৈয়ে অসমীয়া ভাষাত কিছুমান স্বতঃঅনুনাসিক (spontaneous nasalisation) হোৱা দেখা যায়৷ যেনে- সঁচা, ছাঁ, আঁহত, ঘোঁৰা, ফেঁচা ইত্যাদি৷ এইবোৰত অনুনাসিকতাই মূল কাৰণ৷
# 'ও' থাকিলেও চন্দ্ৰবিন্দু বহুৱাৰ কোনো নিয়ম নাই৷ যেনে- নেওগ, নেওতা ইত্যাদি৷
# বহুবচন বুজোৱা -হঁত প্ৰত্যয়ত সদায় চন্দ্ৰবিন্দু দিব লাগে৷ যেনে- সিহঁত, তহঁত৷
# মনকৰিবলগীয়া কথা যে, অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰে শব্দৰ অৰ্থও পৃথক কৰিব পাৰে৷ যেনে-

:::কাঁহ (এবিধ ধাতু ), কাহ (ডিঙিৰ খচখচনিত মুখেৰে কৰা শব্দ)

:::কাঁচ (দাপোন ), কাচ (সাজ পাৰ কৰা)

:::আঁহ (ফল মূল্, গছ আদিৰ ভিতৰত থকা সূতাৰ দৰে সূক্ষ্ম অংশ ), আহ (আমন্ত্ৰন কৰা)

:::বাঁহ (এবিধ গছ ),বাহ (চৰাইৰ ঘৰ)

:::আঁহত (এবিধ গছ ), আহত (আঘাত পোৱা)

:::ভাঁজ (কোণ, পাক ), ভাজ (তেলত সিদ্ধ কৰা )

:::পাঁচ (সংখ্যা), পাচ (পাচত)

:::ধোঁৱা ( জুইৰ পৰা উদ্ভৱ হোৱা বাষ্প), ধোৱা (নিকা কৰা )।