বিহুৰ বাদ্যযন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{details|অসমৰ লোকবাদ্য}}
 
 
বিহু সাংস্কৃতিক বৈশিষ্ট্যৰে ভৰপূৰ [[অসম]]ৰ কৃষিভিত্তিক জাতীয় [[উৎসৱ]]। বিহু অসমীয়া সংস্কৃতিৰ প্ৰাণ| অসমত তিনিটা বিহু পালন কৰা হয়, [[ব’হাগ বিহু]] বা ৰঙালী বিহু (বসন্তৰ বিহু), মাঘ বা [[ভোগালী বিহু]] (খেতি ছপোৱা বিহু) আৰু কাতি বা [[কঙালী বিহু]] (শৰতৰ বিহু)।
 
 
বিহু সংগীতময় উৎসৱ, সেয়ে বিহুত বাদ্যযন্ত্ৰৰ গুৰুত্বও অপৰিসীম। বিহু উৎসৱ বহু বিৱৰ্তন,পৰিবৰ্তনৰ মাজেৰে আহি আজিৰ এই ৰূপ পাইছেহি। গছৰ তলত মুকলি মনেৰে আনন্দ কৰি পতা বিহু বৰ্তমান পেচাদাৰী শিল্পীৰ মঞ্চৰ বিহু হৈছেহি। প্ৰথমতে চহা লোকশিল্পীয়ে নিৰ্মাণ কৰা বিহুৰ বাদ্য সমূহে বৰ্তমান দক্ষ লোকৰ হাতত পৰি পৰিপূৰ্ণ ৰূপ পাইছেহি। <!--বিহুত ব্যৱহাৰ হোৱা বাদ্যসমূহৰ ক্ষেত্ৰত কিঞ্চিৎ মতভেদ থাকিলেও, এই পৃষ্ঠাত উল্লেখ কৰা বাদ্যসমূহ বিহুৰ মূল বাদ্য বুলি গ্ৰহণ কৰিব পাৰি।-->
 
 
ৰঙালী বিহুৰ আটাইতকৈ আকৰ্ষণীয় উপাদান হ’ল বিহুগীত| বিহুগীত অসমীয়া লোকসাহিত্যৰ এটি অমূল্য সম্পদ| ইয়াৰ বুকুত লুকাই আছে প্ৰাণৰ স্পন্দন, অসমীয়াৰ জীৱন বুৰঞ্জী আৰু সমাজৰ প্ৰতিচ্ছবি|
Line 33 ⟶ 38:
===তাল===
{{Main|তাল}}
[[চিত্ৰ:ভোৰতাল.jpg|right|thumb|150Px|তাল]]
বিহুত ব্যৱহাৰ কৰা আন এবিধ বাদ্য হ’ল তাল, এই বিধ বাদ্য ধাতুৰে নিৰ্মিত| নৃত্যগীতত তাল ৰাখিবৰ বাবে এই বিধ বাদ্য ব্যৱহাৰ কৰা হয়| বিহুৰ বাবে তাল এবিধ অতি অপৰিহাৰ্য্য বাদ্য| ঢোলৰ লগত তাল যোৰ ব্যৱহাৰ নকৰিলে ঢোলৰ চেওবোৰ কিবা উকা উকা লাগে| বিহুত সাধাৰণতে তাল অকলে ব্যৱহাৰ কৰা নহয়| ইয়াক সদায় ঢোলৰ লগতহে বজোৱা হয়| তালযোৰে ঢোলৰ চেওবোৰক অধিক স্পষ্ট কৰাৰ লগতে শ্ৰুতিমধুৰ কৰে| অসমৰ এই লোকবাদ্য বিধ কেইবাপ্ৰকাৰ খুটিতাল, ভোৰতাল আদি|
 
===পেঁপা===
{{Main|পেঁপা}}
[[File:Bihu dancer with a horn.jpg|thumb|200px|পেঁপাৰ সৈতে বিহুৱা]]
ব’হাগ বিহুত বজোৱা লোকবাদ্যসমুহৰ ভিতৰত ঢোলৰ পাচতে পেঁপা| বিহু সংস্কৃতিৰ বৰঘৰত ম’হৰ শিঙৰ পেঁপাটো লাইখুটা স্বৰূপ| ম’হৰ শিঙৰ পেঁপাত সুৰৰ লহৰ তুলিবলৈ বিজুলী বাঁহৰ আগৰ পৰা চাৰি আঙুলমানৰ এপাব কাটি তাত বিন্ধনাৰে চাৰিটা বিন্ধা উলিয়াই লোৱা হয় | ইয়াক পেপাৰ নলীচা বোলা হয়| এই নলীচা ডালৰ এফালে নল আৰু এফালে গাঁঠি থকা পাব এটা পাতলকৈ ফালি "চুপহি" সাজি মুখেৰে ফুঁ দি বজোৱা হয়| এই চুপহিৰ ফলা অংশ মুখেৰে ফুঁ দিলে পেঁ কৈ বাজি উঠে আৰু সেই শব্দক নলীচাৰ বিন্ধা কেইটাৰ সহায়ত - "টিহিঁটি-টিটলৌ- টিঁহিটি ৰম ৰম” সুৰৰ লহৰি তোলা হয়| ম’হৰ শিঙত পেঁপা বজোৱাৰ এটা বৈশিষ্ট্য হৈছে-পেঁপা বজাওঁতে মাজত যতি নপৰে | অৰ্থাত্‍পেঁপা বজাই থাকোতে এক বিশেষ কৌশলেৰে উশাহ ঘূৰাই পেঁপাবাদন বন্ধ নকৰাকৈ বজোৱা হয়| বিহুত এৰাব নোৱাৰা এইবিধ বাদ্য কেৱল পুৰুষেহে বজোৱাৰ নিয়ম| বিহুৰ উপৰিও ম’হৰ শিঙৰ পেঁপা অতীতত ম’হৰ পিঠিত উঠি গৰু, ম’হ চৰাওঁতে গৰখীয়া সকলেও বজাইছিল|