বিহুৰ বাদ্যযন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
54 নং শাৰী:
বিহুৰ নাচ-গানক অধিক তালবদ্ধ আৰু উত্‍সাহ যোগোৱা এবিধ বিহু বাদ্য হ’ল নাচনীৰ অতিকে চেনেহৰ আগলি বাঁহৰ এপবীয়া "টকা" টি| বিহুৰ লগত এৰাব নোৱাৰা সম্পৰ্ক থকা আগলি বাঁহৰ এই সৰল বাদ্য বিধৰ নিৰ্মাণ প্ৰণালীও অতি সহজ| বিহুখনক অধিক প্ৰাণৱন্ত আৰু জীপাল কৰি তোলা এই টকা নামৰ বাঁহৰ বাদ্য বিধ সাজিবলৈ জাতি বা বিজুলী বাঁহ এপাবহে লাগে| পৈনত ভাল জাতি বা বিজুলী বাঁহৰ দুই মুৰে গাঁঠি থকা এপাব বাঁহ দুয়োফালে প্ৰায় আধা অংশ মান কাটি বাকী অংশ সমানে দুফাল কৰি মেলিব আৰু জপাব পৰা হ’লেই এটা উপযুক্ত টকা প্ৰস্ত্তত হয়| সাধাৰণতে মহিলা সকলৰ বিহুত ব্যৱহাৰ হোৱা টকাৰ টক-টক শব্দই বিহুখনৰ পাগ‍ উঠায়| টকা হাতেৰে বজোৱা হয়, বজাওঁতে টক্ টক্‌ শব্দ কৰে বাবে এই বাদ্যযন্ত্ৰ বিধক টকা নাম দিয়া হ’ল|
 
===সুতুলীসুতুলি===
{{Main|সুতুলীসুতুলি}}
[[File:Bamboo Xutuli.jpg|thumb|200px|বাঁহৰ সুতুলি]]
বাঁহীৰ দৰে ফুঁ দি বজোৱা আন এবিধ বাদ্যযন্ত্ৰ হ’ল সুতুলীসুতুলি| বিহুৰ বাদ্য হিচাবে সুতুলীৰোসুতুলিৰ অসমীয়া সমাজত এক সুকীয়া আসন আছে| জাকিমাৰি ওলোৱা নাচনী পখিলীৰ কঁকালৰ খোঁচনিত সুমোৱাই অনা মাটিৰ সুতুলিটোয়ে আমাৰ বিহুখনিৰ জেউতি চৰায়| সুতুলি মাটিৰে তৈয়াৰ কৰা বাদ্য| ইয়াৰ নিৰ্মাণ প্ৰনালীও অতি সহজ| সুতুলি সাঁজিবলৈ আলতীয়া মাটি (কুমাৰ মাটি, কেঁকোৰা গাঁতৰ মাটি, পুখুৰী তলৰ কোমল মাটি হ’লে ভাল হয়) এলডা লৈ প্ৰথমে দুহাতেৰে চেপেটা কৰি মাজত খালি ঠাই ৰোৱাকৈ চাৰিওফালে বন্ধ কৰি দিব লাগে | তাৰ পাচত এবেলা ৰ’দত শুকুৱাই লোৱাৰ পিচত তাত তিনিটা বিন্ধা কৰি ল’লেই সুতুলি সজাৰ কাম সম্পূৰ্ণ হয়| তাৰে এটাত ফুঁ দি বাকী দুটাত আঙুলি বুলাই সুৰৰ সৃষ্টি কৰা হয়| সুতুলি মহিলাই বজোৱা বাদ্য যদিও আজি কালি পুৰুষেও বজোৱা দেখা যায়|
 
 
==লগতে পঢ়ক==