অসমীয়া ব্যাকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
131 নং শাৰী:
 
অধিকৰণ কাৰক: যি ক্ৰিয়াৰ আধাৰ অৰ্থাৎ কৰ্তা আৰু কৰ্মই যাৰ ওচৰত ক্ৰিয়া সম্পাদন কৰে তাকেই অধিকৰণ কাৰক বোলে । অধিকৰণ কাৰকত সপ্তমী বিভক্তি যোগ হয় । যেনে- পানীত মাছ থাকে । ইয়াত 'আছে' ক্ৰিয়াৰ আধাৰ পানী । গতিকে অধিকৰণ কাৰক । অধিকৰণ কাৰক প্ৰধানকৈ দুবিধ । তলত উল্লেখ কৰা হ'ল । (ক) কালাধিকৰণ (খ) আধাৰাধিকৰণ (ক) কালাধিকৰণ: যি সময়ত ক্ৰিয়া সম্পন্ন হয় তাকেই কালাধিকৰণ কোৱা হয় । যেনে- সন্ধ্যা সময়ত ঘূৰি ফুৰা অনুচিত । (খ) আধাৰাধিকৰণ: যি ক্ৰিয়াৰ আধাৰ অৰ্থাৎ য'ত ক্ৰিয়া সম্পন্ন হয় তাকেই আধাৰাধিকৰণ কোৱা হয় । ইয়াক তিনিটা ভাগত ভগাব পাৰি । (১) একদেশ -- পানীত মাছ থাকে ।(গোটেইখিনি পানীত মাছ নাথাকে, কিছু অংশতহে থাকে) (২) ব্যাপ্ত -- সাগৰৰ পানীত লোণ আছে । (গোটেই সাগৰৰ পানীতেই লোণ থাকে) (৩) বিষয় -- গীতাৰ গানত বৰ ৰাপ । (ইয়াত 'গান' বিষয়ৰ ওপৰত ক্ৰিয়া সম্পন্ন হৈছে ।
 
 
ক্ৰিয়াৰ ভাব ৰূপ (Moods) :- বাক্যত ব্যৱহৃত বিভিন্ন ক্ৰিয়াৰ প্ৰকাশৰ প্ৰক্ৰিয়া বা ভাব-ৰূপ বা অৰ্থ বুজাবলৈ চাৰিবিধ ভাব-ৰূপৰ সহায় লোৱা হয় ।
 
১) নিৰ্দেশক (Indicative)
 
২) সাম্ভাব্য (Conditional)
 
৩) অনুজ্ঞা (Imperative)
 
৪) নিমিত্তাৰ্থক (Infinitive)
 
নিৰ্দেশক ভাব-ৰূপ – সাধাৰণ ভাবে ক্ৰিয়াৰ ভাব প্ৰকাশ কৰা ক্ৰিয়াৰ ৰূপক নিৰ্দেশক ৰূপ বোলে । যেনে – খাওঁ, খাম ইত্যাদি । ইয়াত কেৱল ক্ৰিয়াৰ কাৰ্য্যৰ কথা উল্লেখ আছে আৰু ক্ৰিয়াৰ ভাব-ৰূপ প্ৰত্যক্ষ ভাবে প্ৰকাশ পাইছে ।
 
সাম্ভাব্য ভাব-ৰূপ – সম্ভাৱনা থকা অৰ্থ বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ হয়, তাকেই সাম্ভাব্য ভাব-ৰূপ বোলা হয় । যেনে – যদি তুমি আহিলাহেঁতেন একেলগে ফুৰিবলৈ গ’লোহেঁতেন । ইয়াত ‘গ’লোহেঁতেন’ ক্ৰিয়াই সম্ভাৱনা প্ৰকাশ কৰিছে । ( সাম্ভাব্য ক্ৰিয়া প্ৰকাশ কৰিবলৈ, যদি, হেঁতেন, হ’বলা ইত্যাদিৰ সহায় লোৱা হয় । যেনে - যদি তুমি আহিলাহেঁতেন একেলগে ফুৰিবলৈ গ’লোহেঁতেন । এই বাক্যত ‘যদি’ আৰু ‘হেঁতেন’ৰ সহায় লোৱা হৈছে । আনহাতে অনিশ্চিত অৰ্থত ‘হ’বলা’ বা ‘হ’ব পায়’ ব্যৱহাৰ কৰা হয় । যেনে – সি কামটো কৰিব হ’বলা । )
 
অনুজ্ঞা ভাব-ৰূপ – আদেশ, অনুৰোধ, প্ৰাৰ্থনা, আশীৰ্বাদ ইত্যাদি অৰ্থ প্ৰকাশ কৰা ক্ৰিয়াৰ ৰূপক অনুজ্ঞা ভাব-ৰূপ বোলে । যেনে – আদেশ অৰ্থ – কামটো সোনকালে কৰা আৰু ঘৰলৈ যোৱা । আশীৰ্বাদ অৰ্থ – তোমালোকৰ মঙ্গল হ’ক (হওঁক) । ( অনুজ্ঞা ভাব-ৰূপ কেৱল বৰ্তমান আৰু ভৱিষ্যত কালতহে হয় )
 
 
নিমিত্তাৰ্থক ভাব-ৰূপ – কোনো ক্ৰিয়া সম্পাদনৰ বাবে বা নিমিত্তে আন ক্ৰিয়া সম্পাদিত হ’লে সম্পাদনৰ নিমিত্তে থকা ক্ৰিয়াটোৰ ভাব-ৰূপক নিমিত্তাৰ্থক ভাব-ৰূপ বোলা হয় । যেনে – মই তাইৰ ওচৰত অংক শিকিবলৈ আহিছোঁ । ইয়াত ‘আহিছোঁ’ ক্ৰিয়া ‘শিকা’ ক্ৰিয়া সম্পাদনৰ নিমিত্তে হৈছে । গতিকে ‘শিকিবলৈ’ নিমিত্তাৰ্থক ভাব-ৰূপ ।
 
 
 
{{Assam stub}}