মণিৰাম দেৱান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
 
 
মণিৰাম দেৱান উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল । ১৮০৬ চনত শিৱসাগৰ জিলাৰ চাৰিংত মুক্তিয়াৰ ৰামদত্তৰ ঔৰসত আৰু কৌশল্যাৰ গৰ্ভত জন্মলাভ কৰে । 1828১৮২৮ চনত উজনি অসমৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে ইংৰাজৰ অধীনত মণিৰামক ৰেভিনিউ চিৰস্তাদাৰ আৰু তছিলদাৰ বাব দিয়ে । 1833১৮৩৩ চনৰ পৰা 1837১৮৩৭ চনলৈকে বৃটিছৰ কৰতলীয়া ৰজা পুৰন্দৰ সিংহৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল । পুৰন্দৰ সিংহই ৰাজ্য হেৰুৱাৰ পাছত মাহে 50৫০ টকাৰ বেতনত এতিয়াৰ শিৱসাগৰ জিলাৰ চেৰেকাপাৰ , কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হয় । 1839১৮৩৯ চনত মৌজাদাৰৰ কাম ইস্তফা দি বৃটিছৰ “আচাম টি কোম্পানী”ত দেৱান পদ গ্ৰহণ কৰে । 1845১৮৪৫ চনত কোম্পানীৰ চাকৰি এৰি নিজাকৈ 1844১৮৪৪ চনত এতিয়াৰ যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত দুখন চাহবাগান আৰম্ভ কৰে ।
 
1852১৮৫২ চনত পুৰন্দৰ সিংহৰ পুতেক [[ চাৰিংৰজা ]] কামেশ্বৰ সিংহৰ মৃত্যু হোৱাত তেখেতৰ নাবালক পুত্ৰ কন্দপেৰ্শ্বৰ সিংহ চাৰিংৰজা হয় । নাবালক ৰজাৰ হৈ মণিৰামে সেই সময়ত চাৰিংৰাজ্য পৰিচালনা কৰিছিল । 1857 চনৰ১৮৫৭চনৰ শেহৰফালে মণিৰাম দেৱানে চাৰিংৰজা কন্দৰ্পেশ্বৰ সিংহক সমগ্ৰ উজনি অসমৰ ৰজা পাতিবলৈ বৃটিছক অনুৰোধ কৰা ঊদ্দশ্যে তেতিয়াৰ বৃটিছ-ভাৰতৰ ৰাজধানী কলিকতালৈ যায় । সেই সময়তে ভাৰতত চলি থকা [[ চিপাহী বিদ্ৰোহৰ ]] কথা জানিব পাৰি বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিবলৈ সাজু হবৰ বাবে কলিকতাৰ পৰাই কন্দপেৰ্শ্বৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰে । সেই পত্ৰখন বৃটিছৰ আৰক্ষী বিষয়া [[ হৰনাথ দাৰোগা ]] হাতত পৰে । হৰনাথে সেইখন শিৱসাগৰ জিলাৰ জিলাধিপতি হলউদক দিয়ে । চিঠিখনৰ দ্বাৰাই মণিৰাম দেৱানে বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰাত তেওঁক তেতিয়াই কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি 1858১৮৫৮ চনৰ 26২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচী দিয়ে ।
মণিৰাম দেৱানে ফাৰ্চী-বঙালী মিশ্ৰিত অসমীয়া ভাষাত “বুৰঞ্জী বিবেক ৰত্ন” নামৰ এখন পুথি ৰচনা কৰিছিল । কলিকতাৰ “সমাচাৰ দৰ্পণ”ত প্ৰৱন্ধ পাতি লিখিছিল । সাধাৰণ মানুহে কলিতা-ৰজা নাম দিছিল ।