মণিৰাম দেৱান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
মণিৰাম দেৱান উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল । ১৮০৬ চনত শিৱসাগৰ জিলাৰ চাৰিংত মুক্তিয়াৰ ৰামদত্তৰ ঔৰসত আৰু কৌশল্যাৰ গৰ্ভত জন্মলাভ কৰে । ১৮২৮ চনত উজনি অসমৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে ইংৰাজৰ অধীনত মণিৰামক ৰেভিনিউ চিৰস্তাদাৰ আৰু তছিলদাৰ বাব দিয়ে । ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে বৃটিছৰ কৰতলীয়া ৰজা পুৰন্দৰ সিংহৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল । পুৰন্দৰ সিংহই ৰাজ্য হেৰুৱাৰ পাছত মাহে ৫০ টকাৰ বেতনত এতিয়াৰ (২০১২চন)শিৱসাগৰ জিলাৰ চেৰেকাপাৰ , কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হয় । ১৮৩৯ চনত মৌজাদাৰৰ কাম ইস্তফা দি বৃটিছৰ “আচাম টি কোম্পানী”ত দেৱান পদ গ্ৰহণ কৰে । ১৮৪৫ চনত কোম্পানীৰ চাকৰি এৰি নিজাকৈ এতিয়াৰ(২০১২চন) যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে ।
[[Image:মণিৰাম.jpg|thumb|right|200px|মণিৰাম দেৱান]]
 
 
১৮৫২ চনত পুৰন্দৰ সিংহৰ পুতেক [[ চাৰিংৰজা ]] কামেশ্বৰ সিংহৰ মৃত্যু হোৱাত তেখেতৰ নাবালক পুত্ৰ কন্দপেৰ্শ্বৰ সিংহ চাৰিংৰজা হয় । নাবালক ৰজাৰ হৈ মণিৰামে সেই সময়ত চাৰিংৰাজ্য পৰিচালনা কৰিছিল । ১৮৫৭চনৰ শেহৰফালে মণিৰাম দেৱানে চাৰিংৰজা কন্দৰ্পেশ্বৰ সিংহক সমগ্ৰ উজনি অসমৰ ৰজা পাতিবলৈ বৃটিছক অনুৰোধ কৰা ঊদ্দশ্যে তেতিয়াৰ বৃটিছ-ভাৰতৰ ৰাজধানী কলিকতালৈ যায় । সেই সময়তে ভাৰতত চলি থকা [[ চিপাহী বিদ্ৰোহৰ ]] কথা জানিব পাৰি বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিবলৈ সাজু হবৰ বাবে কলিকতাৰ পৰাই কন্দপেৰ্শ্বৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰে । সেই পত্ৰখন বৃটিছৰ আৰক্ষী বিষয়া [[ হৰনাথ দাৰোগা ]] হাতত পৰে । হৰনাথে সেইখন শিৱসাগৰ জিলাৰ জিলাধিপতি হলউদক দিয়ে । চিঠিখনৰ দ্বাৰাই মণিৰাম দেৱানে বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰাত তেওঁক তেতিয়াই কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচী দিয়ে ।