মণিৰাম দেৱান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অলপ সজ্জা
অলপ সজ্জা
4 নং শাৰী:
 
==কৰ্মজীৱন==
১৮২৮ চনত [[উজনি অসম]]ৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে ইংৰাজৰ অধীনত মণিৰামক ৰেভিনিউ চিৰস্তাদাৰ আৰু তহছিলদাৰ বাব দিয়ে। ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে বৃটিছৰ কৰতলীয়া ৰজা [[পুৰন্দৰ সিংহ]]ৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল। পুৰন্দৰ সিংহই ৰাজ্য হেৰুৱাৰ পাছত মাহে ৫০ টকাৰ বেতনত এতিয়াৰ (২০১২চন) শিৱসাগৰ জিলাৰ চেৰেকাপাৰ, কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হয়। ১৮৩৯ চনত মৌজাদাৰৰ কাম ইস্তফা দি বৃটিছৰ [[আচাম টি কোম্পানী]]ত দেৱান পদ গ্ৰহণ কৰে। ১৮৪৫ চনত কোম্পানীৰ চাকৰি এৰি এতিয়াৰ (২০১২চন) যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে।
 
১৮৫২ চনত পুৰন্দৰ সিংহৰ পুতেক চাৰিংৰজা [[কামেশ্বৰ সিংহ]]ৰ মৃত্যু হোৱাত তেখেতৰ নাবালক পুত্ৰ [[কন্দৰ্পেশ্বৰ সিংহ]] চাৰিংৰজা হয়। নাবালক ৰজাৰ হৈ মণিৰামে সেই সময়ত চাৰিংৰাজ্য পৰিচালনা কৰিছিল। ১৮৫৭চনৰ শেহৰফালে মণিৰাম দেৱানে চাৰিংৰজা কন্দৰ্পেশ্বৰ সিংহক সমগ্ৰ উজনি অসমৰ ৰজা পাতিবলৈ বৃটিছক অনুৰোধ কৰাৰ ঊদ্দশ্যে তেতিয়াৰ বৃটিছ-ভাৰতৰ ৰাজধানী কলিকতালৈ যায়। সেই সময়তে ভাৰতত চলি থকা [[ চিপাহী বিদ্ৰোহৰ ]] কথা জানিব পাৰি বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিবলৈ সাজু হবৰ বাবে [[কলিকতা]]ৰ পৰাই কন্দপেৰ্শ্বৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰে। সেই পত্ৰখন বৃটিছৰ আৰক্ষী বিষয়া [[ হৰনাথ দাৰোগা]]ৰ হাতত পৰে। হৰনাথে সেইখন শিৱসাগৰ জিলাৰ জিলাধিপতি হলউদক দিয়ে। চিঠিখনৰ দ্বাৰাই মণিৰাম দেৱানে বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰাত তেওঁক তেতিয়াই কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচী দিয়ে।
 
==সাহিত্যিক কৰ্মৰাজী==
মণিৰাম দেৱানে ফাৰ্চী-বঙালীবাংলা মিশ্ৰিত [[অসমীয়া ভাষা]]ত "বুৰঞ্জী বিবেক ৰত্ন" নামৰ এখন পুথি ৰচনা কৰিছিল। কলিকতাৰ “সমাচাৰ দৰ্পণ”ত প্ৰৱন্ধ পাতি লিখিছিল। সাধাৰণ মানুহে তেখেতক "কলিতা-ৰজা" নাম দিছিল ।দিছিল।
 
==মৃত্যু==
22 নং শাৰী:
* ইতিহাসে সোঁৱৰা ছশটা বছৰ - লেখক: সৰ্বানন্দ ৰাজকুমাৰ।
* অসমীয়া জীৱনী অভিধান - লেখক: শিৱনাথ বৰ্মন।
 
{{অসমৰ প্ৰসিদ্ধ ব্যক্তি}}
 
[[শ্ৰেণী:অসমৰ প্ৰসিদ্ধ ব্যক্তি]]
[[শ্ৰেণী:অসমীয়া প্ৰবন্ধকাৰ]]