মহো-হো উৎসৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
3 নং শাৰী:
নামনি অসমৰ '''"মহোহো"''' কোনো ধৰ্ম বিশ্বাসৰ লগত সম্বন্ধ নথকা এটা উৎসৱ । নামনি অসমৰ বিশেষকৈ [[কামৰূপ]], [[গোৱালপাৰা]], [[নলবাৰী]], [[বৰপেটা]], [[দৰং]] জিলাত ইয়াৰ প্ৰচলন দেখা যায়। মহোহো ঠাই বিশেষে মহখুন্দা বা গোৱালপাৰা জিলাৰ কিছু অংশত এউৰি/ওৰি মাগা বুলিও জনাজাত ।
 
==লোকবিশ্বাস==
আঘোন মাহৰ পূৰ্ণিমাৰ ৰাতি গাৱঁৰ ডেকা সবে ঘৰে ঘৰে হাতত টাঙোন লৈ মহোহো গীত গাই ফুৰাটোৱে ইয়াৰ মূল আকৰ্ষণ। মহোহো মাগিব (খুজিব/গাব) যোৱা গাৱঁৰ দলটিত এজন দলপতি থাকে । তেওঁ মহোহো গীতৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু লগে লগে বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰী গীত সমবেত হৈ গায় । শেষত গৄহস্থক আশীৰ্বাদ দি সামৰ্থ অনুযায়ী দিয়া চাউল/টকা লৈ দ্বিতীয় গৃহস্থলৈ যোৱাটো এটা পৰম্পৰা । লোকবিশ্বাস মতে এনেদৰে মহোহো গীত গাই গৃহস্থৰ ঘৰত [[মহ]] নিৰ্মুল কৰা হয় ।
আঘোন মাহ [[অসম]]ৰ খেতিয়কসকলৰ বাবে এটা অতি গুৰুত্বপূর্ণ মাহ । এই সময়তে পথাৰত ধানে পক ধৰে । গতিকে আঘোণ মাহৰ পূর্ণিমাৰ ৰাতি এই উৎসৱ পালন কৰা হয় যাতে ঘৰৰপৰা [[মহ]] আৰু খেতি পথাৰৰ পৰা পোক-পতংগ নাইকিয়া হয় । তাৰ লগতে তেওঁলোকে গৃহস্থক তেওঁলোকৰ খেতি নদন-বদন হ'বলৈ আশীর্বাদ দিয়ে ।
 
==প্রধান আকর্ষণ==
আঘোন মাহৰ পূৰ্ণিমাৰ ৰাতি গাৱঁৰ ডেকা সবে ঘৰে ঘৰে হাতত টাঙোন লৈ মহোহো গীত গাই ফুৰাটোৱে ইয়াৰ মূল আকৰ্ষণ। মহোহো মাগিব (খুজিব/গাব) যোৱা গাৱঁৰ দলটিত এজন দলপতি থাকে । তেওঁ মহোহো গীতৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু লগে লগে বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰী গীত সমবেত হৈ গায় । শেষত গৄহস্থক আশীৰ্বাদ দি সামৰ্থ অনুযায়ী দিয়া চাউল/টকা লৈ দ্বিতীয় গৃহস্থলৈ যোৱাটো এটা পৰম্পৰা । লোকবিশ্বাস মতে এনেদৰে মহোহো গীত গাই গৃহস্থৰ ঘৰত [[মহ]] নিৰ্মুল কৰা হয় ।
 
==কেইটিমান প্ৰচলিত মহোহো গীত==
Line 16 ⟶ 20:
 
ওজা মাতো বৰেৰ পুৱা ৷৷(মঙলদৈ অঞ্চলত প্ৰচলিত)
 
 
 
Line 25 ⟶ 30:
 
চকুটিপা নাচাৰে৷৷ (গোৱালপাৰা অঞ্চলত প্ৰচলিত)
 
 
 
Line 36 ⟶ 42:
 
অ’ দাদা, চানাক লেগি নক্ৰিবা আশা৷৷(নলবাৰী অঞ্চলত প্ৰচলিত) <ref> অসমীয়া লোক-গীত সংগ্ৰহ, যোগেশচন্দ্ৰ তামুলী, অসম সাহিত্য সভা, ১৯৬০ </ref>
 
 
 
Line 59 ⟶ 66:
 
অ’ হৰি অ’ ৰাম ( গৄহস্থৰ কুশলাৰ্থে) (নলবাৰী অঞ্চলত প্ৰচলিত)
 
 
 
অ’হোহো মহোহো
 
মহ খেদ্‌বা যাউং যো ।।
 
মহে বুলে মল্লু দে
 
তেপৰ মূৰা খালু দে ।।
 
তেপৰত নহল লোণ
 
চাউল লাগে দোণ দোণ ।।
 
সেই চাউলেদি নভ্‌ৰিল ডুনি
 
আইথেৰ ঘৰ লৰিচৰি ।।
 
আইথেৰ ঘৰত পকা জামুক
 
জাপ দি আহে আমাৰ ভালুক ।।
 
বাহৰ পাত চিকিমিকি
 
আমাক লাগে বগা সিকি ।। ([[বজালী]] অঞ্চলত প্রচলিত)
 
 
==তথ্যসূত্ৰ==