"কৈহাটী"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

29 বাইট বিলোপ কৰা হ’ল ,  10 বছৰৰ পূৰ্বে
No edit summary
 
==হৰিদেৱৰ সত্ৰ==
কৈহাটী [[শ্ৰী শ্ৰী হৰিদেৱ|শ্ৰী শ্ৰী হৰিদেৱে]] স্থাপন কৰা এখন [[সত্ৰ]]। পিছলৈ কোনো ৰজাই এই সত্ৰৰ নামত গাওঁৰ মাটিখিনি দান কৰিছিল। গাওঁৰ বেছিখিনিবেছিভাগ মানুহেই [[ব্ৰাহ্মণ]] (গোস্বামী)।
 
প্ৰবাদ মতে এই গোস্বামী উপাধিৰ লোকসকলে (বেছিভাগেই) শ্ৰী শ্ৰী হৰিদেৱৰ বাণীসমূহ স্থানীয় লোকৰ লগতে আন দূৰ দূৰণিৰ লোকৰ মাজতো প্ৰচাৰ কৰিছিল। কেইজনমান লোকে কেইটামান কেইটামান নিৰ্দ্দিষ্ট পৰিয়ালৰ ঘৰে ঘৰে গৈ তেওঁলোকক [[ধৰ্ম]] জ্ঞান দিছিল। সেই পৰিয়ালকেইটাই সেই ব্যক্তিজনক গুৰুসদৃশ জ্ঞান কৰিছিল। সেইবাবেই বোধহয় এই প্ৰথাটোক স্থানীয় লোকসকলে ''শিষ্য শৰণ কৰোৱা'' বুলিও কয়। এই প্ৰথা বৰ্তমানো সম্পূৰ্ণৰূপে নাইকিয়া হোৱা নাই । ইয়াৰ বিনিময়ত সেই পৰিয়ালবোৰৰ পৰা দক্ষিণা হিচাবে কিছু ধন বা খেতি-বাতিত উৎপন্ন হোৱা ধান, শাক-পাচলি ইত্যাদি লাভ কৰিছিল আৰু ইয়াৰ দ্বাৰাই তেওঁলোকে জীবিকা নিৰ্বাহ কৰিছিল।
 
গাওঁখনৰ গোস্বামীসকলক বাদ দি আন লোকসকৰ জীবিকা নিৰ্বাহৰ আহিলা হ’ল [[কৃষি]] বা [[সত্ৰ]]ৰ আন আন আনুসংগিক কামবোৰ।
 
ইয়াত হৰিদেৱৰ তিথি তিনিদিনীয়াকৈ আৰু অতি ধুমধামেৰে পালন কৰা হয়। তিথিৰ আগদিনাখনক স্থানীয় ভাষাত ''গন্ধ'' বোলে। সেইদিনাখন স্থানীয় গোঁসাইঘৰত গাওঁবাসীয়ে চাকি-বন্তি জ্বলাই সকলোৰে মংগল কামনা কৰে। প্ৰতিজন লোকৰ নামতে এগছিকৈ চাকি জ্বলোৱাটো এটা নিয়ম। তিথিৰ আনুসংগিক আন আন অনুষ্ঠানো থাকে। ইয়াৰ ভিতৰত প্ৰধান হ’ল কৈহাটীৰ ঢুলীয়াৰ বিভিন্ন অনুষ্ঠান প্ৰদৰ্শন।
 
 
==কৈহাটীৰ ঢুলীয়া ==
7

টা সম্পাদনা