উৎপাদন (অৰ্থনীতি): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
 
 
অৰ্থবিজ্ঞানত উপযোগিতা সৃষ্টি কৰাকে উৎপাদন বোলে। সাধাৰণতে উৎপাদন বুলিলে কোনো বস্তু তৈয়াৰ কৰা বুজায়। কিন্তু মানুহে কোনো পদাৰ্থ নিজে তৈয়াৰ বা সৃষ্টি কৰিব নোৱাৰে।প্ৰকৃতি প্ৰদত্ত্ব সকলো বস্তুৱেই মানুহে নিজৰ বুদ্ধি,শ্ৰম আৰু কৌশল প্ৰয়োগ কৰি নিজৰ উপযোগী কৰি লয়। অৰ্থাৎ মানুহে প্ৰকৃতিয়ে দিয়া বস্তু সমুহ নিজৰ শ্ৰম , বুদ্ধি আৰু কৌশল খটুৱাই উপযোগীতা বৃদ্ধি কৰি লয়। ইয়াকে অৰ্থবিজ্ঞানত "উৎপাদন" বোলে। মানুহে কোনো বস্তু কৰিব বা ধংশও কৰিব নোৱাৰে, মাত্ৰ উপযোগিতাৰ সৃষ্টি কৰিব পাৰে।<ref>প্ৰাথমিক অৰ্থ-বিজ্ঞান/সত্য নাথ দাস</ref>
 
==উদাহৰণ==
9 নং শাৰী:
উৎপাদন কাৰ্য সম্পাদন কৰিবৰ বাবে কিছুমান উপাদান বা সম্পদৰ প্ৰয়োজন হয়।এই আহিলা সমুহক অধ্যয়নৰ সুবিধাৰ বাবে চাৰিটা ভাগত ভগোৱা হয়।সেই সমুহ হ'ল :-
:১)ভূমি(Land) :-প্ৰকৃতিৰ পৰা পোৱা সকলো ধৰণৰ সম্পদকে অৰ্থবিজ্ঞানত 'ভুমি' বুলি কোৱা হয়।<ref>"উচ্চতৰ মাধ্যমিক অৰ্থতত্ত্ব আৰু ভাৰতীয় অৰ্থনীতি" ড০ হেম বৰুৱা আৰু অৰ্চনা শৰ্ম্মা/সম্পাদনা: ড০ বিমান কৰ।</ref>
:২)শ্ৰম(Labour):-উৎপাদন কাৰ্য্যত খটোৱা সকলো ধৰণৰ প্ৰচেষ্টাকে অৰ্থবিজ্ঞানত 'শ্ৰম' বোলে।<ref>"উচ্চতৰ মাধ্যমিক অৰ্থতত্ত্ব আৰু ভাৰতীয় অৰ্থনীতি" ড০ হেম বৰুৱা আৰু অৰ্চনা শৰ্ম্মা/সম্পাদনা: ড০ বিমান কৰ।</ref>
:৩)মুলধন(Capital):মুলধন হল ভূমিৰ ওপৰত শ্ৰম খটুৱাই উৎপাদন কৰা যি বিলাক বস্তু আকৌ উৎপাদন কাৰ্য্যত খটুৱা হয়,সেই বোৰকে অৰ্থবিজ্ঞানত মুলধন বোলা হয়।<ref>"উচ্চতৰ মাধ্যমিক অৰ্থতত্ত্ব আৰু ভাৰতীয় অৰ্থনীতি" ড০ হেম বৰুৱা আৰু অৰ্চনা শৰ্ম্মা/সম্পাদনা: ড০ বিমান কৰ।</ref>
:৪)সংগঠন(Organisation):সংগঠন বুলিলে কিছুমান বিশেষজ্ঞ বা বিশেষ পাৰদৰ্শিতা থকা লোকক বুজায় যেয়ে ভূমি, শ্ৰম,আৰু মুলধন একেলগ কৰি উৎপাদন কাৰ্য্য সম্ভৱ কৰি তোলে আৰু উৎপাদনৰ ক্ষেত্ৰত সম্ভাব্য ক্ষতিৰ দায়িত্ত্ব গ্ৰহণ কৰে।<ref>"উচ্চতৰ মাধ্যমিক অৰ্থতত্ত্ব আৰু ভাৰতীয় অৰ্থনীতি" ড০ হেম বৰুৱা আৰু অৰ্চনা শৰ্ম্মা/সম্পাদনা: ড০ বিমান কৰ।</ref>
 
===তথ্য সূত্ৰ===
<references/>