ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

72 নং শাৰী:
# প্ৰবন্ধ লিখোঁতাসকলে ইতিপূৰ্বে থকা যিকোনো ছবি ব্যৱহাৰ কৰিব পাৰিব। প্ৰয়োজন বোধে নিজে তোলা ছবি বা অঁকা ৰেখা-চিত্ৰ আদি আপলোড কৰি ব্যৱহাৰ কৰিব পাৰিব। নিজে তুলি দিয়া তেনে ছবি ছবি প্ৰতিযোগিতাৰ বাবেও মান্য হ'ব। অইন উৎসৰপৰা অনা ছবি যেনে বাতৰি-কাকত, আলোচনী আদিৰপৰা কটা ছবি ব্যৱহাৰ কৰিব নোৱাৰিব।
# ৩১-মে' ২০১২ তাৰিখৰ পাছত আৰু বিচাৰকে চাই নিজৰ মন্তব্য নিদিয়া পৰ্যন্ত প্ৰবন্ধটো সম্পাদনা কৰিব নোৱাৰিব। অৱশ্যে তাৰ পাছত প্ৰবন্ধটো ৱিকিপিডিয়াৰ অইন প্ৰবন্ধৰ দৰে একেই বুলি বিবেচিত হ'ব আৰু সম্পাদনা আদি আন প্ৰবন্ধৰ দৰেই চলি থাকিব।
# প্ৰতিযোগিতাৰ বাবে লিখা একোটা প্ৰবন্ধত শব্দৰ সংখ্যা ৫০০-২০০০ ভিতৰত হ'ব লাগিব৷
# সকলো প্ৰবন্ধ ৱিকিপিডিয়াৰ নিয়ম অনুসৰি Creative Commons Attribution-Share Alike অনুজ্ঞাপত্ৰৰ অধীন হ'ব আৰু প্ৰতিযোগিতাৰ পাছতো ৱিকিপিডিয়াত জমা কৰি ৰখা হ'ব।
# প্ৰবন্ধ এটা সম্পূৰ্ণ ৰূপে বা একোটা অংশ অইন উৎসৰপৰা নকল কৰা বা মুকলি অনুবাদ কৰা বুলি প্ৰমাণিত হ'লে প্ৰবন্ধটো প্ৰতিযোগিতাৰপৰা বাহিৰ কৰাৰ উপৰিও ৱিকিপিডিয়াৰপৰা গুচাই দিয়া হ'ব।