বাখৰ বেঙেনা গছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: বাখৰ বেঙেনা গছ বুলি বিখ্যাত এই গছজোপা শিৱসাগৰৰ নগৰৰ পৰা ৩০ ক...
(কোনো পাৰ্থক্য নাই)

17:57, 2 May 2012ৰ সংস্কৰণ


বাখৰ বেঙেনা গছ বুলি বিখ্যাত এই গছজোপা শিৱসাগৰৰ নগৰৰ পৰা ৩০ কিঃমিঃ দূৰৈৰ বকতা মৌজাৰ জৱলাটিং আৰু চুহুং মুহুং গাৱঁৰ মধ্যস্থলত অৱস্থিত | বৈজ্ঞানিক নাম ৰেণ্ডিয়া ইউলিজিনছা Rendia Ulizinsa | প্ৰধানতঃ বুৰঞ্জীমূলক আৰু এতিয়ালৈকে দ্বিতীয় এজোপা একেপ্ৰজাতিৰ গছ বিচাৰি নোপোৱাৰ বাবে বিখ্যাত এই বাখৰ বেঙেনা গছ | গছজোপাৰ কাষতে গছজোপাৰ নামেৰে নামাঙ্কিত হোৱা বাখৰ বেঙেনা হাইস্কুল, প্ৰাইমাৰী স্কুল আৰু ডাকঘৰ | কাষেদি বৰ্ত্তমান গোঁহাই গাঁও, বাখৰ বেঙেনা গড়কাপ্টানী আলি আৰু ধনেখনা জান বৈ গৈছে | ঠাইটুকুৰা বৰ্তমান বুৰঞ্জীপ্ৰসিদ্ধ অঞ্চল হিচাপে প্ৰখ্যাত হৈছে কেৱল এই গছজোপাৰ বাবেই |


বিৱৰণ

চৰকাৰী অনুদানেৰে সংৰক্ষিত গছজোপা ধনেখনা জানৰ পাৰত অৱস্থিত | গা গছ প্ৰায় ৩০ ফুট ওখ | একেটা গুৰিৰ পৰা প্ৰায় ২-৩ ফুট বেৰৰ সাতডাল গা-গছ মূল এডালৰ পৰা ফেৰেঙনি মেলি বিস্তাৰিত হৈছে | ওচৰতে আৰু এজোপা এডলীয়া গছ আছে | অনুমান কৰিব পাৰি সেইজোপাও মুল গছৰে অংশ | গছৰ ডালবোৰ লিকটা |পাতবোৰ বছৰৰ মুৰত সৰি পৰে অন্য গছৰ দৰেই | ফুলবোৰ গুলচি ফুলৰ দৰে | গুটিবোৰ মধুৰী আমৰ নিচিনা বেঙেনা আকাৰৰ | বছৰত জেঠ আহাৰত গুটি লাগে |গুটি পকিলে আঁতৰৰ পৰা সেউজীয়া পাতৰ মাজত বাখৰৰ দৰে জিলিকি থাকে | সেই বাবেই গছজোপাৰ নাম বাখৰ বেঙেনা হ’ল |

ইতিহাস

বাখৰ বেঙেনা গছজোপাৰ বিষয়ে স্থানীয় বয়োবৄদ্ধ লোকে বহুত মন্তব্য দিয়ে |

একাংশৰ মতে গচজোপা ৰুই বৰাহী ৰজা মহামাণিক্যই ৰাজ্যৰ সীমা নিৰৄপন কৰাৰ কথা উল্লেখ কৰে | একাংশৰ মতে আহোমৰ চুহুংমুং ৰজাৰ দিনত কোনোবা এজন বিষয়াই অচিন পুলিটি সযত্নে ৰাখে |গছৰ কাষৰ পৰা ভোমোৰা আলি নামৰ এটা আলি যোৱাৰ চিন আছে |স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনতে বানফেৰা বা বানফ্ৰাই বংশৰ চিকন সৰিয়হৰ দেউতাক নাওবৈচা ফুকনৰ বসতি বাহৰ আৰু ৰজাঘৰৰ তৰফে দিয়া মাটিৰ সীমা এই গছৰ কাষলৈকে আছিল | একাংশৰ মতে চুটীয়া ৰজাই ৰাজ্যৰ সীমা দি এই গছজোপা ৰোপণ কৰি প্ৰতিজ্ঞা কৰিছিল "চুতীয়া ৰাজ্য থাকে মানে এই গছজোপা থাকিব " | শেষৰ মতামতৰ ওপৰতেই বুৰঞ্জীবিদ ও সৰহসংখ্যকে সহমত দিয়ে |