উৎপাদন (অৰ্থনীতি): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

34 নং শাৰী:
===মূলধন===
[[মূলধন (অৰ্থনীতি)|মুলধন]] (Capital) হ’ল ভূমিৰ ওপৰত শ্ৰম খটুৱাই উৎপাদন কৰা যি বিলাক বস্তু আকৌ উৎপাদন কাৰ্য্যত খটুৱা হয়,সেই বোৰকে অৰ্থবিজ্ঞানত মুলধন বোলা হয়।
====মূলধনৰ বৈশিষ্ট্য====
:১)<big>মূলধন উৎপাদনক্ষম:</big>মূলধনৰ উৎপাদন ক্ষমতা আছে।অৰ্থাৎ মূলধনৰ সহায়ত শ্ৰমিকে অধিক উৎপাদন কৰিব পাৰে।এই বৈশিষ্ট্যৰ বাবেই উৎপাদনকাৰীৰ বাবে মূলধনৰ চাহিদা বেছি আৰু মূলধনৰ ব্যৱহাৰৰ বাবে সূদ প্ৰদান কৰা হয়।
:২)<big>মূলধন সঞ্চয়ৰ ফল:</big>মানুহে অৰ্জন কৰা আয়ৰ সম্পুৰ্ণকৈ ভোগ নকৰি সাঁচি থোৱাৰ ফলতে মূলধন সৃষ্টি হয়।সেই বাবেই মূলধনক সঞ্চয়ৰ ফল বা অপেক্ষাৰ ফল বুলি কোৱা হয়।
:৩)<big>মূলধন দীৰ্ঘস্থায়ী কিন্তু চিৰস্থায়ী নহয়:</big>ভোগ্য দ্ৰব্যতকৈ মূলধন দীৰ্ঘস্থায়ী।সেইবাবে এবিধ মূলধন বহুদিনলৈ ব্যৱহাৰ কৰিব পাৰি।কিন্তু মূলধন চিৰস্থায়ী নহয়।বহুদিন ব্যৱহাৰৰ পাছত সকলো মূলধনেই এদিন নাশ হয়।মাজে মাজে মূলধনৰ আ্য়ুস বৃদ্ধিৰ বাবে মূলধন মেৰামতি কৰিব লগা হয়।ইয়াৰ বাবে ব্যয় কৰিব লগা হয়।
:৪)<big>মূলধনৰ যোগান স্থিতিস্থাপক:</big> যিহেতু মূলধন মানুহে সৃষ্টি কৰে, চেয়ে প্ৰয়োজনৰ সময়ত মূলধন বৃদ্ধি কৰিব পৰা যায়।মুলধন সাঁচি থব পাৰি বাবেই মূলধনৰ দাম হ্ৰাস পালে, মূলধনৰ যোগান হ্ৰাস কৰিব পাৰে।
:৫)<big>মূলধন গতিশীল:</big> শ্ৰমৰ দৰে মূলধনো গতিশীল।উৎপাদনৰ আটাইকেইটা উপাদানৰ ভিতৰত মূলধনেই আটাইতকৈ বেছি গতিশীল।
 
===সংগঠন===