উৎপাদন (অৰ্থনীতি): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

24 নং শাৰী:
:১)শ্ৰমক শ্ৰমিকৰ পৰা পৃথক কৰিব নোৱাৰি। ভূমি বা মুলধনক যেনেকৈ গৰাকীৰ পৰা আহিলাটোক বিচ্ছিন্ন কৰিব পাৰি তেনেকৈ শ্ৰমক শ্ৰমিকৰ পৰা আঁতৰাই আনিব নোৱাৰি। শ্ৰমিকে তেওঁৰ শ্ৰমহে বিক্ৰী কৰে, কিন্তু তেঁও নিজেই নিজৰ শ্ৰমৰ মালিক।
:২)শ্ৰম ক্ষণস্থায়ী। এজন শ্ৰমিক নিবনুৱা হৈ থকা মানে তেওঁৰ শ্ৰম শক্তি আৰু সময়ৰ অপচয়। সেই ক্ষতি অপুৰণীয়। নিবনুৱা হৈ থকাৰ অৰ্থ হ'ল শ্ৰমিকৰ শ্ৰম নষ্ট হোৱা।
:৩)ভূমি আৰু [[মূলধন (অৰ্থনীতি)|মুলধন]]ৰ দৰে শ্ৰম সাঁচি থ'ব নোৱাৰি।যিহেতু বয়স বঢ়াৰ লগে লগে মানুহৰ আয়ুস হ্ৰাস হৈ আহে।সাঁচি থ'লে শ্ৰমিকৰ জীৱনৰ পৰা শ্ৰম হেৰাই যায়। ভূমি আৰু মূলধন সাঁচি থলে উপযোগিতা বৃদ্ধি হয়, আনহাতে শ্ৰম সাঁচি থলে মূল্য কমিহে যায়।
:৪)শ্ৰম সাঁচি থব নোৱাৰি বাবেই শ্ৰমিকৰ দৰ-দাম কৰাৰ ক্ষমতা তেনেই কম।শ্ৰম সাঁচি থব নোৱাৰা কাৰণেই শ্ৰমিকে কম মজুৰিত কাম কৰিবলৈ বাধ্য হয়।উৎপাদন প্ৰতিস্থানৰ মালিক বা পুঁজিপতি সকলে শ্ৰমিকক কম মজুৰিত খটুৱাই অধিক মুনাফা লাভৰ চেষ্টা কৰে।
:৫)শ্ৰমৰ দাম পৰিবৰ্তনে ইয়াৰ যোগানৰ ওপৰত বিপৰীত প্ৰতিক্ৰিয়া সৃষ্টি কৰে।যোগানৰ নিয়ম অনুসৰি যিকোনো সামগ্ৰীৰ দাম বৃদ্ধি হলে যোগান বৃদ্ধি হয়।কিন্তু শ্ৰমিকৰ দাম অৰ্থাৎ মজুৰি বৃদ্ধি হলে, শ্ৰমিকৰ যোগান হ্ৰাস পায়।