অৰ্ধপৰিবাহী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
6 নং শাৰী:
==শক্তি পটী আৰু বিদ্যুৎ পৰিবহীতা==
 
ইলেক্ট্ৰনৰ শক্তি কিছুমান ‘শক্তিস্তৰ’ৰ হিচাপত থাকে। স্ফটিক পদাৰ্থবোৰত কে‌ইবাটাও শক্তি স্তৰ লগ লাগি কিছুমান শক্তিৰ পটী সৃষ্টি কৰে। স্ফটিক পদাৰ্থবোৰত ইলেক্ট্ৰনৰ শক্তি এনে্ নিৰ্দিষ্ট পটীৰ ভিতৰতহে থাকে। প্ৰতিটো শক্তি পটীত ইলেক্ট্ৰনৰ অসংখ্য বিচ্ছিন্ন কোৱান্তামকোৱাণ্টাম স্তৰ থাকে। কম শক্তিযুক্ত (নিক্লিযাচৰ[[নিক্লিয়াচ]]ৰ ওচৰৰ) সৰহ সংখ্যক স্তৰে‌ই এটা নিৰ্দিষ্ট পটীলৈকে ইলেক্ট্ৰনৰ দ্বাৰা পূৰ্ণ হৈ থাকে। এ‌ই নিৰ্দিষ্ট পটীটোক যোজ্যতা পটী বোলা হয়। যোজ্যতা পটীৰ ওপৰৰ পটীটোক পৰিবহন পটী বোলা হয়। পৰিবহন পটীত থকা ইলেক্ট্ৰনবোৰ নিউক্লিয়াচৰ প্ৰভাৱৰ পৰা মুক্ত হয় আৰু ইহঁতে বিদ্যুৎ পৰিৱহনত ভাগ লয়। যোজ্যতা পাটী আৰু পৰিৱহন পটীৰ মাজৰ শক্তিৰ ফাঁকটোক নিষিদ্ধ পটী বোলা হয়।
 
শক্তি পটীৰ ওপৰত ভিত্তি কৰি আমি পৰিবাহী, অৰ্ধ পৰিবাহী[[অৰ্ধপৰিবাহী]] আৰু অপৰিবাহী পদাৰ্থৰ ধাৰণা ল’ব পাৰোঁ। পৰিবাহীত নিষিদ্ধ পটী নাথাকে আৰু পৰিবহণ পটী আৰু যোজ্যতা পটীৰ কিছু অংশ ওপৰা-উপৰিকৈ থাকে। পৰিবহন পটীত থকা ইলেক্ট্ৰনৰ সংখ্যা অতি বেছি হয়। সেয়েহে পৰিবাহী পদাৰ্থবোৰৰ বিদ্যুৎ পৰিবাহীতা বেছি হয়। অপৰিবাহীৰ ক্ষেত্ৰত নিষিদ্ধ পটী যথেষ্ট ডাঙৰ (প্ৰায় ৬ ইলেক্ট্ৰন ভল্ট) হয় আৰু পৰিবহন পটীত ইলেক্ট্ৰন নাথাকে। যোজ্যতা পটী ইলেক্ট্ৰণৰ দ্বাৰা পূৰ্ণ হৈ থাকে। সেয়েহে অপৰিবাহীৰ বিদ্যুৎ পৰিবাহীতা অতি কম হয়। আনহাতে অৰ্দ্ধপৰিবাহীৰ ক্ষেত্ৰত নিষিদ্ধ পটী খুব সৰু (0.২ৰ পৰা ২.৫ ইলেক্ট্ৰন ভল্ট) হয়। সেয়েহে সাধাৰণঅৰ্ধপৰিবাহীৰ উষ্ণতাতবিদ্যুৎ পৰিবহীতা পৰিবাহীতকৈ কম হয় আৰু অপৰিবাহীতকৈ বেছি হয়।

[[পৰম শূণ্য উষ্ণতা]]ত অৰ্ধপৰিবাহীৰ পৰিবহনপৰিবহণ পটীত খুবকোনো কমইলেক্ট্ৰন পৰিমানেনাথকে ইলেক্ট্ৰণআৰু যোজ্যতা পটী পূৰ্ণ হৈ থাকে। সেয়েহে পৰম শূণ্য উষ্ণতাত অৰ্ধপৰিবাহীবোৰে অপৰিবাহীৰ দৰে আচৰণ কৰে। কিন্তু উষ্ণতা বঢ়াৰ লগে লগে নিষিদ্ধ পটী সৰু হৈ আহে আৰু যোজ্যতা পটীৰ কিছুমান ইলেক্ট্ৰনে প্ৰযোজনীয় শক্তি শক্তিআহৰণ কৰি পৰিবহণ পটীলৈ যায়, ফলত উষ্ণতা বঢ়াৰ লগে লগে অৰ্ধপৰিবাহীৰ পৰিবাহীতা বৃদ্ধি পায়। যোজ্যতা পটীৰ পৰা ইলেক্ট্ৰন পৰিবহণ পটীলৈ গতি কৰাৰ ফলত যোজ্যতা পটীত কিছুমান শূণ্য ঠাইৰ সৃষ্টি হয়। এ‌ইবোৰক 'হ’ল' বোলা হয়।
 
[[শ্ৰেণী:পদাৰ্থ বিজ্ঞান‎]]