শব্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
16 নং শাৰী:
কোনো নিৰ্দিষ্ট ইন্দ্ৰিয়ৰ কাৰণে শব্দৰ অনুভূতি, শব্দ তৰংগৰ কম্পনাংকৰ এটা নিৰ্দিষ্ট পৰিসৰৰ কাৰণে সীমাবদ্ধ হয়। মানুহৰ শ্ৰবণ ইন্দ্ৰিয়(কাণ)ৰ কৰণে সধাৰণতে এ‌ই পৰিসৰ ২০ হাৰ্জৰ পৰা ২০০০০ হাৰ্জ(২০ কিল’ হাৰ্জ) হয় যদিও এ‌ই পৰিসৰ নিৰ্দিষ্ট নহয়। বয়সৰ লগে লগে সাধাৰণতে এ‌ই পৰিসৰৰ উচ্ছ সীমা হ্ৰাস পায়। অন্যান্য প্ৰাণীবোৰৰো শ্ৰবণৰ এটা নিৰ্দিষ্ট পৰিসৰ থাকে। উদাহৰণ স্বৰূপে কুকুৰে ২০ কিল’হাৰ্জতকৈ বেছি কম্পনাংকৰ শব্দ শুনা পায় কিন্তু ৪০ হাৰ্জতকৈ কম কম্পনাংকৰ শব্দ শুনা নাপায়। বিভিন্ন প্ৰাণীয়ে শব্দক এক মূখ্য অনুভূতি হিচাপে গ্ৰহণ কৰাৰ ওপৰিও যোগাযোগ, বিপদ নিৰূপন, চিকাৰ কৰা আদি কাৰ্যতো ব্যৱহাৰ কৰে। বায়ু, পানী আৰু বিভিন্ন ভৌতিক পৰিঘটনা যেনে জুই, বতাহ, সাগৰৰ ঢৌ বা ভূমিকম্প আদিয়ে ইহঁতৰ নিজস্ব শব্দ সৃষ্টি কৰে। বিভিন্ন প্ৰাণী যেনে চৰাই, ভেকুলী আৰু বিভিন্ন সাগৰীয় আৰু স্থলচৰ স্তন্যপায়ী প্ৰাণীৰ শব্দ সৃষ্টি কৰিবৰ কাৰণে নিৰ্দিষ্ট অংগ আছে। কিছুমান প্ৰাণীয়ে এ‌ই অংগবোৰ কথা কোৱা বা গান গোৱা কাৰ্যত ব্যৱহাৰ কৰে। সৰ্বোপৰি মানুহে সৃষ্টি কৰা সংষ্কৃতি আৰু প্ৰযুক্তিবিদ্যা যেনে [[সংগীত]], [[দূৰভাষ]], [[অনাতাঁৰ]] যন্ত্ৰ আদিৰ দ্বাৰা শব্দ সৃষ্টি কৰা, বাণীবন্ধন কৰা, প্ৰেৰণ কৰা আৰু প্ৰচাৰ কৰা আদি কাৰ্য সম্ভৱপৰ হৈছে। মানুহৰ শব্দৰ অনুভূতিৰ বৈজ্ঞানিক অধ্যয়ণক চাইক’এক’ষ্টিক্‌‌চ্‌ (Psychoacoustics) বোলা হয়।
==অতিশব্দ আৰু অৱশব্দ‌==
সকলো প্ৰাণীয়ে শব্দৰ অনুভূতি নিৰ্দিষ্ট কম্পনাংকৰ পৰিসৰতহে গ্ৰহণ কৰিব পাৰে। তৰংগৰ কম্পনাংক এ‌ই পৰিসৰতকৈ কম বা বেছি হ’লে তেনে শব্দ‌ শুনা পোৱা নাযায়। মানুহৰ কাৰণে এ‌ই পৰিসৰ হৈছে ২০ হাৰ্জৰ পৰা ২০০০০ হাৰ্জ (২০ কিল’ হাৰ্জ)।. এ‌ই পৰিসৰতকৈ বেছি কম্পনাংকৰ শব্দক অতিশব্দ আৰু কম কম্পনাংকৰ শব্দক অৱশব্দ বোলা হয়। অৰ্থা‌ৎ অতিশব্দৰ কম্পনাংক ২০ কিল’ হাৰ্জতকৈ বেছি হয় আৰু অৱশব্দৰ কম্পনাংক ২০ হৰ্জতকৈ কম হয়।
[[File:Sine waves different frequencies.svg|thumb|বিভিন্ন কম্পনাংকৰ তৰংগ: ওপৰৰ পৰা তললৈ তৰংগবোৰৰ কম্পনাংক ক্ৰমে বঢ়ি আহিছে]]
 
==পদাৰ্থ বিজ্ঞানৰ দৃষ্টিত শব্দ==
"https://as.wikipedia.org/wiki/শব্দ"ৰ পৰা অনা হৈছে