ৰত্নকান্ত বৰকাকতী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Wikify}}
 
[[অসমীয়া]] সাহিত্যৰ [[নৱন্যাস যুগ]]ৰ আন এক জনপ্ৰিয় কবি [[ৰত্নকান্ত বৰকাকতী]] ৷ তেওঁক ''শেৱালী কবি'' উপনামেৰে জনা যায় ৷ নৱন্যাসিক যুগৰ আন আন কবিসকলৰ দৰে তেওঁৰ কবিতাত প্ৰেমৰ মানস প্ৰতিমাই ঢৌ তুলিছে ৷ শাৰীৰিক সুষমাৰ উৰ্দ্ধত হৃদয়ৰ গভীৰতাত সৃষ্ট অনুপম অনুভূতিৰ প্ৰেৰণা দেখা পোৱা যায় তেওঁৰ কবিতাত ৷ সৰলতা আৰু নিমজ গতিৰ ছন্দসজ্জা তেওঁৰ কবিতাৰ যোগাত্মক দিশ ৷ বৰকাকতী যদিও প্ৰেমৰ কবি তেওঁৰ কবিতাৰ মাজত ৰহস্যবাদী সুৰ এটাও ৰিণিকি ৰিণিকি ভাহি উঠা দেখা যায় ৷ কিন্তু সেই ৰহস্যবাদ কেৱল ভগৱৎ প্ৰেম আৰু আধ্যাত্মিক অনুভূতিৰে সিক্ত হৈ থকা নাই ৷ সমগ্ৰ বিশ্বৰ মাজত প্ৰতিভাত হৈ থকা অন্তহীন সৌন্দৰ্য আৰু মানুহৰ হৃদয়ত থকা অসীম প্ৰেম তেওঁৰ ৰহস্যবাদী চিন্তাধাৰাৰ উৎস ৷ তেওঁৰ কবিতাসমূহত দাৰ্শনিক চিন্তাস্ৰোতৰ ইন্ধনো সামান্য পৰিমাণে দেখিবলৈ পোৱা যায় ৷ তেওঁৰ কবিতাসমূহক নিৰ্মাণধৰ্মীতাৰে সুন্দৰকৈ সজাই-পৰাই অতুলনীয় কৰি তুলিছে ৷ বৰকাকতীৰ কবিতাৰ ছন্দৰ অন্যতম বৈশিষ্ট হৈছে শ্বাসাঘাত ৷ তেওঁৰ কোনো কোনো কবিতাত [[ৰবীন্দ্ৰনাথ]]ৰ কবিতাৰ প্ৰভাৱ দেখা যায় যদিও সি বৰকাকতীৰ কবিতাৰ স্বকীয়তাক ম্লান কৰিব পৰা নাই ৷ ''বিশ্বহৰণ, দুটি মানুহ, ক্ষুদ্ৰৰ অধিকাৰ, সাধনাৰ স্বৰ্গ, ছয়াময়া, তাজমহল'' আদি তেওঁৰ জনপ্ৰিয় কবিতা সমূহৰ অন্যতম দুটামান কবিতা ৷