মহেন্দ্ৰ মোহন চৌধুৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

tag, category
No edit summary
1 নং শাৰী:
{{unreferenced}}
'''মহেন্দ্র মোহন চৌধুৰীৰ''' জন্ম ১৯০৯ চনত [[অসম]]ৰ বর্তমান [[বৰপেটা জিলা]]ৰ অর্ন্তগত নগাঁও নামৰ গাঁৱত। এল এল বি পাচ কৰি তেওঁ [[মহাত্মা গান্ধী]]ৰ আহ্বানত ভাৰত ত্যাগ আন্দোলনৰ আগৰণুৱা হৈ পৰে। [[গোপীনাথ বৰদলৈ]]ৰ নেতৃত্বত অসমক গ্রুপিঙৰ পৰা ৰক্ষা কৰিবলৈ ১৯৪৬ চনৰ ১৫ ডিচেম্বৰত মহাত্মা গান্ধীক শ্রীৰামপুৰত লগ কৰি অসমক পুব পাকিস্থানৰ অঙ্গ নোহোৱাৰ বাবে যোৱা অসমৰ দুজনীয়া দলটোৰ এজন আছিল মহেন্দ্র মোহন চৌধুৰী।চৌধুৰী।1
 
স্বাধীনতাৰ পিচত তেও [[ভাৰতীয় জাতীয় কংগ্রেছ]]ৰ যোগদান কৰি ১৯৫৭ চনত তেও নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্ত হৈছিল। পিছত ১৯৭০ চনৰ পৰা ১৯৭২ চনলৈ অসমৰ চতুর্থজন মুখ্যমন্ত্রীৰূপে নিযুক্ত হয়। ইয়াৰ পিচত ১৯৭৩ চনৰ পৰা ১৯৭৭ চনলৈ তেখেতে [[পঞ্জাব]]ৰ ৰাজ্যপাল হিচাপে কার্যনির্বাহ কৰে।এই সময়তে তেখতে মহাপুৰুষ [[শ্রীমন্ত শঙ্কৰদেৱ]]ৰ কর্মাৰাজী আন আন ৰাজ্যলৈ বিয়পাবলৈ বহু প্রচেষ্টা হাতত লয়। পঞ্জাবৰ পাটীয়ালা বিশ্ববিদ্যালয়ৰ শঙ্কৰদেৱ আসন তাৰেই এটি উদাহৰণ।উদাহৰণ।2 অসমত উন্নত পদ্ধতিত খেতি কৰোৱা আৰু অসমীয়া ভাষাৰ স্বীকৃতি পোৱাতো তেখেতৰ অৱদান উল্লেখযোগ্য।
 
{{biography stub}}
1.Strangers of the mist:tales of war and peace from India's northeast:by Sanjoy Hazarika ISBN 0140240527 (0-14-024052-7)Penguin Group
 
2.ৰংবং তেৰাঙ-:মহেন্র মোহন চৌধুৰী জন্ম জয়ন্তী স্মৃতিচাৰণ গ্রন্থ ,প্রকাশক আইকন সাহিত্য ন্যাস
[[শ্ৰেণী:অসমৰ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি]]
[[শ্ৰেণী:অসমৰ প্ৰসিদ্ধ ব্যক্তি]]