চিগ্‌মণ্ড ফ্ৰয়েড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
Ani ttbr (আলোচনা) সম্পাদিত 79467 সংশোধনটি বাতিল কৰক
1 নং শাৰী:
 
উনৈশ শতিকাত অষ্ট্ৰিয়াই[[অষ্ট্ৰিয়া]]ই জন্ম দিয়া কেইবাজনো মহিমামণ্ডিত ব্যক্তিৰ ভিতৰত এজন হ’ল '''চিগ্‌মণ্ড ফ্ৰয়েড'''| [[মনস্তত্বক]], [[ দৰ্শন]]ৰ পৰা এটা পৃথক বিষয় হিচাবে চিহ্নিত কৰি ইয়াক গুৰুত্বপূৰ্ণ অধ্যয়নৰ বাবে প্ৰতিষ্ঠা কৰে চিগ্‌মণ্ড ফ্ৰয়েডে| ইয়াৰ আগলৈকে অধ্যয়নৰ এটা গুৰুত্বপূৰ্ণ বিষয় হিছাপে মনস্তত্বৰ বিশেষ স্থান নাছিল| কিন্তু ১৯ শতিকাৰ শেষৰ ফালে চিগ্‌মণ্ড ফ্ৰয়েডে মানুহৰ মন আৰু শৰীৰৰ মাজৰ কিছুমান সূক্ষ্ম সম্পৰ্কৰ ওপৰত চলোৱা গৱেষণাৰ অন্তত ''মনস্তত্ব'' এটা অতি গুৰুত্বপূৰ্ণ বিষয় হিছাপে প্ৰতিষ্ঠিত হয়| ইয়াৰ পিছত কুৰি শতিকাৰ আৰম্ভণিৰে পৰা বৰ্তমান কাললৈকে এই বিষয়টোৰ ওপৰত হোৱা বহুল চিন্তা-চৰ্চা আৰু গৱেষণা আদিৰ ফলস্বৰূপে আজি আমি দেখিবলৈ পাইছো বিশ্বৰ লক্ষ্য লক্ষ্য মানসিক ৰোগী আৰু মানসিকভাৱে অক্ষম লোকৰ ক্ষেত্ৰত এই বিষয়টোৰ কাৰ্য্যকাৰিতা|
==জন্ম==
চিগ্‌মণ্ড ফ্ৰয়েডৰ জন্ম হয় ১৮৫৬ চনৰ মে' মাহৰমাহত [[অষ্ট্ৰিয়া]]ৰঅষ্ট্ৰিয়াৰ এখন সৰু চহৰ ''ফ্ৰেবাৰ্গ''ত| ফ্ৰয়েডৰ দেউতাক ''জেকভ ফ্ৰয়েড'' এটা ক্ষুদ্ৰ কাপোৰৰ মিলৰ মালিক আছিল| ''চিগ্‌মণ্ড'', জেকব ফ্ৰয়েডৰ দ্বিতীয় পক্ষৰ প্ৰথম সন্তান আছিল| জেকবৰ প্ৰথমা পত্নীৰ চাৰিটা সন্তানৰ আটাইকেইটাই চিগমণ্ডতকৈ ডাঙৰ আছিল| মাহীমাকৰ পুতেক-চিগ্‌মণ্ডৰ ডাঙৰ ককায়েকজনে ইতিমধ্যে বিয়া কৰাইছিল আৰু এটি সন্তানৰ পিতৃও হৈছিল| ডাঙৰ ককায়েকৰ এই পুত্ৰ সন্তানটি চিগ্‌মণ্ডৰ শৈশৱ আৰু কৈশোৰৰ সংগী আছিল|
==শৈশৱ জীৱন আৰু শিক্ষা==
বিশ্ববৰেণ্য ব্যক্তিসকলৰ বহুতৰে জীৱনৰ চৰম সাফল্যৰ আঁৰত একোগৰাকী মাতৃ বা কাৰোবাৰ ক্ষেত্ৰত নিজ পত্নীৰ অৱদানৰ অসীম গুৰুত্ব লক্ষ্য কৰা যায়| এই ক্ষেত্ৰত - '''Behind every successful man there is a woman''' বুলি কৰা উক্তিটোউক্তিটি প্ৰণিধানযোগ্য|
 
চিগমণ্ড ফ্ৰয়েডৰ জীৱনৰ চৰম সাফল্যৰ পিছতো আছিল তেওঁৰ মাতৃ ''আমেলীয়া ফ্ৰয়েড''ৰ অপৰিসীম অৱদান| শিশু চিগমণ্ডৰ মাত ফুটিবলৈ লোৱাৰে পৰা তেওঁৰ কাৰ্য্যকলাপলৈ লক্ষ্য কৰি মাক আমেলীয়াই এই কথা বুজি পোৱাৰ লগতে গভীৰভাৱে বিশ্বাস কৰিছিল যে তেওঁৰ সন্তান চিগ্‌মণ্ড কোনো এক অসাধাৰণ কাৰ্য্য সাধনৰ বাবেই জন্ম হৈছে| সেয়ে বাল্যকালৰে পৰা চিগ্‌মণ্ডৰ সকলো ইচ্ছা পূৰ্ণ কৰি আহিছিল মাকে|
 
চিগ্‌মণ্ডে নিজে তেওঁৰ মাকৰ সম্পৰ্কে মন্তব্য কৰিছে এনেধৰণে- '''A man who has been the undisputed Favourite of his mother all his life has the feeling of a conquerer, and has such confidence of success that actual success is often induced by it.'''.
 
১৮৪০ চনত ''অষ্ট্ৰিয়া''তোঅষ্ট্ৰিয়াতো শিল্প বিপ্লৱৰ প্ৰভাৱ পৰে| ইয়াৰ ফলত সৰ্বাধিকভাৱে ক্ষতিগ্ৰস্ত হয় [[বস্ত্ৰ]] উদ্যোগসমূহ[[ উদ্যোগ]]সমূহ| কাপোৰ বোৱা অতি ক্ষুদ্ৰ মিল এটাৰ মালিক জেকব ফ্ৰয়েড এই সময়ত নতুনকৈ আৰম্ভ হোৱা ডাঙৰ মিল মালিকসকলৰ প্ৰতিযোগিতাৰ মাজত তিষ্ঠি থাকিব নোৱাৰিলে| জেকব পৰিয়াল এদিন ফ্ৰেবাৰ্গৰ পৰা স্থানান্তৰিত হ’ল [[''ভিয়েনা]]''লৈ| তেতিয়া চিগ্‌মণ্ডৰ বয়স আছিল চাৰি বছৰ|
 
ফ্ৰয়েডসকল হ’ল [[ইহুদী]] জাতিৰ লোক| সেই সময়ছোৱাত ''জ্ঞান-বিজ্ঞান''ৰবিজ্ঞানৰ প্ৰায়বোৰ ক্ষেত্ৰতে ভালে সংখ্যক ইহুদীলোকে চূড়ান্ত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা সত্বেও অষ্ট্ৰিয়ান সকলৰ মাজত তেওঁলোকৰ সমাদৰ নাছিল| আছিল ঘৃণা আৰু ইহুদীবিৰোধী ইৰ্ষাৰ ভাব| ইহুদীসকলক প্ৰকাশ্যভাবে উপহাস কৰা হৈছিল| ৰাজহুৱা স্থানত অপমানিত কৰা হৈছিল| ডেকাকালত চিগ্‌মণ্ডৰ দেউতাক জেকবে যেনেকৈ এই ইহুদী বিৰোধী ভাবৰ চিকাৰ হৈ দুখ যাতনা ভোগ কৰিবলগীয়া হৈছিল, যুবক চিগ্‌মণ্ডো বাৰে বাৰে লাঞ্ছিত হৈছিল ইহুদী হৈ জন্ম হোৱাৰ ফলত| চিগ্‌মণ্ডচিগ্‌মণ্ডক [[আৰ্য]]-[[ইউৰোপীয়]] সকলৰ এই ইহুদী বিদ্বেষ আৰু লগতে তেওঁ নিজে ভোগ কৰা লঘু লাঞ্ছনাই তেওঁৰ সংকল্পক কঠোৰ কৰি তুলিলে| ইহুদী হ’লেও-ইহুদী হৈও মানুহ হিছাপে তেওঁ আৰ্য-ইউৰোপীয় সকলৰ মাজত প্ৰমাণ কৰি দেখুৱাব তেওঁৰ শ্ৰেষ্ঠতা|
 
ইহুদী হিছাপে চিগ্‌মণ্ডে বাহিৰত যিমান সতৰ্কতা অৱলম্বন কৰিব লগা হৈছিল তাতকৈও অধিক সতৰ্ক হ’ব লগা হৈছিল ঘৰৰ ভিতৰত থকা সময়তহে| কিয়নো, এটা গোৰা ইহুদী পৰিয়ালৰ মূৰব্বীৰ ভূমিকাত দেউতাক জেকব ফ্ৰয়েডৰ কঠোৰ অনুশাসনৰ তলত চলিব লাগে পৰিয়ালৰ সকলো সদস্য| জেকবৰ কঠোৰ অনুশাসনে পৰিয়ালৰ সকলোৰে মনত এক ধৰণৰ সু-শৃঙ্খল [[নিয়মানুবৰ্তিতা]]ৰ ভাব জগাই তুলিছিল| বিশেষকৈ সন্তানসকলৰ মাজত| সেইবাবে সৰুৰে পৰা চিগ্‌মণ্ডৰ মনত দেউতাকৰ প্ৰতি এক ভয়-মিহলি ভাল পোৱাৰ ভাবে ঠাই লৈছিল| সেইবাবে মাক আমেলীয়া ফ্ৰয়েড আৰু দেউতাক জেকব ফ্ৰয়েডৰ সৈতে থকা চিগ্‌মণ্ডৰ যি মানসিক সম্পৰ্ক সেই দুয়োটাৰে মাজত অনেক তফাত্‌ আছিল|
 
আঠ বছৰমান বয়সলৈকে চিগ্‌মণ্ডক দেউতাকে ঘৰতে পঢ়া-শুনা শিকাইছিল| খোজ কঢ়াৰ বাহিৰে চিগমণ্ডৰ আন কোনো খেলা-ধূলাৰ প্ৰতি আগ্ৰহ নাছিল| সৰুৰে পৰা কেৱল পঢ়া-শুনাতে অত্যন্ত আগ্ৰহী আছিল চিগ্‌মণ্ড| সকলো বিষয়ৰ পঢ়াতে তেওঁ প্ৰখৰ বুদ্ধি মত্তাৰ পৰিচয় দিব পাৰিছিল| সেই বয়সতে, পঢ়িবলৈ হাতত তুলি লোৱা যিকোনো ধৰণৰ এখন কিতাপৰ মাজত তেওঁ হেৰাই গৈছিল সম্পূৰ্ণভাৱে| আঠ বছৰ বয়সত তেওঁক ভিয়েনাৰ ''পাৰ্ল হাইস্কুল''ত ভৰ্তি কৰোৱা হয়| স্কুলৰ প্ৰথম পৰীক্ষাতে চিগ্‌মণ্ডে নিজ শ্ৰেষ্ঠতা প্ৰমাণ কৰি শ্ৰেণীৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰে আৰু ইয়াৰ পিছৰ আঠোটা বছৰে সেই স্কুলত সকলোবোৰ পৰীক্ষাতে তেওঁ সেই স্থান অটুট ৰাখে|
 
মাত্ৰ তেৰ বছৰ বয়সতে চিগ্‌মণ্ড আকৃষ্ট হয় জাৰ্মান সাহিত্য আৰু [[চেক্সপীয়েৰ]]ৰ ৰচনা সমূহৰ প্ৰতি| ১৪ বছৰ বয়সতেই পঢ়িবলৈ লয় ''হেগেল'', ''চ’ফেনিয়াৰ'', ''ফিক্টে'', ''কান্ট'' আদিৰ দাৰ্শনিক ৰচনা সমূহ|
 
স্কুলীয়া শিক্ষা শেষ হোৱাৰ আগে আগে চিগ্‌মণ্ডে ভাবিছিল তেওঁ এজন দাৰ্শনিক হ’ব| কিন্তু স্কুলীয়া শিক্ষা সাং কৰি তেওঁ পঢ়িবলৈ ল’লে ডাক্তৰী|
 
ডাক্তৰী পঢ়িবৰ বাবে ''ভিয়েনা বিশ্ববিদ্যালয়''ত ভৰ্তি হোৱাৰ লগে লগেই ফ্ৰয়েড পুনৰবাৰ জাতি বিদ্বেষৰ লক্ষ্য হৈ পৰে| অন্যান্য ইউৰোপীয় জাতিৰ শিক্ষক ছাত্ৰ সকলোৱেই ইহুদী চিগ্‌মণ্ডক নিকৃষ্ট জাতিৰ লোক বুলি গণ্য কৰি চিগ্‌মণ্ডৰ পৰা বিশেষ সন্মান দাবী কৰে| কিন্তু তেওঁলোকৰ এই অন্যায়পূৰ্ণ দাবী ফ্ৰয়েডে মানি নলয়| তেওঁ নিজকে ইহুদী বুলি আনতকৈ কোনো ক্ষেত্ৰতে নিকৃষ্ট বুলি ভাবিব নোৱাৰে|
==কৰ্ম জীৱন==
ভিয়েনা বিশ্ববিদ্যালয়ত তেওঁ সেইকালৰ বিখ্যাত শৰীৰ [[বিজ্ঞানী]] ''আনৰ্ষ্ট ব্ৰুক''ৰ সান্নিধ্য লাভ কৰে| আনৰ্ষ্ট ব্ৰুকে সেই সময়ত ভিয়েনা বিশ্ববিদ্যলয়ত [[শৰীৰ বিজ্ঞান]] বিষয়ত অধ্যাপনা কৰি থকাৰ লগতে বিষয়টোৰ ওপৰত গৱেষণাও চলাই আছিল| চিগ্‌মণ্ড ফ্ৰয়েডে ব্ৰুকৰ এই গৱেষণাৰ কামত সহায় কৰি দিছিল| কিন্তু বিজ্ঞানী ব্ৰুকৰ গৱেষণাৰ প্ৰতি ফ্ৰয়েডৰ মনোযোগ অধিক হৈ পৰাত তেওঁৰ বাকীবোৰ বিষয়ৰ পঢ়াত যথেষ্ট ব্যাঘাত জন্মে আৰু ইয়াৰ পৰিণতি হিছাপে ৫ বছৰৰ ভিতৰত শেষ কৰিবলগীয়া তেওঁ ডাক্তৰী শিক্ষা শেষ কৰোতে ৮ বছৰ সময় লাগে| বিশ্ববিদ্যালয়ৰ পৰা ডাক্তৰ হৈ ওলোৱাৰ পিছত ফ্ৰয়েডে ’ভিয়েনা জেনেৰেল হস্পিতেল’ত ’জুনিয়ৰ ৰেচিডেন্ট ফিজিচিয়ান’ৰ চাকৰিত যোগদান কৰে| এই [[চিকিৎসালয়]]ত চাকৰি কৰি থকা অৱস্থাত তেওঁ প্ৰভাৱাম্বিত হয় আন এজন বিশ্ববিখ্যাত [[চিকিৎসা]] বিজ্ঞানী, ''মনস্তত্ববিদ'' ''থিয়ড’ৰ মে’নাৰ্ট''ৰ দ্বাৰা| এই প্ৰখ্যাত বিজ্ঞানীজনৰ তলত ফ্ৰয়েডে মানৱ শৰীৰৰ ''চেন্ট্ৰেল নাৰ্ভাচ চিষ্টেম'' সম্পৰ্কে অধ্যয়ন কৰিবলৈ লয়|
 
ডাক্তৰী এটা পেচা হিছাপে লৈ জন-সেৱাৰ লগতে টকা উপাৰ্জন কৰিবৰ বাবে ফ্ৰয়েডে তেতিয়ালৈকে লাভ কৰা চিকিৎসা শাস্ত্ৰৰ জ্ঞানেই নিশ্চিতভাবে যথেষ্ট আছিল| পিছে তেওঁৰ জ্ঞানপিপাসা ইমানেই বেছি আছিল যে তেওঁ সেইখিনি শিক্ষা আহৰণতে সন্তুষ্ট নাথাকি [[স্নায়বিক]] ৰোগৰ ওপৰত অধিকতৰ জ্ঞান লভাৰ আশাৰে [[পেৰিচ]]ত বাস কৰা এই বিষয়ৰ বিশেষজ্ঞ ''জিন্‌ চাৰকত''ৰ ওচৰলৈ যায় ১৮৮৫ চনত|
 
স্নায়বিক ৰোগৰ [[বিশেষজ্ঞ]] আৰু [[গৱেষক]] ''জিন চাৰকত''ৰ লগত এবছৰ কাল কটাই ফ্ৰয়েডে ১৮৮৬ চনত ভিয়েনালৈ ঘূৰি আহে আৰু নিজাববীয়াকৈ অনুশীলন চলাবলৈ লোৱাৰ লগতে গৱেষণাৰ কামো আৰম্ভ কৰে|
 
চিকিৎসক হিচাপে কাম আৰম্ভ কৰাৰ লগে লগেই চিগ্‌মণ্ড ফ্ৰয়েড পুনৰ তীব্ৰ সমালোচনাৰ পাত্ৰ হৈ পৰে| ফ্ৰয়েডৰ চিকিৎসা পদ্ধতিত প্ৰয়োগ কৰা, তেওঁৰ শিক্ষক ''চাৰকত'' আৰু ''মেনাৰ্ট''ৰ পৰা ইতিপূৰ্বে আহৰণ কৰা সন্মোহণী শক্তিৰ প্ৰয়োগৰ বাবে তেওঁক ''ভিয়েনা মেডিকেল চচাইটি''য়ে ''ইনষ্টিটিউট অৱ চেৰিব্ৰেল এনাটমী''ৰ পৰা বহিৰ্ভূত কৰে| লগতে নিষিদ্ধ কৰে ফ্ৰ্য়েডৰ অনুশীলন| অৱশ্যে তৎসত্বেও ফ্ৰয়েডৰ ওচৰলৈ ৰোগীৰ আহ-যাহ থাকে| ফ্ৰয়েডে এইসকল ৰোগীৰ চিকিৎসা চলাই থকাৰ লগতে তেওঁৰ গৱেষণাও বাহাল ৰাখে| এনেকৈ ১৮৯৫ চনত ফ্ৰয়েডে তেওঁৰ গৱেষণাৰ প্ৰথম ফলাফল প্ৰকাশ কৰে '''Studies in Hysteria''' নামৰ গ্ৰন্থত| এইগ্ৰন্থৰ বিষয়বস্তুৰে চিকিৎসা বিজ্ঞানৰ বুৰঞ্জীত সংযোজিত কৰে এক নতুন অধ্যায় ''মেডিকেল চাইক’লজি (Medical Psychology)''|
 
[[চিকিৎসাশাস্ত্ৰ]]ত ফ্ৰয়েডে উন্মোচন কৰা নতুন দিশটোৱে দেখুৱালে যে সকলোধৰণৰ স্নায়বিক অসুখৰ জন্মস্থান হ’ল মানুহৰ অৰ্দ্ধচেতন মন| সেয়ে এই ধৰণৰ অসুখৰ চিকিৎসা আৰু নিৰাময় কেৱল মনস্তাত্বিক বিশ্লেষণেৰেহে সম্ভৱ হ’ব পাৰে| এনেকৈয়ে চিকিৎসাশাস্ত্ৰত ''Psychoanalysis'' বা ''মনস্তাত্বিক বিশ্লেষণ'' পদ্ধতিয়ে স্থান লাভ কৰিলে|
 
চিগ্‌মণ্ড ফ্ৰয়েড আবিস্কৃত পৰৱৰ্তী কালৰ সূত্ৰসমূহ হ’ল - '''The Psychopathology of everyday life''' ''(1904)''. '''Wit and its relation to the unconscious''' আৰু '''Three contributions to the Theory of Sexuality''' ''(1905)''.
 
ইয়াৰ বাহিৰেও ১৯১৩ চনত ফ্ৰয়েডে ধৰ্মীয় অনুসন্ধানমূলক তেওঁৰ সৰ্বোৎকৃষ্ট ৰচনা ''টটেম এণ্ড টেবু(Totem and Tabu)'' প্ৰকাশ কৰে|
 
==বিবাহ==
১৮৮৬ চনৰ শেষৰ ফালে ফ্ৰয়েডে তেওঁৰেই চিকিৎসাধীন এগৰাকী মহিলা ''মাৰ্থা বাৰনেইজ''ক বিয়া কৰায়|
 
==মৃত্যু==
ইতিমধ্যে জাৰ্মানীত [[নাজি]] শাসন আৰম্ভ হয় আৰু ইহুদী ফ্ৰয়েডৰ সকলোবোৰ ৰচনা জুইত পুৰি ভস্মীভূত কৰাৰ লগতে তেওঁৰ সকলোবোৰ সম্পত্তিও বাজেয়াপ্ত কৰা হয়| অকল ইয়াতেই ক্ষান্ত নাথাকি নাজি প্ৰশাসনে ফ্ৰয়েডৰ পৰা কুৰি হাজাৰ পাউণ্ডৰ জৰিমনা দাবী কৰে| ফ্ৰয়েডৰ প্ৰশংসক [[গ্ৰীচ]]ৰ যুৱৰাজ ''জৰ্জে'' ফ্ৰয়েডৰ হৈ নাজি শাসকক এই টকা দিয়ে|
 
১৯৩৮ চনৰ ৪ জুনত ফ্ৰয়েডে [[লণ্ডন]]ত উপস্থিত হয়| ইয়াৰ পোন্ধৰ মাহৰ পিছত ১৯৩৯ চনৰ ২৪ ছেপ্তেম্বৰ তাৰিখে ৮৩ বছৰ বয়সত এই বিৰাট প্ৰতিভাবান ব্যক্তিজনাৰ ইহজীৱনৰ ওৰ পৰে|
 
==তথ্য সংগ্ৰহ==
আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি: সম্পাদনা-কনকসেন ডেকা|