ৰামমোহন ৰায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
| -> ।
28 নং শাৰী:
 
==কৰ্ম-জীৱন==
তৰুণ বয়সত তেওঁ কলকাতাত মহাজনৰ কাম কৰিছিল। ১৭৯৬ চনত ৰামমোহনে অৰ্থোপাৰ্জন কৰা আৰম্ভ কৰে। ১৮০৩ ৰ পৰা ১৮১৪ চন পৰ্য্যন্ত ব্ৰিটিছ [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ কৰ্মচাৰী আছিল। কলকাতালৈ প্ৰায়ে আহিছিল আৰু নবাগত চিভিলিয়ানসকলৰ লগত পৰিচিত হৈ তেওঁলোকক নানা বিষয়ত সহায় কৰিছিল। এই সুযোগৰ সদ ব্যৱহাৰ কৰি তেওঁ ইংৰাজী শিকি লৈছিল। ব্ৰিটিশ ইষ্ট ইন্ডিয়া কোম্পানিৰ কামত চিভিলিয়ান কৰ্মচাৰীসকলৰ মাজত জন ডিগবীৰ লগত তেওঁৰ সৰ্বাধিক ঘনিষ্ঠতা হয়। কোম্পানিৰ কামত ডিগবীৰ অধীনত তেওঁ দেৱানৰূপে ৰংপুৰত কাম কৰে ১৮০৩ ৰ পৰা ১৮১৪ চন পৰ্য্যন্ত। এই সময়ৰ মাজত তেওঁ দু'বাৰ ভূটান সীমান্তলৈ যায় কোম্পানীৰ হৈ কৰা দৌত্যকাৰ্য্যত ডিগবীৰ সাহচৰ্য্যত তেওঁৰ সমস্ত নূতন চিন্তা এই সময়ৰ মাজতেই পৰিপক্কতা লাভ কৰে। ১৮১৫ খ্ৰীষ্টাব্দৰ পৰা ৰামমোহন কলকাতাৰ স্থায়ী বাসিন্দা হয়, ইয়াৰ পৰাই প্ৰকাশ্যে তেওঁৰ সংস্কাৰ-প্ৰচেষ্টাৰ আৰম্ভ হয়। তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ ফাৰসী ভাষাত লিখা (ভূমিকা অংশ আৰবীত) তুহফাতুল মুবাহ হিন্দীন। কিতাপখনত একেশ্বৰবাদৰ সমৰ্থন আছে। ইয়াৰোপৰি একেশ্বৰবাদ (বা ব্ৰাহ্মবাদ) প্ৰতিষ্ঠা কৰাৰ কাৰণে বেদান্ত-সূত্ৰ আৰু তাৰ সমৰ্থনৰ উপনিষদৰবোৰ বাংলা অনুবাদ কৰি প্ৰচাৰ কৰি থাকিছিল। ১৮১৫ পৰা ১৮১৯ খ্ৰীষ্টাব্দৰ মাজত প্ৰকাশিত হয় বেদান্তগ্ৰন্থ, বেদান্তসাৰ, কেনোপনিষদ, ঈশোপনিষদ, কঠোপনিষদ, মাণ্ডূক্যোপনিষদ আৰু মুণ্ডকোপনিষদ। ৰক্ষণশীল ব্যক্তিসকল ক্ৰুদ্ধ হৈ তেওঁৰ লেখাৰ প্ৰতিবাদ দেখুৱাবলৈ ধৰিলে। এই সকলো প্ৰতিবাদ কটুক্তিপূৰ্ণ আৰু বিদ্বেষ ভাবাপন্ন। ৰামমোহনেও প্ৰতিবাদৰ প্ৰতিবাদ কৰিছিল কিন্তু যুক্তি আৰু ভদ্ৰভাষাত। প্ৰতিবাদ-কৰাসকলে সোনকালেই থমকি ৰৈছিল। প্ৰতিবাদ-কৰাসকলৰ মাজত প্ৰথম আৰু প্ৰধান আছিল মৃত্যুঞ্জয় বিদ্যালঙ্কাৰ, এওঁৰ গ্ৰন্থৰ নাম 'বেদান্তচন্দ্ৰিকা'। বেদান্তচন্দ্ৰিকা'ৰ প্ৰতিবাদত ৰামমোহন ভট্টাচাৰ্যেৰ উচিত বিচাৰ লিখি প্ৰতিবাদীসকলৰ মুখ বন্ধ কৰি দিছিল। 'বেদান্ত গ্ৰন্থ' প্ৰকাশৰ লগতে তেওঁ ব্ৰক্ষনিষ্ঠ একেশ্বৰ উপাসনাৰ পথ দেখুৱালে আত্মীয় সভা প্ৰতিষ্ঠা কৰি এই আত্মীয় সভাকেই পাছত তেওঁ ব্ৰাহ্মসমাজ নাম আৰু ৰূপ দিয়ে|দিয়ে।
 
==সতীদাহ আৰু ৰামমোহন ৰায়==
37 নং শাৰী:
 
==বিলাত যাত্ৰা==
১৮৩০ খ্ৰীষ্টাব্দৰ ১৯ নবেম্বৰত তেওঁ কলকাতাৰ পৰা বিলাতলৈ যাত্ৰা কৰে। দিল্লীৰ বাদশাহে তেওঁক 'ৰাজা' উপাধি দি দ্বায়িত্ব দিলে যে বিলাতলৈ গৈ ৰাজদৰবাৰত যেন বাদশাহৰ ভাত্ত বৃদ্ধিৰ সুপাৰিছ কৰে। ১৮৩১ খ্ৰীষ্টাব্দৰ ৮ এপ্ৰিলত ৰামমোহন লিভাৰপুল পালেগৈ। তাত সম্ভ্ৰান্ত আৰু বিদ্বানসমাজত তেওঁৰ প্ৰচুৰ সমাদৰ হৈছিল। ১৮৩২ খ্ৰীষ্টাব্দৰ শেষৰ ফালে কিছুদিনৰ কাৰণে তেওঁ ফ্ৰান্সলৈকো গৈছিল|।গৈছিল।।
 
==সংস্কাৰসমূহ==