ৰাজীৱ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
43 নং শাৰী:
 
ৰাজীৱ গান্ধী [[ইন্দিৰা গান্ধী]] আৰু [[ফিৰোজ গান্ধী]]ৰ বৰপুত্ৰ আছিল। তেওঁ ''ট্ৰিনিটি কলেজ, কেমব্ৰিজ'' আৰু তাৰ পিছত [[লণ্ডন]]ৰ ''ইম্পেৰিয়েল কলেজ''ত অধ্যয়ন কৰিছিল। কিন্তু কোনো এখন মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী ল'বলৈ সক্ষম নহ'ল। কেমব্ৰিজত থাকোতেই তেওঁ ইটালীত জন্ম, সেই সময়ৰ এখন ৰেষ্টুৰেণ্টৰ এগৰাকী পৰিচাৰক, [[ছোনিয়া গান্ধী|এণ্ট'নিয়া এলবিনা মাইন']] লগ পায় আৰু পাছলৈ এওঁকেই বিয়া কৰায়। বিশ্ববিদ্যালয় এৰাৰ পিছত তেওঁ [[ইণ্ডিয়ান এয়াৰলাইঞ্চ]]ৰ এজন পেচাদাৰী পাইলট হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ কণিষ্ঠ ভাতৃ [[সঞ্জয় গান্ধী]]ৰ ১৯৮০ চনত মৃত্যু হোৱাৰ পাছত ৰাজীৱ গান্ধীৰ ৰাজনীতিত আগমন ঘটে। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ ১৯৮৪ চনত হোৱা হত্যাকাণ্ডৰ পাছত, [[ইণ্ডিয়ান নেছনেল কংগ্ৰেছ]] দলৰ বিষয়ববীয়া সকলে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে।
 
 
==শিক্ষা==
তেওঁৰ পিতৃৰ মৃত্যুৰ সময়ত, ৰাজীৱ গান্ধী আৱাসিক ছাত্ৰাবাসত আছিল: প্ৰথমতে [[উত্তৰাখণ্ড]]ৰ [[ডেৰাডুন]]ত অৱস্থিত ''ৱেলহাম বয়ছ স্কুল'' (Welham Boys' School) আৰু পাছলৈ ''ডুন স্কুল''ত। তেওঁক ১৯৬১ চনত লণ্ডনলৈ ''এ-লেভেল'' অধ্যয়নৰ বাবে যায়। ১৯৬২ চনত, ''ট্ৰিনিটি কলেজ, কেম্ব্ৰিজ''ত তেওঁ [[অভিযান্ত্ৰিক বিদ্যা|অভিযান্ত্ৰিক বিভাগ]]ত পঢ়িবলৈ সুবিধা পায়। ৰাজীৱ গান্ধী ১৯৬৫ চনলৈকে ট্ৰিনিটি কলেজত আছিল। কিন্তু পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতেই, তেওঁ বিশ্ববিদ্যালয় ত্যাগ কৰে। ১৯৬৬ চনত, তেওঁ পুনৰ লণ্ডনৰ ''ইম্পেৰিয়েল কলেজ''ত অধ্যয়নৰ সুবিধা পাই যদিও স্নাতক ডিগ্ৰী অবিহনেই অধ্যয়ন সমাপ্ত কৰে।
 
==ৰাজনীতিত প্রৱেশ==
 
==হত্যা==