ৰাজীৱ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
42 নং শাৰী:
'''ৰাজীৱ ৰত্ন গান্ধী''' {{IPAc-en|'|r|ɑː|dʒ|iː|v|_|ˈ|ɡ|ɑː|n|d|iː}} ({{audio|Hi-RajivGandhi.ogg|উচ্চাৰণ}}; [[ভাৰতবৰ্ষ]]ৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল(১৯৮৪–১৯৮৯)। তেওঁৰ মাতৃৰ হত্যাৰ পাছত (৩১ অক্টোবৰ, ১৯৮৪) তেওঁৱেই প্ৰধানমন্ত্ৰীৰ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হৈ আটাইতকৈ ''কম বয়সীয়া প্ৰধানমন্ত্ৰী'' হিচাপে পৰিগণিত হয়।
 
ৰাজীৱ গান্ধী [[ইন্দিৰা গান্ধী]] আৰু [[ফিৰোজ গান্ধী]]ৰ বৰপুত্ৰ আছিল। তেওঁ ''ট্ৰিনিটি কলেজ, কেমব্ৰিজ'' আৰু তাৰ পিছত [[লণ্ডন]]ৰ ''ইম্পেৰিয়েল কলেজ''ত অধ্যয়ন কৰিছিল। কিন্তু কোনো এখন মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী ল'বলৈ সক্ষম নহ'ল। কেমব্ৰিজত থাকোতেই তেওঁ ইটালীত জন্ম, সেই সময়ৰ এখন ৰেষ্টুৰেণ্টৰ এগৰাকী পৰিচাৰক, [[ছোনিয়া গান্ধী|এণ্ট'নিয়া এলবিনা মাইন']] লগ পায় আৰু পাছলৈ এওঁকেই বিয়া কৰায়। বিশ্ববিদ্যালয় এৰাৰ পিছত তেওঁ [[ইণ্ডিয়ান এয়াৰলাইঞ্চ]]ৰ এজন পেচাদাৰী পাইলট হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ কণিষ্ঠ ভাতৃ [[সঞ্জয় গান্ধী]]ৰ ১৯৮০ চনত মৃত্যু হোৱাৰ পাছত ৰাজীৱ গান্ধীৰ ৰাজনীতিত আগমন ঘটে। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ ১৯৮৪ চনত হোৱা হত্যাকাণ্ডৰ পাছত, [[ইণ্ডিয়ানভাৰতীয় জাতীয় কংগ্ৰেছ]] দলৰ বিষয়ববীয়া সকলে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে।