ৰাজীৱ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
49 নং শাৰী:
 
==ৰাজনীতিত প্রৱেশ==
১৯৮০ চনত তেওঁৰ ভাতৃৰ মৃত্যুৰ পাছত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] দলৰ ৰাজনৈতিক নেতা আৰু তেওঁৰ মাতৃ ইন্দিৰা গান্ধীয়ে ৰাজীৱ গান্ধীক ৰাজনীতিত প্ৰৱেশ কৰিবলৈ গুৰুত্ব দিছিল। তেওঁ আৰু তেওঁৰ পত্নী ইয়াৰ বিৰূদ্ধে আছিল, আৰু ৰাজীৱ গান্ধীয়ে তেওঁৰ ভাতৃৰ লোকসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দিতা নকৰে বুলি ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল। সৰ্বশেষত, তেওঁ লোকসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰিছিল। তেওঁৰ ৰাজনীতিত প্ৰৱেশ কৰাত বহুটো প্ৰেছ, জনসাধৰণ তথা ৰাজনৈতিক দলসমূহে সমালোচনা কৰিছিল। তেওঁ ''আমেথি'' লোকসভা আসনৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দিতাত নামিছিল। সেই নিৰ্বাচনত তেওঁ [[লোকদল]]ৰ নেতা [[শৰদ যাদৱ]]ক দুই লক্ষাধিকৰো অধিক ভোটত পৰাস্ত কৰিছিল।
 
[[উত্তৰ প্ৰদেশ]]ৰ ''আমেথি''ৰ পৰা ১৯৮১ চনৰ ফেব্ৰুৱাৰীত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত, ৰাজীৱ গান্ধী তেওঁ মাতৃৰ এজন গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰামৰ্শক হৈ পৰিছিল। ইয়াৰ পৰাই বুজিব পাৰি যে, ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰীৰ পদ যাচিবলৈ তেওঁৰ মাতৃ [[ইন্দিৰা গান্ধী]] উঠি-পৰি লাগিছিল। ইয়াৰ পাছতেই তেওঁ [[জাতীয় যুৱ কংগ্ৰেছ]] দলৰ সভাপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে।
 
==হত্যা==