বহুমূত্ৰ ৰোগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ডায়েবেটিচ (Diabetes) ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ উপায় সাম্প্ৰ...
 
No edit summary
1 নং শাৰী:
{{delete|মৌলিক বিশেষণাত্মক প্ৰবন্ধ, শুদ্ধ ধৰণ http://en.wikipedia.org/wiki/Diabetes}}
ডায়েবেটিচ (Diabetes) ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ উপায়
সাম্প্ৰতিক সময়ত বহুলভাৱে চৰ্চিত ৰোগবিধেই হ’ল ডায়েবেটিচ বা বহুমূত্ৰ ৰোগ| কিয়নো যোৱা দুটামান দশকৰ পৰা ডায়েবেটিচ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে| এক সমীক্ষামতে ২০০০ চনত বিশ্বত ডায়েবেটিচ ৰোগীৰ সংখ্যা আছিল প্ৰায় ১৭১ নিযুত| কিন্তু ২০৩০ চনলৈ এই পৰিসংখ্যা বিশেষজ্ঞসকলে দুগুণলৈ বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে| ( এই তথ্য Davidson’s Principles & Practice of Medicine নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে)| পৃথিৱীৰ সকলো ঠাইৰ মানুহৰে এইবিধ ৰোগ হয় যদিও ভাৰতৰ দৰে উন্নয়নশীল দেশৰ মানুহ এই ৰোগত বেছি আক্ৰান্ত হোৱা দেখা যায়| ইণ্টাৰনেচনেল ডায়েবেটিচ ফেডাৰেচনে প্ৰকাশ কৰা মতে ভাৰতবৰ্ষত বৰ্তমান প্ৰায় ৫০.৮ নিযুত লোকেই ডায়েবেটিচ ৰোগত ভুগি আছে| (ইণ্টাৰনেটত পোৱা তথ্য মতে) ডায়েবেটিচ ৰোগীৰ এই পৰিসংখ্যাত ভাৰতৰ স্থান প্ৰথম| সেয়ে, ভাৰতবৰ্ষক ডায়েবেটিচৰ ৰাজধানী বুলি কোৱা হয়|