ৰবাৰ্ট ফ্ৰ'ষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

34 নং শাৰী:
 
===প্ৰাপ্তবয়স্ক কাল===
 
[[File:Robert Frost NYWTS 5.jpg|thumb|left|170px|ৰবাৰ্ট ফ্ৰ'ষ্ট (১৯৫৯)]]
১৮৮৫ চনৰ ১৯ ডিচেম্বৰ তাৰিখে ৰবাৰ্ট ফ্ৰ'ষ্ট আৰু ইলিন'ৰ মিৰিয়াম হোৱাইট বিবাহ পাশত আবদ্ধ হয়।
 
ফ্ৰ'ষ্টে হাৰ্ৱাৰ্ড বিশ্ববিদ্যালয়ত ১৮৯৭-১৮৯৯ চনলৈ শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে ইচ্ছাকৃতভাৱে তাৰপৰা গুছি আহে।<ref name="TutenZubizarreta2001">{{cite book|author1=Nancy Lewis Tuten|author2=John Zubizarreta|title=The Robert Frost encyclopedia|url=http://books.google.com/books?id=47NFEPDDBMgC&pg=PA146|accessdate=17 July 2010|year=2001|publisher=Greenwood Publishing Group|isbn=978-0-313-29464-8|page=145|quote=Halfway through the spring semester of his second year, Dean Briggs released him from Harvard without prejudice, lamenting the loss of so good a student.}}</ref><ref name="Parini2000">{{cite book|author=Jay Parini|title=Robert Frost: A Life|url=http://books.google.com/books?id=rHWqRHJiAlwC&pg=PA12-IA9|accessdate=17 July 2010|year=2000|publisher=Macmillan|isbn=978-0-8050-6341-7|pages=64–65}}</ref><ref name="Meyers1996">{{cite book|author=Jeffrey Meyers|title=Robert Frost: a biography|url=http://books.google.com/books?id=aMxkAAAAMAAJ|accessdate=17 July 2010|date=10 April 1996|publisher=Houghton Mifflin|quote=Frost remained at Harvard until March of his sophomore year, when he decamped in the middle of a term....}}</ref> মৃত্যুৰ আগতে ৰবাৰ্টৰ ককাদেউতাকে ৰবাৰ্ট আৰু এলিন'ৰৰ কাৰণে ''নিউ হেম্পশ্বিয়াৰ''ত এখন পাম (Farm) কিনিছিল। তাত তেওঁ ন বছৰ কাল কাম কৰিছিল আৰু প্ৰাতঃকালত কবিতা লিখিছিল আৰু ইয়াৰ বহুতো কবিতাই পিছত জনপ্ৰিয়তা অৰ্জন কৰিছিল। অৱশেষত তেওঁৰ কৃষিকাৰ্য্য বিফলে যায়। সেয়ে তেওঁ নিউ হেম্পশ্বিয়াৰৰ ''পিংকাৰটন একাডেমী''ত ১৯০৬ চনৰপৰা ১৯১১ চনলৈ এজন ইংৰাজী বিষয়ৰ শিক্ষক হিচাপে যোগদান কৰে। তাৰ পিছত ''নিউ হেম্পশ্বিয়াৰ নৰ্মেল স্কুল'' (বৰ্তমানৰ ''প্লাইমাউথ ষ্টেট ইউনিভাৰ্চিটি'')ত শিক্ষকতা কৰিছিল।
 
১৯১২ চনত তেওঁ পৰিয়ালবৰ্গৰ সৈতে ইংলেণ্ডলৈ গুছি যায় আৰু লণ্ডনৰ ওচৰৰ ''বিকঞ্চফিল্ড'' (Beaconsfield) নামৰ এখন সৰু চহৰত থাকিবলৈ লৈছিল। পৰৱৰ্তী বৰ্ষত তেওঁৰ কবিতা পুথি ''এ বয়ছ ৱিল'' (A Boy's Will) প্ৰকাশ পাইছিল। ইংলেণ্ডতেই তেওঁ সেই সময়ৰ বহুজন কবিৰ লগত চিনাকি হৈছিল আৰু তেওঁলোকৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল।
 
[[File:Robertfrostfarm.JPG|thumb|নিউ হেম্পশ্বিয়াৰৰ ''ফ্ৰ'ষ্ট ফাৰ্ম হাউচ'', য'ত তেওঁ ''ট্ৰি এট মাই ৱিণ্ডো'' (Tree at My Window) আৰু ''মেণ্ডিঙ ৱাল''ৰ (Mending Wall) দৰে বহুতো কবিতাৰ সৃষ্টি কৰিছিল।]]
 
প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাত ফ্ৰ'ষ্ট ১৯১৫ চনত আমেৰিকালৈ গুছি আহিছিল। নিউ হেম্পশ্বিয়াৰৰ ''ফ্ৰাঙ্ক'নিয়া''ত এখন নতুন ফাৰ্ম কিনি তাতেই লিখা-মেলা, শিক্ষকতা আৰু বক্তৃতাৰ এক নতুন জীৱন আৰম্ভ কৰিছিল। ১৯৩৮ চনলৈকে তেওঁলোকৰ পৰিয়ালবৰ্গই জহকালি এই ঘৰটো তেওঁলোকৰ আৱাসগৃহ হিচাপে ব্যৱহাৰ কৰিছিল। বৰ্তমান এই ঘৰটো '''দা ফ্ৰ'ষ্ট প্লেছ''' (The Frost Place) নামৰ এটা যাদুঘৰ তথা কাব্যিক সন্মিলনৰ স্থান হিচাপে পৰিচিত।
১৯১৬-১৯২০, ১৯২৩-১৯২৪ আৰু ১৯২৭-১৯৩৮ চনলৈ ৰবাৰ্ট ফ্ৰ'ষ্টে মাচাচুচেটছৰ ''এমহাৰ্ষ্ট কলেজ''ত (Amherst College) ইংৰাজী বিষয়ত শিক্ষকতা কৰিছিল। তেওঁ কথিত ভাষাৰ আগমনক ভাষাৰ "the sound of sense" বুলি কৈছিল। <ref>Voices and Visions. "Robert Frost." NY: PBS, 1988.[http://www.learner.org/resources/series57.html]</ref>
 
১৯২৪ চনত কবিতা পুথি ''New Hampshire: A Poem with Notes and Grace Notes''ৰ বাবে তেওঁ প্ৰথম বাৰৰ বাবে পোলিৎজাৰ বঁটা পাইছিল। ইয়াৰ পিছত ১৯৩১ চনত ''Collected Poems''ৰ বাবে, ১৯৩৭ চনত ''A Further Range''ৰ বাবে আৰু ১৯৪৩ চনত ''A Witness Tree''ৰ বাবে পোলিৎজাৰ বঁটা ([http://www.pulitzer.org/bycat/Poetry Pulitzer Prize Website]) পাইছিল।
 
[[File:Robert Frost's Grave.JPG|thumb |right | upright |অল্ড বেনিঙটন চেমিট্ৰিত ফ্ৰ'ষ্ট পৰিয়ালবৰ্গৰ সমাধিস্থল]]
যদিও তেওঁৰ কোনো ধৰণৰ স্নাতক ডিগ্ৰী নাছিল, তথাপি তেওঁ '''প্ৰিন্সটন বিশ্ববিদ্যালয়''', '''অক্সফ'ৰ্ড বিশ্ববিদ্যালয়''', '''কেমব্ৰিজ বিশ্ববিদ্যালয়'''ৰ দৰে কলেজৰপৰা পৰা ৪০টাৰো তাতোধিক সন্মানীয় ডিগ্ৰী পাইছিল। ''ডাৰমাউথ কলেজ''ৰ পৰা দুটাকৈ সন্মানীয় ডিগ্ৰী পোৱা তেৱেই একমাত্ৰ ব্যক্তি আছিল। তেওঁৰ জীৱনকালত, ভাৰ্জিনিয়াৰ ''ৰবাৰ্ট ফ্র'ষ্ট মিডল স্কুল'', মাচাচুচেটছৰ ''ৰবাৰ্ট লী ফ্র'ষ্ট স্কুল'' আৰু ''আমহাৰ্ষ্ট কলেজ''ৰ মুখ্য পুথিভৰালটো তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল।
 
১৯৬১ চনৰ ২০ জানুৱাৰীত, ৮৬ বছৰ বয়সত, ৰবাৰ্ট ফ্র'ষ্টে তেওঁৰ জনপ্ৰিয় কবিতা "The Gift Outright" ৰাষ্ট্ৰপতি ''জন এফ কেনেডি''ৰ উদ্বোধনী অনুষ্ঠানৰ সময়ত পাঠ কৰিছিল।
ইয়াৰ দুবছৰৰ পিছতেই বষ্টন চহৰত, ১৯৬৩ চনৰ ২৯ জানুৱাৰীত তেওঁ ''মূত্ৰাশয় অস্ত্ৰোপচাৰ''ৰ (prostate surgery) জটিলতাত মৃত্যুবৰণ কৰে। তেওঁক বেনিঙটনৰ ''অল্ড বেনিঙটন চেমিট্ৰি''ত সমাধিস্থ কৰা হৈছিল। "I had a lover's quarrel with the world" - এইদৰেই তেওঁৰ সমাধিস্থলত তেওঁৰেই কোনো এক পদ্যৰ এটা শাৰীৰে খোদিত কৰা আছে।
 
 
ৰবাৰ্ট ফ্র'ষ্টৰ কিছুমান মূল ৰচনাৱলী''আমহাৰ্ষ্ট কলেজ''ৰ ''জ'নছ লাইব্ৰেৰী''ত পোৱা যায়। তেওঁ প্ৰায় বাৰ হাজাৰৰো অধিক বস্তু ইয়াতেই দান দি থৈ গৈছিল। ইয়াৰ ভিতৰত তেওঁৰ কবিতা আৰু পত্ৰ সমূহৰ মূল লিপি তথা শ্ৰব্য আৰু ভিজুৱেল ৰেকৰ্ডিঙো আছে। <ref>{{cite web |url=http://www.joneslibrary.org/specialcollections/collections/frost/frost_print.html#contact |title=Robert Frost Collection |publisher=Jones Library, Inc. website, Amherst, Massachusetts |accessdate=2009-03-28 }}</ref> ''আমহাৰ্ষ্ট কলেজ''ৰ সংগ্ৰাহলয়ত ৰবাৰ্ট ফ্র'ষ্টৰ কিছুমান মূল লিপি আছে। বিশেষকৈ,''ডাৰমাউথ কলেজ''ৰ সংগ্ৰাহলয়তহে তেওঁৰ উল্লেখযোগ্য পাণ্ডুলিপি সমূহ পোৱা যায়।
 
===ব্যক্তিগত জীৱন===