ছিক্কিম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.3) (ৰবট যোগ দিছে :en:Sikkim; cosmetic changes
84 নং শাৰী:
 
== নামৰ উৎপত্তি ==
 
''ছিক্কিম'' শব্দটো দুটা ''লিম্বু'' শব্দ: ''ছু'' অৰ্থাৎ "নতুন" আৰু ''খ্যিম'' অৰ্থাৎ "ৰাজপ্ৰসাদ" বা "ঘৰ" ৰ পৰা গঠিত হৈছে। বিশ্বাস কৰা হয় যে, এই নামটোৱে ৰাজ্যখনৰ প্ৰথমজন শাসনকৰ্তা ''ফুণ্টচুক নামজ্ঞাল''ৰ দ্বাৰা নিৰ্মিত ৰাজপ্ৰসাদলৈ দৰ্শায়। তিব্বেতীয় ভাষাত ''ছিক্কিম''ৰ নাম হৈছে ''ডেঞ্জঙ'' (Denjong), অৰ্থাৎ "ধানৰ উপত্যকা"।<ref name="Bell25">{{cite book | title = Portrait of a Dalai Lama: the life and times of the great thirteenth | last = Bell | first = Charles Alfred | year = 1987 | publisher = Wisdom Publications | location = | isbn = 0-86171-055-X | page = 25 }}</ref> ছিক্কিমৰ মূল অধিবাসী ''লেপছা''সকলে ইয়াক ''নিয়ে-মে-এল'' (Nye-mae-el) বুলি কয়, অৰ্থাৎ "স্বৰ্গৰ উদ্যান"।<ref name="sikkimtourismintro">{{cite web | title = General information about Sikkim | publisher = Sikkim Tourism, Government of Sikkim | url = http://sikkimtournet.com/webforms/general/Introduction.aspx | accessdate = 16 May 2008 }}</ref> আৰু ''ভূটীয়া'' সকলে ''বেয়ুল ডেমাজঙ'' (Beyul Demazong), অৰ্থাৎ "ধানৰ গুপ্ত উপত্যকা" (the hidden valley of rice) বুলি কয়। <ref name="sikkimtourismintro" /> হিন্দুৰ ধাৰ্মিক গ্ৰন্থত ছিক্কিমক ''ইন্দ্ৰকীল'', অৰ্থাৎ [[ইন্দ্ৰ]]ৰ বাগিছা বুলি জনা যায়।<ref>{{cite book | title = Encyclopaedia of Indian literature vol. 2 | last = Datta | first = Amaresh | origyear = 1988 | year = 2006 | publisher = Sahitya Akademi | location = | isbn = 81-260-1194-7 | page = 1739 }}</ref>
 
 
== ভূগোল==
[[File:Kangchenjunga from Thangshing.jpg|thumb|left|[[Kangchenjunga]], which stands 8,586&nbsp;metres (28,170&nbsp;ft) tall, is the highest peak in India and the third-highest on Earth.]]
[[File:Mountain Range in Northern Sikkim.jpg|thumb|The Kangchengyao Himalayan mountains of northern Sikkim.]]
 
সমগ্ৰ ৰাজ্যখন পাহাৰীয়া এলেকাৰ ভিতৰত পৰে আৰু বিভিন্ন স্থানৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰপৰা ২৮০ মিটাৰ (৯২০ ফুট) ৰপৰা ৮৫৮৫ মিটাৰ (২৮,০০০ ফুট)লৈকে দেখা যায়। পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ আৰু ভাৰতবৰ্ষৰ উচ্চতম শৃংগ '''কাঞ্চনজঙ্ঘা''' নেপাল-ছিক্কিম সীমান্তত অৱস্থিত।<ref name="kang" /> ৰাজ্যখনৰ অংশই কৃষিৰ বাবে অনুপযোগী। তথাপি, বহুতো এঢলীয়া ঠাই কৃষিৰ বাবে উপযোগী কৰি তোলা হৈছে। ছিক্কিমৰ দক্ষিণ আৰু পশ্চিম অঞ্চলত বহুতো বৰফৰ ফলত উৎপত্তি হোৱা নিজৰা আছে। ইয়াৰ পৰাই ''তিস্তা'' আৰু ইয়াৰ উপনদী সমূহ তথা ''ৰংগীত'' নদীৰ উৎপত্তি হৈছে। ''ৰংগীত'' নদীখন উত্তৰৰপৰা দক্ষিণলৈ বৈ গৈছে।<ref>http://sikkim.nic.in/sws/glim_riv.htm Sikkim.Nic.in. Retrieved 2011-10-13.</ref> ৰাজ্যখনৰ এক-তৃতীয়াংশ অঞ্চল ঘন অৰণ্যৰে আৱৰা।
 
ছিক্কিমৰ উত্তৰ, পূব আৰু পশ্চিম সীমান্তত হিমালয় পৰ্বতমালাই বেঢ়ি ধৰি আছে। ৰাজ্যখনত মুঠ ২৮ টা শৃংগ, ৮০ টাৰো অধিক হিমবাহ,,<ref>{{cite web | url = http://dstsikkim.gov.in/glacier/pressrelese.htm | title = First commission on study of glaciers launched by Sikkim | publisher = dstsikkim.gov.in | date = 2008-01-18 | accessdate = 2011-06-19 }}</ref> ২২৭ টা হ্ৰদ (''ছাঙগো'', ''গুৰুডঙমাৰ'' আৰু ''খেচিয়'পাল্ৰী''ৰ দৰে উল্লেখযোগ্য হ্ৰদ), পাঁচোটাকৈ গৰম পানীৰ উঁহ আৰু ১০০ খনৰো অধিক নদী আৰু নিজৰা আছে। ইয়াৰ উপৰিও আঠটা গিৰিপথ আছে, যিয়ে ৰাজ্যখনক তিব্বত, ভূটান আৰু নেপালৰ লগত সংযোগ কৰিছে।<ref>{{cite book | title = Across peaks & passes in Darjeeling & Sikkim | last = Kapadia | first = Harish | year = 2001 | publisher = Indus Publishing | location = | isbn = 81-7387-126-4 | page = 154 | chapter = Appendix }}</ref>
 
== সংস্কৃতি ==
"https://as.wikipedia.org/wiki/ছিক্কিম"ৰ পৰা অনা হৈছে