ছিক্কিম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

92 নং শাৰী:
[[File:Mountain Range in Northern Sikkim.jpg|thumb|The Kangchengyao Himalayan mountains of northern Sikkim.]]
 
সমগ্ৰ ৰাজ্যখন পাহাৰীয়া এলেকাৰ ভিতৰত পৰে আৰু বিভিন্ন স্থানৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰপৰা ২৮০ মিটাৰ (৯২০ ফুট) ৰপৰা ৮৫৮৫ মিটাৰ (২৮,০০০ ফুট)লৈকে দেখা যায়। পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ আৰু ভাৰতবৰ্ষৰ উচ্চতম শৃংগ '''কাঞ্চনজঙ্ঘা''' নেপাল-ছিক্কিম সীমান্তত অৱস্থিত।<ref name="kangCensus">{{cite web | url = http://www.census.gov/ipc/prod/ib-9701.pdf#search=%22india%20state%20population%22 | title = Population Trends: India | accessdate = 4 November 2008 | author = Arjun Adlakha | year = 1997 | month = April | format = pdf | work = International brief | publisher = U.S. Department of Commerce | page = 5 }}</ref> ৰাজ্যখনৰ অংশই কৃষিৰ বাবে অনুপযোগী। তথাপি, বহুতো এঢলীয়া ঠাই কৃষিৰ বাবে উপযোগী কৰি তোলা হৈছে। ছিক্কিমৰ দক্ষিণ আৰু পশ্চিম অঞ্চলত বহুতো বৰফৰ ফলত উৎপত্তি হোৱা নিজৰা আছে। ইয়াৰ পৰাই ''তিস্তা'' আৰু ইয়াৰ উপনদী সমূহ তথা ''ৰংগীত'' নদীৰ উৎপত্তি হৈছে। ''ৰংগীত'' নদীখন উত্তৰৰপৰা দক্ষিণলৈ বৈ গৈছে।<ref>http://sikkim.nic.in/sws/glim_riv.htm Sikkim.Nic.in. Retrieved 2011-10-13.</ref> ৰাজ্যখনৰ এক-তৃতীয়াংশ অঞ্চল ঘন অৰণ্যৰে আৱৰা।
 
ছিক্কিমৰ উত্তৰ, পূব আৰু পশ্চিম সীমান্তত হিমালয় পৰ্বতমালাই বেঢ়ি ধৰি আছে। ৰাজ্যখনত মুঠ ২৮ টা শৃংগ, ৮০ টাৰো অধিক হিমবাহ,,<ref>{{cite web | url = http://dstsikkim.gov.in/glacier/pressrelese.htm | title = First commission on study of glaciers launched by Sikkim | publisher = dstsikkim.gov.in | date = 2008-01-18 | accessdate = 2011-06-19 }}</ref> ২২৭ টা হ্ৰদ (''ছাঙগো'', ''গুৰুডঙমাৰ'' আৰু ''খেচিয়'পাল্ৰী''ৰ দৰে উল্লেখযোগ্য হ্ৰদ), পাঁচোটাকৈ গৰম পানীৰ উঁহ আৰু ১০০ খনৰো অধিক নদী আৰু নিজৰা আছে। ইয়াৰ উপৰিও আঠটা গিৰিপথ আছে, যিয়ে ৰাজ্যখনক তিব্বত, ভূটান আৰু নেপালৰ লগত সংযোগ কৰিছে।<ref>{{cite book | title = Across peaks & passes in Darjeeling & Sikkim | last = Kapadia | first = Harish | year = 2001 | publisher = Indus Publishing | location = | isbn = 81-7387-126-4 | page = 154 | chapter = Appendix }}</ref>
"https://as.wikipedia.org/wiki/ছিক্কিম"ৰ পৰা অনা হৈছে