ছিক্কিম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

99 নং শাৰী:
 
== শিক্ষা ==
ছিক্কিমৰ সাক্ষৰতাৰ হাৰ ৬৯.৬৮%। ইয়াৰ ভিতৰত পুৰুষৰ হাৰ ৭৬.৭৩% আৰু মহিলাৰ হাৰ ৬১.৪৬%। সমগ্ৰ ৰাজ্যখনত সৰ্বমুঠ ১১৫৭ খন বিদ্যালয় আছে। ইয়াৰে ৭৬৫ খন ৰাজ্য চৰকাৰ দ্বাৰা পৰিচালিত বিদ্যালয়, ৭ খন কেন্দ্ৰীয় চৰকাৰী বিদ্যালয় আৰু ৩৮৫ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে।<ref>{{cite web | url = http://www.sikkimipr.org/images/herald/Jan%2026.pdf | title = In the process of Constitutional democracy, Sikkim has not lagged behind-Governor | date = 26 February 2010 | author = Balmiki Prasad Singh Governor of Sikkim | accessdate = 11 March 2010}}</ref> উচ্চতৰ শিক্ষাৰ বাবে ইয়াত ১২ খন মহাবিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠান আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান হৈছে [['''ছিক্কিম মণিপাল ইউনিভাৰ্চিটি]'''[http://www.smu.edu.in]। ই অভিযান্ত্ৰিক, ঔষধ আৰু মেনেজমেণ্ট, এই তিনিটা বিভাগত শিক্ষা প্ৰদান কৰে। ইয়াত বিভিন্ন বিভাগত দূৰ-সংযোগী শিক্ষা গ্ৰহণৰ (Distance Education Program, [http://www.smude.edu.in/]) সুবিধাও আছে।<ref>{{cite web | url = http://www.smude.edu.in | title = Sikkim Manipal University-Distance Education | date = 26 June 2010 | author = Sailesh | accessdate = 26 June 2010 }}</ref> ছিক্কিমত ৰাজ্য চৰকাৰ দ্বাৰা পৰিচালিত দুখনকৈ পলিটেকনিক বিদ্যালয়: ''এডভাঞ্চড টেকনিকেল ট্ৰেনিং চেণ্টাৰ'' (Advanced Technical Training Centre, ATTC) আৰু ''চেণ্টাৰ ফৰ কম্পিউটাৰছ এণ্ড কমিউনিকেশ্বন টেকন'লজী'' (Computers and Communication Technology, CCCT) আছে। ইয়াত অভিযান্ত্ৰিক ক্ষেত্ৰৰ বিভিন্ন বিভাগত ডিপ্লমা প্ৰদান কৰা হয়। ''এডভাঞ্চড টেকনিকেল ট্ৰেনিং চেণ্টাৰ'' ছিংটামৰ বৰডাঙত আৰু ''চেণ্টাৰ ফৰ কম্পিউটাৰছ এণ্ড কমিউনিকেশ্বন টেকন'লজী'' নামছিৰ ছিছ'পানীত অৱস্থিত। ২০০৮ চনত ছিংটামৰ পৰা প্ৰায় ২৮ কিঃ মিঃ নিলগৰ ''য়ানগেঙ''ত (Yangang) এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, '''ছিক্কিম বিশ্ববিদ্যালয়''' স্থাপন কৰা হয়।<ref>{{cite news | url = http://www.telegraphindia.com/1080204/jsp/siliguri/story_8858265.jsp | title = Do-it-yourself mantra for varsity | last = Chettri | first = Vivek | date = 4 February 2008 | work = The Telegraph | accessdate = 15 May 2008 }}</ref> তথাপি, বহুতো ছাত্ৰ-ছাত্ৰী [[শিলিগুড়ি]], [[ক'লকাতা]], [[বাংগালোৰ]] অথবা ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ উচ্চ শিক্ষাৰ বাবে যায়।
 
== তথ্য সংগ্ৰহ ==
"https://as.wikipedia.org/wiki/ছিক্কিম"ৰ পৰা অনা হৈছে