শব্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

30 নং শাৰী:
 
==শব্দৰ বেগ==
[[File: FA-18 Hornet breaking sound barrier (7 July 1999) - filtered.jpg|thumb|আমেৰিকাৰ নৌসৈন্যৰ এখন বিমানে শব্দৰ বেগক অতিক্ৰম কৰি শব্দোত্তৰ বেগত গতি কৰাৰ দৃশ্য। উৎসৰ বেগ শব্দ‌ তৰংগৰ বেগতকৈ বেছি হ’লে তৰংগ‌ই শংকু আকৃতি লয়। উৎসটো শংকুৰ শীৰ্ষত থকে। উৎসই শব্দৰ বেগ অতিক্ৰম কৰাৰ মুহূৰ্তত কাণ তাল মৰা শব্দৰ সৃষ্টি হয়। ইয়াক শাব্দিক প্ৰণাদ (Sonic Boom) বুলি কোৱা হয়।<ref>APOD: 19 August 2007 – A Sonic Boom</ref>]]
শব্দৰ বেগ ই গতি কৰা মাধ্যমটোৰ ওপৰত আৰু পদাৰ্থবিধৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে শব্দৰ বেগ মাধ্যমৰ [[স্থিতিস্থাপক গুণাংক]] আৰু ঘনত্বৰ অনুপাতৰ বৰ্গমূলৰ সমানুপাতিক হয়। মাধ্যমৰ ভৌতিক ধৰ্মবোৰ আৰু লগতে শব্দৰ বেগ মধ্যমটোৰ নিৰ্দিষ্ট অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণ স্বৰূপে গেছীয় পদাৰ্থত শব্দৰ বেগ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। "v = (৩৩১ + ০.৬ T) মিটাৰ/চেকেণ্ড" সূত্ৰ প্ৰয়োগ কৰি আমি যিকোনো উষ্ণতা( T)ত সমুদ্ৰপৃষ্ঠৰ উচ্চতাত বায়ুত শব্দৰ বেগ নিৰ্ণয় কৰিব পাৰোঁ। এ‌ই সূত্ৰ প্ৰয়োগ কৰিলে ২০<sup>0</sup> চেলচিয়াচ উষ্ণতাত বায়ুত শব্দৰ বেগ হ’ব প্ৰায় ৩৪৩ মিটাৰ/চেকেণ্ড। ২০<sup>0</sup> চেলচিয়াচ উষ্ণতাত বিশুদ্ধ পানীত শব্দৰ বেগ হৈছে প্ৰায় ১,৪8২ মিটাৰ/চেকেণ্ড (৫,৩৩৫ কিল’মিটাৰ/ঘণ্টা; ৩,৩১৫ মাইল প্ৰতি ঘণ্টা)।. তীখাত শব্দৰ বেগ হৈছে প্ৰায় ৫,৯৬০ মিটাৰ/চেকেণ্ড (২১,৪৬০ কিল’মিটাৰ/ঘণ্টা; ১৩,৩৩০ মাইল প্ৰতি ঘণ্টা)।. শব্দৰ বেগ খুব কম পৰিমানে তৰংগৰ বিস্তাৰৰ ওপৰতো নিৰ্ভৰ কৰে।
 
"https://as.wikipedia.org/wiki/শব্দ"ৰ পৰা অনা হৈছে