খগেন মহন্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
30 নং শাৰী:
==সংগীত জগতলৈ অৱদান==
[[File:Khagen & Archana.jpg|thumb|<center>খগেন মহন্ত আৰু অৰ্চনা মহন্ত<center>]]
১৯৬০ চনৰ [[অসমৰ ভাষা আন্দোলন]]ৰ সময়ত [[বিষ্ণুপ্ৰসাদ ৰাভা]], [[হেমাঙ্গ বিশ্বাস]] আৰু [[যুগল দাস]]ৰ দ্বাৰা নিৰ্মান কৰা হাৰ্মনি দল (Harmony Group)-ৰ এজন সক্ৰিয় সদস্য হৈ তেওঁ গোটেই অসমত শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল৷<ref name=vedanti></ref> অসমীয়া সংগীত জগতৰ যুগজয়ী অথবা কালজয়ী অথবা চিৰসেউজ গীতসমূহৰ ভিতৰৰ '''কাউৰী পৰে, কলৰে পাততে কাউৰী পৰে''', '''মা আমি শদিয়ালৈ যামেই''', '''পাৰৰ পাখিত গুঁজি দিলোঁ ফুলাম চিঠিখনি''', '''পাহাৰৰ জুৰিটি পিৰীতি সাৱটি''', আদি গীতত খগেন মহন্তই কণ্ঠদান কৰিছিল৷ তেওঁ অসমৰ গাঁৱে-ভূঞে গৈ সহজ-সৰল মানুহখিনিৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা [[লোকগীত]]ৰ লেছেৰি বুটলি আৰু সেইসমূহৰ সংৰক্ষণৰ দিহা কৰি নতুন প্ৰজন্মৰ মাজত মেলি ধৰি এক মহত দায়িত্ব পালন কৰি আহিছে৷ কলাগুৰু [[বিষ্ণুপ্ৰসাদ ৰাভা]]ই জীৱনৰ অন্তিম সময়ত ৰচনা কৰা '''এয়ে মোৰ শেষ গান''' গীতটোক খগেন মহন্তই সুৰ আৰু কণ্ঠৰে সজায় তুলিছিল৷<ref name=dainik></ref>
 
==অনুষ্ঠান পৰিৱেশন==