অসম দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱ...
 
7 নং শাৰী:
 
==চ্যুকাফাৰ আদৰ্শ==
[[Image:chaolungsukapha.jpg|thumb|right|200px|শিল্পীৰ তুলিকাত চাওলুং চ্যুকাফা]]
চীনৰ য়ুনান প্ৰদেশৰ মাওলুং ৰাজ্যৰ টাই আহোম ফৈদৰ ৰাজকোঁৱৰ [[চুকাফা|চাওলুং চ্যুকাফা]]ই ১২১৫ চনত আঠজন ডাঙৰীয়া আৰু বিষয়া, ৯০০০ জন পুৰুষ-তিৰোতা-ল’ৰা-ছোৱালী, দুটা হাতী আৰু ৩০০ টা ঘোঁৰা লগত লৈ [[ব্ৰহ্মপুত্ৰ উপত্যাকা]]লৈ যাত্ৰা কৰে<ref>অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং চ্যুকাফা, আবেদুল চুলতান, অসমীয়া খবৰ, ২ ডিচেম্বৰ, ২০১১</ref> আৰু প্ৰায় ১৩ বছৰ [[পাটকাই]]ৰ আশে-পাশে অনাই-বনাই থকাৰ পাছত ১২২৮ চনত সৌমাৰ খণ্ডত প্ৰৱেশ কৰে। যুদ্ধ-বিগ্ৰহ এৰাই চলি অতি বিচক্ষণতাৰে চ্যুকাফাই ব্ৰহ্মপুত্ৰ দুয়োপাৰে থকা সৰু সৰু জনগোষ্ঠীয় ৰাজ্যসমূহৰ একত্ৰিত কৰি ‘‘অসম’’ আৰু ‘‘অসমীয়া জাতি’’ গঢ়ি তুলিছিল। সকলোৰে মাজত মিত্ৰতা বজাই ৰাখিবলৈ নিজৰ ভাষা টাই আৰু নিজৰ তাও ধৰ্ম ত্যাগ কৰি সকলো জনগোষ্ঠীৰ সৈতে মিলি এক নতুন ভাষা সৃষ্টিত অৰিহনা যোগাইছিল। তেখেতৰে মহৎ আদৰ্শ গ্ৰহণ কৰি আহোমসকলে ছশ বছৰ শাসন কৰিছিল। চ্যুকাফাই অসমত বুৰঞ্জী চৰ্চাৰ পৰম্পৰাও আৰম্ভ কৰিছিল।<ref>অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং চ্যুকাফা, আবেদুল চুলতান, অসমীয়া খবৰ, ২ ডিচেম্বৰ, ২০১১</ref>
 
"https://as.wikipedia.org/wiki/অসম_দিৱস"ৰ পৰা অনা হৈছে