বিহুৰ বাদ্যযন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

30 নং শাৰী:
===ঢোল===
{{Main|ঢোল}}
[[File:ঢোলৰ সৈতে ঢুলীয়া.JPG|thumb|left|ঢোলৰ সৈতে ঢুলীয়া]]
বিহুগীতত ব্যৱহাৰ হোৱা অতি প্ৰয়োজনীয় বাদ্য হ’ল ঢোল|<ref name="সাদিন">{{cite news | url=http://www.pratidinassam.com/scripts/weeka.asp?id=9,75,99,1062,1593 | title=লোকবাদ্য তুমি নাথাকিলে বসন্তক আদৰিম কিদৰে | date=৬ এপ্ৰিল, ২০১২ | accessdate=১০ এপ্ৰিল, ২০১২ | pages=৯}}</ref> ঢোলৰ তালি(বাওঁ হাতেৰে বজোৱা ফাল) কোবনী (সোঁহাতেৰে বজোৱা ফাল) ফালত কৈ কিছু ডাঙৰ হয়| আম, কঁঠাল, ক’লা জামু আৰু গমাৰি আদি গছৰ পৰা ঢোলৰ খোলাটো সজা হয় আৰু দুয়োটা মূৰ চামৰাৰে চোৱা হয় | দমৰা বা চেঁউৰী গৰুৰ ছালেই ঢোলৰ বাবে উত্তম| বিহুঢোল দীঘলে ৪৫ চে:মি: আৰু ব্যাস প্ৰায় ৩০ চে:মি: বা তাতকৈ অলপ বেচি হব পাৰে | ঢোলৰ কোবনীৰ ছালখন জাতি বাঁহৰ এটা বাও সাজি তাত টানকৈ ছালখন মেৰিয়াই খোলাটোৰ মুখত লগোৱা হয় আৰু তালি ফালৰ ছালখনৰ লগত মজবুট বৰতীৰে (বুঢ়া গৰু ছালৰ ডাঠ ৰচী) কোবনী ফালৰ ছালখনৰ লগত টনা টনি কৰি টানকৈ বন্ধা হয় |এই বৰতীবোৰ যিমানে টনা হয় ঢোলৰ সুৰো উচ্চ গ্ৰামলৈ গৈ থাকে | কোবনীৰ ছালখন তালিৰ ফালে আহিব নোৱাৰাকৈ ৰাখিবৰ বাবে খোলাত এটা খাঁজ কাটি বাঁহৰ কিছুমান ফৰিঙা লগোৱা হয় | কোবনী বাঁহৰ বাওটোক মলোৱা আৰু তালি ফালৰ বৰতিৰে পকাই পকাই গথা সীয়নিটোক গুঠনি বুলি কোৱা হয় | ঢোলটো কান্ধত ওলোমাই ৰাখিবৰ বাবে ব্যৱহাৰ কৰা ৰচীডালক কান্ধজৰী বা ঢোলজৰী বুলি কোৱা হয়| বিহুঢোলৰ মাৰিডাল ৯/১০ ইঞ্চিমান দীঘলকৈ জাতি বাঁহৰ গুৰিৰ পৰা চাঁচি উলিওৱা হয়, এইডালৰ নাম মাহিতা| অসমৰ অতিকৈ আদৰৰ এই ঢোলত বিভিন্ন লাগ, ঘাত, জুৰণি, ৰগৰ, চুচনি, বিভিন্ন ছেও, চালনা, ওজাহাত আদি বজোৱা হয়|