বিহুৰ বাদ্যযন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

48 নং শাৰী:
 
===গগণা===
[[File:গগনা বজাই থকা দুজনী বিহু নাচনী।.JPG|thumb|top left|গগনা বজাই থকা দুজনী বিহু নাচনী।]]
{{Main|গগণা}}
বিহুগীত আৰু বিহুনৃত্যত মুখেৰে ফুঁ দি বজোৱা আন এবিধ বাদ্যযন্ত্ৰ হ’ল গগণা<ref name="সাদিন"/>| আগলি বাঁহৰ লাহৰি গগণাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে| বিহুৰ পৰম্পৰা অনুসৰি ৰূপহী নাচনীয়ে কঁকালৰ খোঁচনিত লুকুৱাই হলেও, প্ৰিয়জনক মৰমৰ বিহুৱানখন নিদিয়ালৈকে যেনেকৈ হৃদয় শাত নপৰে, ঠিক তেনেকৈ বিহুৱা ডেকাটিয়ে হাতৰ টিপতে প্ৰেয়সীক নিজ হাতে সজা লাহৰি গগণাখন নিদিয়ালৈকে যেন মনত শান্তি নাই | গগণাক দাঁতেৰে কামুৰি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়| গগনাৰ মাত বৰ মিঠা আৰু মিহি| গগনা দুবিধ - গাভৰুৱে বজোঁৱা গগণা বিধক কোৱা হয় লাহৰী বা ৰূপহী গগণা আৰু ডেকাই বজোৱা বিধক কোৱা হয় ৰামধন গগণা| [[মিচিং ভাষা]]ত গগনাক ‘গুংগাং’ বোলা হয় | গগণা তিনি/চাৰি বছৰীয়া পকা জাতি বাঁহৰ পৰা চাঁচি উলিওৱা হয় | লোক বিশ্বাস মতে মুখচোকা তিৰোতাৰ তাঁত শালৰ পৰা ‘ব’ তোলা চূঙা চুৰ কৰি আনি গগণা সাজিলে তাৰ মাত ভাল হয় | যিমানে তিৰোতা গৰাকীয়ে গালি পাৰে সিমানে হেনো গগণাৰ মাত ওলায় |