অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

6 নং শাৰী:
 
==ঢোল==
[[File:ঢোলৰ সৈতে ঢুলীয়া.JPG|thumb|200px|ঢোলৰ সৈতে ঢুলীয়া]]
{{Main|ঢোল}}
ঢোল অসমৰ জনংস্কৃতিত সকলোতকৈ গুৰত্বপুৰ্ণ বাদ্য যন্ত্ৰ বুলি ক’লে বোধহয় ভুল নহব। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসবত ঢোল অপৰিহাৰ্য্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্টগত বাদন প্ৰণালী আছে। ঢোলক অসমীয়ালোকে দেৱবাদ্য বুলি গণ্য কৰে । ঢোলৰ উৎপত্তি কৈলাসত আৰু তাৰ পৰাই পাণ্ডৱ অৰ্জুনে ইয়াক মৰ্ত্যলৈ নমাই অনা বুলি লোককথাত পোৱা যায়। পৃথিবীৰ প্ৰায়বিলাক লোক সংস্কৃতিতেই ঢোল জাতীয় বাদ্য ব্যৱহৃত হোৱা দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামুলক ভাবে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ ভিন ভিন ব্যৱহাৰে ইয়াক আন সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট প্ৰদান কৰিছে। এসময়ত ঢোলৰ ছেৱেৰে মতলীয়া কৰিব পৰা ডেকাকহে অসমীয়া গাভৰুৱে জীৱন সংগিনী কৰিবলৈ বাছনি কৰিছিল । অৰ্থাৎ ঢোল বজাব পৰাটো এসময়ত অসমীয়া ডেকাৰ পৌৰুষৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। ঢোলক মানুহৰ প্ৰজনন শক্তিৰ পৰিছায়ক বুলিও ভবা হয়। <ref>http://www.anvesha.co.in/assamese/dhol_as.htm</ref>