সূৰ্যকুমাৰ ভূঞা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সজ্জা, অপ্ৰয়োজনীয় ... বিলোপ, ৱিকিশৈলী প্ৰদান আদি
43 নং শাৰী:
 
==শিক্ষা==
সূৰ্য কুমাৰ ভূঞা দেৱৰ বাল্যকালৰ শিক্ষা [[নগাঁও চহৰ]]তে আৰম্ভ হৈছিল যদিও পাছলৈ তেওঁ ১৯০৪ চনত [[শ্বিলঙ]]লৈ যায়। ১৯০৯ চনত [শ্বিলং চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। প্ৰৱেশিকা পৰীক্ষা দি তেওঁ নগাঁৱত কিছুদিন থাকিছিল আৰু নগাঁৱৰ ছাত্ৰ সকলৰ বাবে থকা '''হিতসাধিনী''' সভাত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ লগত সহযোগ কৰা ব্যক্তি সকল ক্ৰমে- [[দেৱানন্দ ভঁৰালী]], [[কালিৰাম মেধি]], [[শৰত্ চন্দ্ৰ গোস্বামী]], পণ্ডিত [[তৰানাথ চক্ৰৱৰ্তী]] কাব্যবিনোদ, [[হৰিনাৰায়ণ দত্তবৰুৱা]] আৰু [[কমলাকান্ত বৰুৱা]]। তেখেতে ১৯১৩ চনত [[কলিকতা]]ৰ [[প্ৰেছিডেন্সি মহাবিদ্যালয়]]ৰ পৰা স্নাতক আৰু ১৯১৬ চনত [[কলিকতা বিশ্ববিদ্যালয়]]ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ সন্মান লাভ কৰে। ১৯২৪ চনত তেওঁ '''বি এল''' সন্মান লাভ কৰে। ইয়াৰ কেইবছৰ মানৰ পাছত ভূঞাদেৱে সেই একেই বিশ্ববিদ্যালয়ৰ পৰা '''ডি-লিট'''উপাধি লাভ কৰিবলৈ সমৰ্থ হয়|<ref name="সূৰ্যকুমাৰ ভূঞা">{{cite book | title=পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ | publisher=অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ| author=ত্ৰিদিপ গোস্বামী | pages=৬৯, ৭০}}</ref>
 
==কৰ্ম জীৱন==