অৰ্ধপৰিবাহী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.5.4) (ৰবট পৰিবৰ্তন কৰিছে: ru:Полупроводник
1 নং শাৰী:
 
যিবিলাক পদাৰ্থৰ বৈদ্যুতিক পৰিবাহীতাৰ মান পৰিবাহী পদাৰ্থৰ বৈদ্যুতিক পৰিবাহীতাতকৈ বেছি আৰু অপৰিবাহী পদাৰ্থৰ বৈদ্যুতিক পৰিবাহীতাতকৈ কম হয়, সে‌ইবিলাক পদাৰ্থক '''অৰ্ধপৰিবাহী''' বুলি কোৱা হয়। অৰ্থা‌ৎ অৰ্ধপৰিবাহীৰ বৈদ্যুতিক পৰিবাহীতাৰ মান ১০<sup>৩</sup>-ৰ পৰা ১০<sup>-৮</sup> চিমেন প্ৰতি চেণ্টিমিটাৰৰ ভিতৰত হয়। [[ৰেডিঅ’]], [[কম্পিউটাৰ]], [[টেলিফোন]] আৰু অন্যান্য বহুতো আধুনিক ইলেক্ট্ৰনিক সা-সজুলিৰ ভেটি হৈছে অৰ্ধপৰিবাহী পদৰ্থবোৰ। এ‌ই সজুলিবোৰত ব্যৱহৃত [[ট্ৰেনজিষ্টৰ]], পোহৰ বিকৰণ কৰিব পৰা ডায়ড(light-emitting diode)কে ধৰি বিভিন্ন ধৰণৰ ডায়ড, চিলিকন নিয়ন্ত্ৰিত ৰেক্টিফায়াৰ, ডিজিটেল আৰু এনালগ সংযুগ্ম বৰ্তনী (integrated circuit) আদি সজুলি অৰ্ধপৰিবাহী ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয়। একেদৰে অৰ্ধপৰিবাহী সৌৰ ফ’ট’ভল্টে‌ইক পেনেলৰ দ্বাৰা সূৰ্যৰ পোহৰ শক্তিক প্ৰত্যক্ষভৱে বৈদ্যুতিক শক্তিলৈ পৰিৱৰ্তন কৰিব পৰা হৈছে। ধাতবীয় পৰিবাহী পদৰ্থবোৰত ইলেক্ট্ৰনৰ গতিৰ কাৰণে বিদ্যু‌ৎ প্ৰৱাহৰ সৃষ্টি হয়। আনহাতে অৰ্ধপৰিবাহী পদৰ্থবোৰত বিদ্যু‌ৎ প্ৰৱাহ ইলেক্ট্ৰনৰ গতি নাইবা ধনাত্মক ভাৱে আহিত [[হ’ল]]ৰ কাৰণে সৃষ্টি হয়। সাধাৰণতে অৰ্ধপৰিবাহী পদৰ্থবোৰ স্ফটিকীয় গোটা পদাৰ্থ হয়, কিন্তু ‌‌‌‌অনিয়তাকাৰ আৰু তৰল অৰ্ধপৰিবাহীও পোৱা যায়।
 
Line 96 ⟶ 95:
[[pt:Semicondutor]]
[[ro:Semiconductor]]
[[ru:Полупроводник]]
[[ru:Полупроводники]]
[[sh:Poluprovodnik]]
[[si:අර්ධ සන්නායක]]