বিহুৰ বাদ্যযন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

The file Image:Bamboo_Xutuli.jpg has been removed, as it has been deleted by commons:User:Fastily: ''No permission since 27 July 2012''. ''Translate me!''
59 নং শাৰী:
===সুতুলি===
{{Main|সুতুলি}}
 
[[File:Bamboo Xutuli.jpg|thumb|200px|বাঁহৰ সুতুলি]]
বাঁহীৰ দৰে ফুঁ দি বজোৱা আন এবিধ বাদ্যযন্ত্ৰ হ’ল সুতুলি<ref name="সাদিন"/>| বিহুৰ বাদ্য হিচাবে সুতুলিৰ অসমীয়া সমাজত এক সুকীয়া আসন আছে| জাকিমাৰি ওলোৱা নাচনী পখিলীৰ কঁকালৰ খোঁচনিত সুমোৱাই অনা মাটিৰ সুতুলিটোয়ে আমাৰ বিহুখনিৰ জেউতি চৰায়| সুতুলি মাটিৰে তৈয়াৰ কৰা বাদ্য| ইয়াৰ নিৰ্মাণ প্ৰনালীও অতি সহজ| সুতুলি সাঁজিবলৈ আলতীয়া মাটি (কুমাৰ মাটি, কেঁকোৰা গাঁতৰ মাটি, পুখুৰী তলৰ কোমল মাটি হ’লে ভাল হয়) এলডা লৈ প্ৰথমে দুহাতেৰে চেপেটা কৰি মাজত খালি ঠাই ৰোৱাকৈ চাৰিওফালে বন্ধ কৰি দিব লাগে| তাৰ পাচত এবেলা ৰ’দত শুকুৱাই লোৱাৰ পিচত তাত তিনিটা বিন্ধা কৰি ল’লেই সুতুলি সজাৰ কাম সম্পূৰ্ণ হয়| তাৰে এটাত ফুঁ দি বাকী দুটাত আঙুলি বুলাই সুৰৰ সৃষ্টি কৰা হয়| সুতুলি মহিলাই বজোৱা বাদ্য যদিও আজি কালি পুৰুষেও বজোৱা দেখা যায়|