বাঁহী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

13 নং শাৰী:
 
==নিৰ্মাণ প্রণালী==
দীঘল, পাতল আৰু সুষম ব্যাসৰ এটা বাঁহৰ পাবৰ পৰা বাঁহী তৈয়াৰ কৰা হয়। কেতিয়াবা দীঘল বাঁহী তৈয়াৰ কৰিবলৈ বাঁহৰ গাঁঠি লোৰ শলা গৰম কৰি ফুটাই লোৱাও দেখা যায়। বাঁহীৰ এটা মূৰ সোপা মাৰি বন্ধ কৰা হয়। আৰু সোপাটোৰ ওচৰতে এটা বৃত্তাকাৰ ফুটা কৰা হয়। এই ফুটাত ফুঁ দি বাঁহীৰ মাত উলিওৱা হয়। গতিকে ইয়াক ইংৰাজীত "ট’ন হ’ল" (Tone Hole) বুলিব পাৰি। ফুটা কৰিবলে লোৰ বিন্ধনা ব্যৱহাৰ হয়। আকৌ ইয়াৰ আনফালে থিক মাজ অংশৰ পৰা সমদূৰত্বত একেধৰণে আৰু ছটা বিন্ধা কৰা হয়। এই কেইটাত আঙুলি বুলাই বাঁহীৰ সুৰ নিয়ন্ত্ৰণ কৰা বাবে এই ছটা ফুটাক ইংৰাজীত "কী হ’ল" ( Key Hole) বুলিব পাৰি। কেতিয়াবা দীঘল বাঁহীৰ একেবাৰে তলৰ ফালে আৰু এটা অতিৰিক্ত ফুটা কৰা দেখা যায়। এই অতিৰক্ত ফুটাটোৱে বাঁহী মাত্ৰা বা স্কেল নিৰ্ধাৰণ কৰে।
 
বাঁহীৰ দৈৰ্ঘ্য, Tone Hole ৰ পৰা সোপাটোৰ দূৰত্ব , বাঁহীৰ ব্যাস আদি চলক বিলাকৰ ওপৰত বাঁহীৰ সুৰ আৰু মাত্ৰা নিৰ্ভৰ কৰে।
 
==বাঁহী বাদনৰ নিয়ম আৰু কৌশল ==
"https://as.wikipedia.org/wiki/বাঁহী"ৰ পৰা অনা হৈছে