ফ্ৰান্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

94 নং শাৰী:
.
==ইতিহাস==
ফ্ৰান্স নামেৰে পৰিচিত এই ভুখণ্ডৰ ইতিহাস কেইবাহাজাৰ বছৰ পূৰণি। খ্ৰী: পূ: ৬০০ ত গ্ৰীক সাম্ৰাজ্যৰ এটা অংশই মাৰ্চেই [[:en: MarcheliMarseille|(MarcheliMarseille)]] নামে ঠাইত বসবাস কৰা আৰম্ভ কৰে। এই মাৰ্চেই ফ্ৰান্সৰ সকলোতকৈ প্ৰাচীন চহৰ। সেই সময়তে বৰ্তমান ফ্ৰান্সৰ আন আন অংশসমুহত কেলটিক গ’ল সকলো শক্তিশালী হৈ উঠে। [[ৰোমান]] সকলে এই গ’ল সকলক পৰাস্ত কৰি ৪ৰ্থ শতিকালৈকে এই ভুখণ্ড নিজৰ তলতীয়া কৰি ৰাখে।
ৰোমৰ পতনৰ পাছত ৪ৰ্থ শতিকাত ফ্ৰেংক নামে জনাজাত হৈ পৰা এই লোকসকলে, পুণৰ এই ভুখণ্ডৰ দখল নিজৰ হাতলৈ আনে। ৭৬৮ চনত চাৰ্লেমেন নামৰ এজন লোকে এই ফ্ৰেংক সকলক একগোট কৰি ৰাজ্য বিস্তাৰ কৰা আৰম্ভ কৰে। এই চাৰ্লেমেনকে বৰ্তমানৰ ফৰাছী আৰু জাৰ্মান ৰাজতন্ত্ৰৰ সকলৰ পূৰ্বসূৰী বুলি ধৰা হয়। ফৰাছী ৰাজতন্ত্ৰ প্ৰায় এহেজাৰ বছৰ ইউৰোপৰ এক শক্তিশালী সাম্ৰাজ্য ৰূপে পৰিগনিত হৈ আছিল ।
১৭৯২ চনত ফৰাছী বিপ্লৱৰ যোগেদি ফ্ৰান্সত গণতন্ত্ৰ প্ৰতিস্থা হয়। কিন্তু ই বেছি দিন ধৰি বাছি নেথাকিল,[[ নাপ’লেয় ব’নাপাৰ্ট|নাপ’লেয় ব’নাপাৰ্টে]] ফ্ৰান্সৰ শাসনভাৰ অধিকাৰ কৰি নিজকে সম্ৰাট বুলি ঘোষণা কৰে, আৰু ইউৰোপৰ বহতো দেশ অধিকাৰ কৰে। ১৮৭০ চনত নাপ’লেয় পৰাজিত হয় আৰু ফ্ৰান্সত পূণৰ গণতন্ত্ৰ প্ৰতিষ্ঠা হয়।
"https://as.wikipedia.org/wiki/ফ্ৰান্স"ৰ পৰা অনা হৈছে