ফ্ৰান্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
96 নং শাৰী:
ফ্ৰান্স নামেৰে পৰিচিত এই ভুখণ্ডৰ ইতিহাস কেইবাহাজাৰ বছৰ পূৰণি। খ্ৰী: পূ: ৬০০ ত গ্ৰীক সাম্ৰাজ্যৰ এটা অংশই মাৰ্চেই [[:en: Marseille|(Marseille)]] নামে ঠাইত বসবাস কৰা আৰম্ভ কৰে। এই মাৰ্চেই ফ্ৰান্সৰ সকলোতকৈ প্ৰাচীন চহৰ। সেই সময়তে বৰ্তমান ফ্ৰান্সৰ আন আন অংশসমুহত কেলটিক গ’ল সকলো শক্তিশালী হৈ উঠে। [[ৰোমান]] সকলে এই গ’ল সকলক পৰাস্ত কৰি ৪ৰ্থ শতিকালৈকে এই ভুখণ্ড নিজৰ তলতীয়া কৰি ৰাখে।
ৰোমৰ পতনৰ পাছত ৪ৰ্থ শতিকাত ফ্ৰেংক নামে জনাজাত হৈ পৰা এই লোকসকলে, পুণৰ এই ভুখণ্ডৰ দখল নিজৰ হাতলৈ আনে। ৭৬৮ চনত চাৰ্লেমেন নামৰ এজন লোকে এই ফ্ৰেংক সকলক একগোট কৰি ৰাজ্য বিস্তাৰ কৰা আৰম্ভ কৰে। এই চাৰ্লেমেনকে বৰ্তমানৰ ফৰাছী আৰু জাৰ্মান ৰাজতন্ত্ৰৰ সকলৰ পূৰ্বসূৰী বুলি ধৰা হয়। ফৰাছী ৰাজতন্ত্ৰ প্ৰায় এহেজাৰ বছৰ ইউৰোপৰ এক শক্তিশালী সাম্ৰাজ্য ৰূপে পৰিগনিত হৈ আছিল ।
১৭৯২ চনত ফৰাছী বিপ্লৱৰ যোগেদি ফ্ৰান্সত গণতন্ত্ৰ প্ৰতিস্থা হয়। কিন্তু ই বেছি দিন ধৰি বাছি নেথাকিল,[[
দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানিয়ে ফ্ৰান্স অধিকাৰ কৰে। সেই সময়ছোৱাত মধ্য ফ্ৰান্সৰ ৱিচ্চিত [[:en: Vichy|(Vichy)]] এক অস্থায়ী চৰকাৰ গঠন হয়, আৰু এই চৰকাৰে অক্ষশক্তিক সমৰ্থন জনায়। ১৯৪৪ চনত মিত্ৰশক্তিয়ে ফ্ৰান্স উদ্ধাৰ কৰে আৰু [[চাৰ্লচ ডি গ’লে]] নতুনকৈ ফ্ৰান্সৰ [[সংবিধান]] ৰচনা কৰে। আধুনিক কালত ফ্ৰান্সক বিশ্বৰ এক ৰাজনৈতিক মহাশক্তি ৰূপে গঢ়ি তোলাত ডি. গ’লৰ ভুমিকা অনস্বীকাৰ্য। বিশ্বযুদ্ধৰ পৰবৰ্তী কালছোৱাত ফৰাছী উপনিবেশ সমূহত স্বাদীনতাৰ বাবে আন্দোলন আৰম্ভ হয় আৰু ফ্ৰান্সে প্ৰায়বিলাক উপনিবেশেই হেৰুৱাব লগাত পৰে।
প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত ফ্ৰান্সে সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিছিল আৰু অপূৰণীয় ক্ষয় ক্ষতিৰ সন্মূখীন হৈছিল।
|