ফ্ৰান্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

140 নং শাৰী:
 
== অৰ্থনীতি ==
 
কৃষি উৎপাদনে ফ্ৰান্স ইউৰোপেৰ সবাতোকৈ গুৰুত্বপূৰ্ণ দেশ; এটি মূলত খাদ্যশস্য, [[ওয়াইন]], [[পনিৰ]] ও অন্যান্য কৃষিদ্ৰব্য ইউৰোপ ও সাৰা বিশ্বে ৰপ্তানি কৰে। ফ্ৰান্স ভাৰী শিল্পেৰ দিক পৰাও বিশ্বেৰ প্ৰথম সাৰিৰ দেশ; এখানে মোটৰযান, ইলেকট্ৰিক যন্ত্ৰপাতি, ও ৰাসায়নিক দ্ৰব্য উৎপাদন কৰা হয়। তবে ইদানীংকাৰ দশকগুলিতে সেবামূলক শিল্প যেমন ব্যাংকিং, পাইকাৰী ও খুচৰা বাণিজ্য, স্বাস্থ্যসেবা ও পৰ্যটন ফৰাছী অৰ্থনীতিতে ব্যাপক ও প্ৰধান ভূমিকা ৰাখা শুৰু কৰেছে।
বিশ্বৰ উদ্যোগপ্ৰধান ৰাষ্ট্ৰসমূহৰ সংগঠন [[G8]] ৰ সদস্য ফ্ৰান্স বিশ্বৰ পঞ্চম আৰু ইউৰোপৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি।আৰু আন ১১ খন ইউৰোপীয় দেশৰ সহযোগীতাত ফ্ৰান্সে ১৯৯৯ চনৰ এক জানুৱাৰীৰ ‘ [[ইউৰ’]]মুদ্ৰাৰ জন্ম দিয়ে, আৰু পূৰণা ফ্ৰেংক মুদ্ৰাৰ অৱসান ঘটায়।
ফ্ৰান্সৰ অৰ্থনীতি মিশ্ৰ ধৰণৰ, এই ব্যৱস্থাত ব্যক্তিগত খণ্ডৰ বহুল যোগদানৰ লগতে চৰকাৰী খণ্ডৰো দখল থাকে। বি‍শেষকৈ গুৰুত্বপূৰ্ণ উদ্যোগ সমূহ যেনে, ৰেল যোগাযোগ, শক্তি, বিমান উদ্যোগ, আণৱিক শক্তি বা দূৰসংযোগ আদি বিভাগ বিলাকৰ মূল নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে। যদি আজিকালি ফৰাছী চৰকাৰে এই ক্ষেত্ৰসমূহত নিজৰ নিয়ন্ত্ৰণ লাহে লাহে কমাই অনা দৃষ্টিগোচৰ হৈছে।
বিশ্ব বাণিজ্য সংস্থাৰ মতে,২০০৯ চনত উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত ফ্ৰান্স বিশ্বৰ ৪ৰ্থ বৃহৎ আমদানি কৰোতাঁ, লগতে ৬ষ্ঠ বৃহৎ ৰপ্তানি কৰোতা। ফ্ৰান্সৰ অৰ্থনীতিত বেংকিং আৰু বীমা খণ্ডৰ যোগাদানো উল্লেখনীয়। ফৰাছী বীমা কোম্পানী AXA ক বিশ্বৰ সৰ্ববৃহৎ বীমা কোম্পানী বুলি জনা যায়।
পৃথিবীৰ সৰ্বাধিক ঔদ্যোগীকৃত সাতখন দেশৰ এখন হৈয়ো ফ্ৰান্সে এই সকলো দেশতকৈ কম [[কাৰ্বন-ডাই-অক্সাইড]] উৎপন্ন কৰে, ইয়াৰ কাৰণ হ’ল শক্তি উৎপাদনৰ বাবে নিউক্লীয় উৎসৰ বহুল ব্যৱহাৰ। দেশখনত উৎপন্ন হোৱা বিদ্যুতৰ ৫৯ শতাংশই নিউক্লীয় উৎসৰ পৰা আহৰণ কৰা হয়।
===কৃষি===
ঐতিহাসিক ভাৱে কৃষি ক্ষেত্ৰত ফ্ৰান্স এখন অগ্ৰগনী দেশ। সাৰুৱা কৃষি উপযোগী বৃহৎ ভূখণ্ড আৰু আদুনিক প্ৰযুক্তিৰ ব্যৱহাৰ, এই দুয়ুটাই ফ্ৰান্সক কৃষিজাত সামগ্ৰীৰ পৃথিৱীৰ এক সৰ্ববৃহৎ উৎপাদক তথা ৰপ্তানি কাৰী দেশ হিচাপে প্ৰতিষ্ঠিত কৰিছে।
[[ঘেহু, [[প’লট্ৰী, [[দুগ্ধজাত সামগ্ৰী, [[মাংস আদিৰ লগতে আন্তৰ্জাতিক মান্যতা সম্পন্ন প্ৰসংস্কৃত খাদ্যবস্তু ফ্ৰান্সৰ প্ৰধান কৃষিজাত ৰপ্তানি দ্ৰব্য। [[ৰ’জ ৱাইন]] সাধাৰণতে ঘৰুৱা ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা হয়, কিন্তু [[চেম্পেইন]] আৰু [বৰ্ডেউ]], মূখ্যত ৰপ্তানি কৰা হয়। ২০০৭ চনত ফ্ৰান্সে ৩৩.৫ বিলিয়ন মূল্যৰ কৃষিজাত সামগ্ৰী ৰপ্তানি কৰে।
কৃষি ফ্ৰান্সৰ অৰ্থনীতি এক মূল অংগ, জনসংখ্যাৰ প্ৰায় ৩.৫% কৃষিক্ষেত্ৰত নিয়োজিত, তাৰোপৰি ২০০৫ চনত ফ্ৰান্সৰ ঘৰুৱা উৎপাদনৰ ৪.২% কেৱল কৃষিক্ষেত্ৰৰ পৰাই আহিছিল।
===পৰ্যটন===
২০১১ চনত ৭৯.৫ মিলিয়ন পৰ্যটকৰে ফ্ৰান্সে বিশ্ব শ্ৰেষ্ঠ গন্তব্যস্থল হিচাপে স্থান পাইছিল। পৰ্যটন ফ্ৰান্সৰ আন এক গুৰত্বপূৰ্ণ উদ্যোগ। ফ্ৰান্স, বিশেষকে পেৰছত পৃথিৱীৰ সৰ্ববৃহৎ আৰু বিখ্যাত যাদুঘৰ সমূহ অৱস্থিত। ফ্ৰান্সৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটন স্থলী বিলাকৰ কেইটামান হ’ল আইফেল টাৱাৰ, ল্যু’ভে যাদুঘৰ, ভাৰ্চেলিচৰ প্ৰাসাদ, ড-অৰ্চে যাদুঘৰ, ইত্যদি।
 
== ছবিতে ফ্ৰান্স ==
"https://as.wikipedia.org/wiki/ফ্ৰান্স"ৰ পৰা অনা হৈছে