ফ্ৰান্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

114 নং শাৰী:
প্ৰায় ৬৫.৮ মিলিয়ন জনসংখ্যাৰে ( জানুৱাৰী ২০১১ৰ লোকপিয়ল মতে) ফ্ৰান্স পৃথিৱীৰ ২১ তম জনবসতিপূৰ্ণ দেশ। উচ্চ আয়ুস সীমাৰ লগতে জন্মৰ হাৰ বৃদ্ধি ফ্ৰান্সৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ। লগতে স্থায়ী ভাৱে ফ্ৰান্সলৈ প্ৰবজন কৰা লোকৰ সংখ্যাও[[ ইউৰোপ]]ৰ বাকী দেশ বোৰৰ তুলনাত যথেষ্ট বেছি। ফ্ৰান্সৰ জনসংখ্যাৰ প্ৰায় ১৯% এনে লোক বুলি অনুমান কৰা হয়। অৱশ্যে ফ্ৰান্সৰ আইন মতে কোনো নাগৰিকৰ জাতি –প্ৰজাতি সম্বন্ধে অনুসন্ধান কৰা নি‍‍ষেধ, গতিকে প্ৰকৃত পৰিসংখ্যা পোৱা কঠিন। বৰ্তমানে ফৰাছী চৰকাৰী অনুপ্ৰৱেশ কমাবৰ বাবে কঠোৰ নীতি অৱলম্বন কৰিছে। <br>
ফ্ৰান্সত গ্ৰাম্য জনসংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে, আৰু চৰকাৰক বহুক্ষেত্ৰত সমস্যাতো পেলাইছে।
 
==ভাষা আৰু শিক্ষাব্যৱস্থা==
ফৰাছি সংবিধানৰ ২ নং দফা মতে ফ্ৰান্সৰ ৰাষ্ট্ৰভাষা ফৰাছী।যদিও ব্যক্তিগত ভাবে ভাষাৰ ব্যৱহাৰত কোনো বাধা নাই, কিন্তু ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত ফৰাছী ভাষা ব্যৱহাৰ কৰা বাধ্যতা মূলক।
১৮০২ চনত নাপলেয়’ ই শিক্ষাপ্ৰদানৰ বাবে লাইচি’ ৰ সৃষ্টি কৰে। তথাপিও জুলে’ ফেৰীক ফ্ৰান্সত আধুনিক বিদ্যালয়ৰ জন্মদাতা বুলি জনা যায়। ১৮৮২ চনৰ পৰাই ফ্ৰান্সত ১৩ বছৰ বয়সলৈকে ( আজিকালি ১৬) বিনামূলীয়া, ধৰ্মনিৰপেক্ষ আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰাৰ ব্যবস্থা কৰা হৈছে।
বৰ্তমান ফ্ৰান্স কেন্দ্ৰীয় শিক্ষাব্যৱস্থা প্ৰচলিত হৈ আছে, ইয়াৰ স্তৰ তিনিটা, প্ৰাথমিক, মধ্য আৰু উচ্চশিক্ষা। প্ৰাথমিক, মধ্যস্তৰৰ শিক্ষা প্ৰধানত ৰাজহুৱা ভাৱে প্ৰদান কৰা হয়, ৰাষ্ট্ৰীয় শিক্ষা মন্ত্ৰালয়ে এই বিদ্যালয় সমূহ পৰিচালনা কৰে। উচ্চশিক্ষা ৰাজহুৱা বিশ্ববিদ্যালয়সমূহত বা কিছুমান বিশেষ শিক্ষানুষ্ঠানত [[:en:Grandes écoles|(Grandes écoles)]] প্ৰদান কৰা হয়।
 
== সংস্কৃতি ==
"https://as.wikipedia.org/wiki/ফ্ৰান্স"ৰ পৰা অনা হৈছে