ফ্ৰান্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

151 নং শাৰী:
===কৃষি===
ঐতিহাসিক ভাৱে কৃষি ক্ষেত্ৰত ফ্ৰান্স এখন অগ্ৰগনী দেশ। সাৰুৱা কৃষি উপযোগী বৃহৎ ভূখণ্ড আৰু আদুনিক প্ৰযুক্তিৰ ব্যৱহাৰ, এই দুয়ুটাই ফ্ৰান্সক কৃষিজাত সামগ্ৰীৰ পৃথিৱীৰ এক সৰ্ববৃহৎ উৎপাদক তথা ৰপ্তানি কাৰী দেশ হিচাপে প্ৰতিষ্ঠিত কৰিছে।
[[ঘেহু]], [[প’লট্ৰী]], [[দুগ্ধজাত সামগ্ৰী]],গো [[মাংস আদিৰ লগতে আন্তৰ্জাতিক মান্যতা সম্পন্ন প্ৰসংস্কৃত খাদ্যবস্তু ফ্ৰান্সৰ প্ৰধান কৃষিজাত ৰপ্তানি দ্ৰব্য। [[ৰ’জ ৱাইন]] সাধাৰণতে ঘৰুৱা ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা হয়, কিন্তু [[চেম্পেইন]] আৰু [বৰ্ডেউ]], মূখ্যত ৰপ্তানি কৰা হয়। ২০০৭ চনত ফ্ৰান্সে ৩৩.৫ বিলিয়ন মূল্যৰ কৃষিজাত সামগ্ৰী ৰপ্তানি কৰে।
কৃষি ফ্ৰান্সৰ অৰ্থনীতি এক মূল অংগ, জনসংখ্যাৰ প্ৰায় ৩.৫% কৃষিক্ষেত্ৰত নিয়োজিত, তাৰোপৰি ২০০৫ চনত ফ্ৰান্সৰ ঘৰুৱা উৎপাদনৰ ৪.২% কেৱল কৃষিক্ষেত্ৰৰ পৰাই আহিছিল।
 
===পৰ্যটন===
২০১১ চনত ৭৯.৫ মিলিয়ন পৰ্যটকৰে ফ্ৰান্সে বিশ্ব শ্ৰেষ্ঠ গন্তব্যস্থল হিচাপে স্থান পাইছিল। পৰ্যটন ফ্ৰান্সৰ আন এক গুৰত্বপূৰ্ণ উদ্যোগ। ফ্ৰান্স, বিশেষকে পেৰছত পৃথিৱীৰ সৰ্ববৃহৎ আৰু বিখ্যাত যাদুঘৰ সমূহ অৱস্থিত। ফ্ৰান্সৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটন স্থলী বিলাকৰ কেইটামান হ’ল আইফেল টাৱাৰ, ল্যু’ভে যাদুঘৰ, ভাৰ্চেলিচৰ প্ৰাসাদ, ড-অৰ্চে যাদুঘৰ, ইত্যদি।
"https://as.wikipedia.org/wiki/ফ্ৰান্স"ৰ পৰা অনা হৈছে