ফ্ৰান্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

130 নং শাৰী:
 
===সাহিত্য===
[[মধ্যযুগ]]ৰ পৰাই ফ্ৰান্সত সাহিত্য চৰ্চা কৰাৰ উদাহৰণ দেখা যায়, যদিও সেই সময়ত ফৰাছী ভাষা সুসংহত হোৱা নাছিল। সেই সময়ৰ সাহিত্যত পৌৰানিক বীৰসকল বা লোককথাসমূহে প্ৰাদান্য পোৱা দেখা যায়। ১১৭৫ চনত পেৰ’ দে’ চে্ণ্ট ক্ল’ডে লিখা “ৰোমান দে’ ৰেনাৰ্ট” প্ৰাচীন ফৰাছী সাহিত্যৰ এক উল্লেখযোগ্য নিদৰ্শণ।১৭শ শতিকাত মেডাম ডে’ লা ফয়েটে” ই লে প্ৰিন্সেচ ডে’ ক্লেভে নামৰ এখন উপন্যস প্ৰকাশ কৰে, এই উপন্যাস পৃথিৱীৰ প্ৰথম মনোবৈজ্ঞানীক উপন্যাস সমূহৰ এখন বুলি জনা যায়। ১৯ শতিকালৈ ফ্ৰান্সে কেইবাজনো বিখ্যাত সাহিত্যিকৰ জন্ম দিয়ে। ভিক্তৰ হিউগ’ক কোনো কোনোৱে ফ্ৰান্সৰ শ্ৰেষ্ঠ লিখক বুলি অভিহিত কৰে। তেখেতৰ ক্ৰমৱেল নাটকৰ প্ৰস্তবনা অংশই ৰমন্যাসবাদৰ সূচনা বুলি ধৰা হয়। লে মিজাৰেবল, লে কণ্টেম্প্লেচনস, লা- লিজেণ্ডে- ডে- চিয়েকল।, আদি হিউগ’ৰ অনন্য সাহিত্য কৃতি। আন কেইজন মান বিখ্যাত ফৰাছী সাহিত্যিক হ’ল , আলেকজেণ্ডাৰ ডুমা, জুলে’ ভাৰ্ন, এমিল জ’লা, বালজাক, জাঁ পল ছাত্ৰে, আলবেয়াৰ কেমু, ইত্যাদি। আজিলৈকে ফৰাছী সাহিত্যিক সকলে সকলোতকৈ বেছি নোবেল বঁটা লা ভ কৰিছে।
 
===সংগীত===
===বিজ্ঞান===
"https://as.wikipedia.org/wiki/ফ্ৰান্স"ৰ পৰা অনা হৈছে