বিহুৰ বাদ্যযন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

The file Image:Bamboo_Xutuli.jpg has been removed, as it has been deleted by commons:User:Fastily: ''No permission since 27 July 2012''. ''Translate me!''
43 নং শাৰী:
 
===পেঁপা===
{{Main|ম'হৰ শিঙৰ পেঁপা}}
[[File:Bihu dancer with a horn.jpg|thumb|200px|পেঁপাৰ সৈতে বিহুৱা]]
ব’হাগ বিহুত বজোৱা লোকবাদ্যসমুহৰ ভিতৰত ঢোলৰ পাচতে পেঁপা<ref name="সাদিন"/>| বিহু সংস্কৃতিৰ বৰঘৰত ম’হৰ শিঙৰ পেঁপাটো লাইখুটা স্বৰূপ| ম’হৰ শিঙৰ পেঁপাত সুৰৰ লহৰ তুলিবলৈ বিজুলী বাঁহৰ আগৰ পৰা চাৰি আঙুলমানৰ এপাব কাটি তাত বিন্ধনাৰে চাৰিটা বিন্ধা উলিয়াই লোৱা হয় | ইয়াক পেপাৰ নলীচা বোলা হয়| এই নলীচা ডালৰ এফালে নল আৰু এফালে গাঁঠি থকা পাব এটা পাতলকৈ ফালি "চুপহি" সাজি মুখেৰে ফুঁ দি বজোৱা হয়| এই চুপহিৰ ফলা অংশ মুখেৰে ফুঁ দিলে পেঁ কৈ বাজি উঠে আৰু সেই শব্দক নলীচাৰ বিন্ধা কেইটাৰ সহায়ত - "টিহিঁটি-টিটলৌ- টিঁহিটি ৰম ৰম” সুৰৰ লহৰি তোলা হয়| ম’হৰ শিঙত পেঁপা বজোৱাৰ এটা বৈশিষ্ট্য হৈছে-পেঁপা বজাওঁতে মাজত যতি নপৰে | অৰ্থাত্‍পেঁপা বজাই থাকোতে এক বিশেষ কৌশলেৰে উশাহ ঘূৰাই পেঁপাবাদন বন্ধ নকৰাকৈ বজোৱা হয়| বিহুত এৰাব নোৱাৰা এইবিধ বাদ্য কেৱল পুৰুষেহে বজোৱাৰ নিয়ম| বিহুৰ উপৰিও ম’হৰ শিঙৰ পেঁপা অতীতত ম’হৰ পিঠিত উঠি গৰু, ম’হ চৰাওঁতে গৰখীয়া সকলেও বজাইছিল|