চি ভি ৰামন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
37 নং শাৰী:
}}
 
''' চন্দ্ৰশেখৰ ভেঙ্কটৰমণ '''({{lang-en| Chandra Sekhar Venkotromon}})(১৮৮৮-১৯৭০)এগৰাকী বিশিষ্ট বিজ্ঞানী আছিল। ভাৰতলৈ ন'বেল বঁটাৰ সন্মান কঢ়িয়াই অনা ব্যক্তি সকলৰ ভিতৰত চাৰ চন্দ্ৰশেখৰ ভেঙ্কটৰমণ আছিল। [[এচিয়া]]ৰ ভিতৰতে ১৯৩০ চনত বিজ্ঞান বিষয়ত নবেলন'বেল বঁটা লাভ কৰা চন্দ্ৰশেখৰ ভেঙ্কটৰমণ আছিল প্ৰথম গৰাকী ব্যক্তি। এই গৰাকী বিশিষ্ট বিজ্ঞানীক [[ভাৰত]] চৰকাৰে ১৯৫৪ চনত ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল। তেওঁ ভাৰত চৰকাৰৰ ডেপুটী একাউণ্টেণ্ট জেনেৰেল পদত কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি [[পেৰিচ]], [[ৰুছিয়া]] হাঙ্গেৰীৰ অকাডেমী অব্ চায়েন্স আদি অনুষ্ঠানে তেওঁক সদস্য হিচাপে লোৱাৰ উপৰিও [[ইউৰোপ]] আৰু অনেক ভাৰতীয় বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট উপাধিৰে সন্মানিত কৰিছিল।<ref name="চন্দ্ৰশেখৰ ভেঙ্কটৰমণ">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১৬, ১৭,১৮,১৯}}</ref>
 
 
50 নং শাৰী:
চন্দ্ৰচেখৰ ভেঙ্কটৰমণৰ জীৱনৰ উদ্দেশ্য আছিল বিজ্ঞানিক হোৱা, বিজ্ঞানৰ চৰ্চাতে জীৱন কটোৱা। কিন্তু তাৰ সলনি তেওঁ হল এজন গাণিতিক-সেয়ে পাছলৈ অন্তৰ্দ্বগ্ধত ভুগি, কলিকতা চহৰৰ মাজেৰে ডেল হাউচী স্কোৱাৰৰ পৰা শিয়ালদহলৈ ট্ৰামেৰে গৈ থাকোঁতে বাউবাজাৰ ষ্ট্ৰীটত তেওঁৰ চকু পৰিল এখন চাইন বোৰ্ডত, চাইন বোৰ্ডখনত লিখা আছিল--দি ইণ্ডিয়ান এচোচিয়েচন ফৰ দি কাল্টিভেচন অব্ চায়েন্স। তেওঁ যিমানদূৰ পাৰে সোনকালে ট্ৰামৰ পৰা নামি, চাইন বোৰ্ড দিয়া ঘৰটো বিচাৰি আহিল আৰু লগ পালে অনুষ্ঠানটিৰ সম্পাদক ডাঃ অমৃতলাল চৰকাৰক। তেতিয়াৰে পৰা গৱেষণাগাৰলৈ নিয়মিয়াকৈ আহিবলৈ ধৰিলে।
 
১৯২১ চনটো ৰমণৰ কাৰণে বৰ সৌভাগ্যৰ বছৰ আছিল, এই বছৰটোতে তেওঁ অক্সফোৰ্ডত অনুষ্ঠিত বিশ্ববিদ্যালয় কংগ্ৰছত যোগদান কৰিছিল কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি হিচাপে। তাতেই তেওঁ পৃথিৱীৰ বিভিন্ন বিজ্ঞানীৰ লগত পদাৰ্থ বিজ্ঞানৰ জটিল সমস্যাবিলাক মুকলিকৈ আলোচনা কৰিবলৈ সুবিধা পাইছিল। ভূমধ্য সাগৰেৰে তেওঁ লণ্ডনৰ পৰা ঘৰমুৱা হওঁতে সাগৰৰ দিগন্তত প্ৰসাৰিত হোৱা নীলা জলৰাশি দেখি কিয় নীলা ৰঙৰ হয় সেয়া জানিবলৈ তেওঁ নিজৰ হাতত থকা নিকল প্ৰিজমটো উলিয়াই সাগৰৰ জলৰাশিলৈ লক্ষ্য কৰিলে, আৰু পোহৰৰ প্ৰতিক্ৰিয়াৰ বাবেই হয় যে জানিব পাৰিলে।তেওঁৰ গৱেষণাৰ ফলতেই তৰংগ তত্ব, বিকিৰণ ধৰ্ম আৰু তাপ গতি বিদ্যা বিষয়ক গৱেষণাৰ পথ মুকলি হৈছিল। সুদীৰ্ঘ ১২ বছৰ গৱেষণাৰ অন্তত চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ ১৮০০ৰো ওপৰ গৱেষণা পত্ৰ প্ৰকাশ পাইছিল। ১৯৩০ চনত ৰমণৰ এই আৱিস্কাৰ সমূহে ৰমণলৈ বিশ্বখ্যাতি কঢ়িয়াই আনিলে। ইয়াৰ বাবেই তেওঁ নবেলন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হল। ১৯৩০ চনৰ ১০ ডিচেম্বৰত ষ্টকহমত অনুষ্ঠিত হোৱা নবেলন'বেল বঁটা প্ৰদান অনুষ্ঠানত তেওঁ নিজে উপস্থিত হৈ এই বঁটা গ্ৰহন কৰিছিল।
 
চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ সম্পাদনাত ভাৰতীয় পদাৰ্থ বিজ্ঞান নামৰ আলোচনী এখনো প্ৰকাশ কৰিছিল। তদুপৰি তেওঁৰ তত্বাৱদানত ওলাইছিল Procedings আৰু Current Science নামৰ দুখন আলোচনীৰো সভাপতিত্ব কৰিছিল তেৱেঁই। নবেলন'বেল বঁটা পোৱাৰ পাছত কিছুদিন কলিকতাত থাকি, তেওঁ বাংগালোৰত ইণ্ডিয়ান ইনষ্টিটিউট অব্ চায়েন্সত যোগদান কৰিছিল। ইয়াৰ পিছত তেওঁ নিজে ১৯৪৮ চনৰ পৰা এটা ৰমণ ৰিচাৰ্ছ ইনষ্টিটিউট নামৰ গৱেষণাগাৰ প্ৰতিষ্ঠা কৰি মৃত্যুৰ আগলৈকে তাত গৱেষণাতে কটাইছিল। তেওঁ যিটো যন্ত্ৰৰ সহায়ত গৱেষণা কৰি নবেলন'বেল বঁটা পাইছিল, তাৰ মূল্য আছিল মাত্ৰ দুশ টকাহে। তেওঁ দৈনিক সন্ধিয়া ৫-৩০ বাজৰ পৰা ১০ বাজলৈ গৱেষণাগাৰতে কটাইছিল।<ref name="চন্দ্ৰশেখৰ ভেঙ্কটৰমণ">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১৬, ১৭,১৮,১৯}}</ref>
 
=='''পৰস্কাৰ প্ৰাপ্ত বঁটা সমূহ'''==
"https://as.wikipedia.org/wiki/চি_ভি_ৰামন"ৰ পৰা অনা হৈছে