মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

97 নং শাৰী:
১৯২০ চনত কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পাছত গান্ধীয়ে 'ব্ৰিটিছ ৰাজ'ৰ বিৰূদ্ধে সংগ্ৰাম আৰম্ভ কৰে। এই সংগ্ৰামত তেখেতে 'অস্ত্ৰ' হিচাপে লৈছিল অসহযোগ, অহিংসা আৰু শান্তিপূৰ্ণ প্ৰতিবাদক। হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়তে থকা তেখেতৰ জনপ্ৰিয়তাই তেখেতৰ নেতৃত্বক ফলপ্ৰসূ কৰি তুলিছিল। তেখেতে আনকি অতি সাম্প্ৰদায়িক মুছলমান সকলকো তেখেতৰ শান্তিপূৰ্ণ অসহযোগত যোগ দিবলৈ উদ্বুদ্ধ কৰিব পাৰিছিল।<ref>Roberts, "A Review of the Gandhi Movement in India," ''Political Science Quarterly,'' (1923) p. 229</ref> এনে সময়তে ব্ৰিটিছ সেনাৰ দ্বাৰা পঞ্জাৱৰ '[[জালিয়ানৱালা বাগৰ গণহত্যা|জালিয়ানৱালা বাগত হোৱা গণহত্যা]]ৰ' দেশজুৰি তীব্ৰ প্ৰতিবাদ হয়। বহু ব্ৰিটিছ বিষয়াই এই কাণ্ডক [[চিপাহী বিদ্ৰোহ|১৮৫৭]]-ৰ দৰে আন এটা বিদ্ৰোহ দমন কৰিবলৈ উত্তম পন্থা বুলি সমৰ্থন দিছিল। কিন্তু ব্ৰিটিছৰ এই কাৰ্যই ভাৰতীয় নেতাসকলক ব্ৰিটিছ ৰাজ ভাৰতৰ শত্ৰু বুলি ভাবিবলৈ বাধ্য কৰাইছিল। মহাত্মা গান্ধীয়ে ব্ৰিটিছ সকলৰ এই কাৰ্যৰ বিৰোধ কৰাৰ উপৰিও জালিয়ানৱালা বাগৰ ফলশ্ৰুতিত ভাৰতীয়সকলে হাতত লোৱা উগ্ৰ পন্থাৰো বিৰোধিতা কৰিছিল। গান্ধীয়ে সংঘৰ্ষত নিহত ইংৰাজ অসামৰিক লোকসকলৰ প্ৰতিও শোকবাৰ্তা প্ৰকাশ কৰিছিল। তেখেতৰ এই কাৰ্যত প্ৰথমে দলে আপত্তি কৰিছিল। কিন্তু গান্ধীয়ে এই শোকবাৰ্তাৰ সমৰ্থনত আগবঢ়োৱা বক্তৃতাৰ দ্বাৰা অনুপ্ৰাণিত কংগ্ৰেছ দলে এই শোকবাণী প্ৰকাশ কৰিবলৈ মান্তি হৈছিল। বক্তৃতাত গান্ধীয়ে কৈছিল যে যিকোনো হিংসাই ক্ষতিকাৰক আৰু কোনো পৰিস্থিতিতে হিংসাক সমৰ্থন কৰা উচিত নহয়।{{sfn|Gandhi|1990|p=82}}
 
জালিয়ানৱালা বাগ আৰু ইয়াৰ প্ৰতিক্ৰিয়াত হোৱা সংঘৰ্যলৈ চাই গান্ধীয়ে গান্ধীয়ে পূৰ্ণ স্বায়ত্ত্ব-শাসন আৰু সকলো চৰকাৰী প্ৰতিষ্ঠানৰ পূৰ্ন নিয়ন্ত্ৰণৰ প্ৰতি মনোনিবেশ কৰে। কালক্ৰমত ইয়েই 'স্বৰাজ'ৰ দাবীত পৰিণত হয়। স্বৰাজৰ দ্বাৰা গান্ধীয়ে 'সম্পূৰ্ণ ব্যক্তিগত, আধ্যত্মিক আৰু ৰাজনৈতিক স্বাধীনতা'ৰ (complete individual, spiritual, political independence) দাবী তুলিছিল।<ref name="Chakrabarty2008">{{cite book|last=Chakrabarty|first=Bidyut|title=Indian politics and society since independence: events, processes and ideology|url=http://books.google.com/books?id=QzQHZ178C24C&pg=PA154|accessdate=4 April 2012|year=2008|publisher=Routledge|isbn=978-0-415-40868-4|page=154}}</ref> এই সময়তে গান্ধীয়ে নিজকে 'গোঁড়া পন্থী হিন্দু' বুলি উল্লেখ কৰিছিল আৰু ১৯২১ চনত বৰতালৰ স্বামীনাৰায়ণ মন্দিৰত দিয়া এক ভাষণত কৈছিল হিন্দু ধৰ্মত অসহযোগিতা এক প্ৰাসংগিক ধাৰণা বুলি উল্লেখ কৰিছিল। তেখেতে কৈছিল:
<blockquote>এই পৱিত্ৰ স্থানত মই কওঁ যে যদি আপুনি 'হিন্দু ধৰ্ম'ক ৰক্ষা কৰিব বিচাৰিছে, তেন্তে অসহযোগেই হৈছে আপুনি আয়ত্ব কৰিবলগীয়া প্ৰথম আৰু অন্তিম পন্থা।' ("At this holy place, I declare, if you want to protect your 'Hindu Dharma', non-cooperation is first as well as the last lesson you must learn up.".<ref name=dh03>Hardiman, (2003). [http://books.google.co.in/books?id=UWYV5qYZ3-oC&lpg=PP1&pg=PA163#v=onepage&q&f=false p. 163]</ref></blockquote>
[[File:Gandhi home.jpg|thumb|[[সবৰমতী আশ্ৰম]], [[গুজৰাট]]ত গান্ধীৰ বাসস্থান]]
 
১৯২১ চনত মোহনদাস গান্ধী [[ভাৰতীয় কংগ্ৰেছ দল]]ৰ কাৰ্যবাহী সম্পাদক নিযুক্ত হয় আৰু তেখেতৰ নেতৃত্বত কংগ্ৰেছৰ সংবিধান সলনি কৰি 'স্বৰাজ' দলৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। এক প্ৰতিকী মূল্যৰ বিনিময়ত দলৰ সদস্যপদ সকলোৰে বাবে মুক্ত কৰা হয়। লগতে দলৰ শৃঙ্খলা বজাই ৰখাৰ বাবে নতুন শাখা প্ৰৱৰ্তন কৰাৰ উপৰিও এই দলক এই বিশেষ শ্ৰেণীৰ লোকৰ সলনি সৰ্বসাধাৰণৰ দল হিচাপে গঠিত কৰাৰ প্ৰয়াস কৰা হয়। [[স্বদেশী আন্দোলন]]ৰ বাবে গান্ধীয়ে অহিংস নীতিৰ পোষকতা কৰে আৰু বিদেশত নিৰ্মিত বস্তু বৰ্জনৰ সিদ্ধান্ত লোৱা হয়। বিদেশী বস্তু বৰ্জন কৰাৰ লগতে গান্ধীয়ে ব্ৰিটেইনত নিৰ্মিত কাপোৰৰ সলনি ঘৰুৱা ভাৱে নৰ্মিত '[[খাদী]]'ৰ প্ৰচলনৰ বাবে ওকালতি কৰে। ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে দিনটোৰ কিছু সময় যঁতৰত সূতা কাটি 'খাদী' কাপোৰ তৈয়াৰ কৰি স্বাধীনতা আন্দোলনত ভাগ ল'বলৈ গান্ধীয়ে আহ্বান কৰিছিল।{{sfn|Gandhi|1990|p=89}}
 
মোহনদাস গান্ধীয়ে কঢ়িয়াই লৈ ফুৰিব পৰা এটা সৰু যঁতৰ উদ্ভাৱন কৰিছিল।<ref name="PopularScience1931">{{cite journal|author=Unattributed|title=Gandhi Invents Spinning Wheel|journal=Popular Science|url=http://books.google.com/books?id=ESgDAAAAMBAJ&pg=PA60|accessdate=14 January 2012|date=December 1931|publisher=Bonnier Corporation|page=60}}</ref> সকলোৰে মাজত শৃঙ্খলাবোধ জগাই তোলা, অতি উচ্চাকাংখাক নিয়ন্ত্ৰণ কৰা আৰু মহিলাসকলকো এই আন্দোলনৰ প্ৰতি উদ্বুদ্ধ কৰা ইয়াৰ ইয়াৰ মূল উদ্দেশ্য আছিল। বিদেশী ব্সতু বৰজন কৰাৰ উপৰিও গান্ধীয়ে ইংৰাজ শিক্ষানুষ্ঠান, আদালত বৰ্জন কৰাৰ বাবেও আহ্বান কৰিছিল। চৰকাৰী চাকৰী ত্যাগ কৰাৰ লগতে ব্ৰিটিছে দিয়া সন্মান আদিও ঘূৰাই দিবলৈ গান্ধীয়ে কৈছিল।<ref name="Shashi1996">Shashi, (19960. p. 9.</ref>
 
'অসহযোগ আন্দোলনে' জনসাধাৰণক আকৰ্ষণ কৰিছিল আৰু সফল হৈছিল। কিন্তু ১৯২২ চনত উত্তৰ প্ৰদেশৰ '[[চৌৰি চৌৰা]]'ত সংঘটিত এক হিংসাত্মক কাণ্ডৰ পাছত অসহযোগ আন্দোলন বন্ধ কৰি দিয়া হয়। গান্ধীয়ে বিশ্বাস কৰিছিল আন্দোলন লোৱা এই হিংসাত্মক মোৰে গান্ধীয়ে আৰম্ভ কৰা অহিংস কাৰ্যাৱলীক দুৰ্বল কৰি তুলিব।{{sfn|Gandhi|1990|p=105}} এনেদৰে গান্ধীয়ে তৃত্বীয় বাৰৰ বাবে হাতত লোৱা কাৰ্যসূচী বন্ধ কৰি দিছিল।<ref name="GreatSoulReview">Roberts, (2011).</ref> এনেতে ১৯২২ চনৰ ১০ মাৰ্চ তাৰিখে ৰাজদ্ৰোহৰ অপৰাধত মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰা হয় আৰু ৬ বছৰৰ বাবে কাৰদণ্ড দিয়া হয়। ১৮ মাৰ্চ তাৰিখে তেখেতৰ কাৰাবাসৰ আৰম্ভ হৈছিল। কিন্তু ২ বছৰ পাছত ১৯২৪ চনত 'এপেণ্ডিচাইটিছ' অপাৰেছনৰ বাবে গান্ধীক কাৰাবাসৰপৰা ৰেহাই দিয়া হয়।<ref name="Datta2006">{{cite book|last=Datta|first=Amaresh|title=The Encyclopaedia Of Indian Literature (Volume Two) (Devraj To Jyoti)|url=http://books.google.com/books?id=zB4n3MVozbUC&pg=PA1345|accessdate=4 April 2012|date=1 January 2006|publisher=Sahitya Akademi|isbn=978-81-260-1194-0|page=1345}}</ref>
 
মহাত্মা গান্ধী কাৰাগাৰত থকা সময়চোৱাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভেঁটি দুৰ্বল হ'বলৈ আৰম্ভ কৰে আৰু দুটা ভাগত বিভক্ত হৈ পৰে। [[চিত্তৰঞ্জন দাস]] আৰু [[মতিলাল নেহৰু]]ৰ নেতৃত্বাধীন এটা অংশই বিধায়িনী দলত অংশ লোৱাৰ পোষকতা কৰিছিল, আনহাতে [[চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী]] আৰু [[চৰ্দাৰ বল্লভভাই পেটেল]]ৰ নেতৃত্বাধীন আনটো গোটে ইয়াৰ বিৰোধিতা কৰিছিল। এই আচিলাতে কংগ্ৰেছ দল দুটা ভাগত বিভক্ত হৈ পৰে। আনহাতে অহিংস আন্দোলনৰ আৰম্ভণিতে গঢ়ি উঠা হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ মাজতো ফাঁত মেলিবলৈ আৰম্ভ কৰে। মহাত্মা গান্ধীয়ে এই বিভাজন ৰোধ কৰিবলৈ ১৯২৪ চনত তিনি সপ্তাহ জোৰা অনশন কৰে, কিন্তু তেওঁ সম্পূৰ্ণ সফল হোৱা নাছিল।{{sfn|Gandhi|1990|p=131}} ১৯২৪ চনতে গান্ধীয়ে বেলগাঁৱত হোৱা কংগ্ৰেছ মহাসভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। কিন্তু গান্ধীয়ে চৰ্ত আৰোপ কৰিছিল যে তেখেতৰ সভাপতিত্বত হোৱা মহাসভাত সকলো কংগ্ৰেছ পন্থীয়ে খাদী পৰিধান কৰিব লাগিব। মহাত্মা গান্ধীৰ দীৰ্ঘ ৰাজনৈতিক কালত এই এবাৰেই কংগ্ৰেছৰ সভাৰ সভাপতি হৈছিল।<ref name="Gandhi, the forgotten Mahatma Belgaum Congress">{{cite book|last=Jain|first=Jagdishchandra|title=Gandhi, the forgotten Mahatma|year=1987|publisher=Mittal Publications|location=Delhi|isbn=81-7099-037-8|page=17|url=http://books.google.co.in/books?id=NurqxSttqjoC&pg=PA17}}</ref>
 
== স্বৰাজ আৰু লোণ অমান্য আন্দোলন ==