মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

94 নং শাৰী:
===অসহযোগ আন্দোলন===
{{Main|অসহযোগ আন্দোলন}}
[[File:Gandhi spinning.jpg|left|thumb|Mahatmaযঁতৰত Gandhiসূতা spinningকাটি yarnথকা মহাত্মা গান্ধী, in১৯২০ৰ lateশেষ 1920ভাগত]]
১৯২০ চনত কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পাছত গান্ধীয়ে 'ব্ৰিটিছ ৰাজ'ৰ বিৰূদ্ধে সংগ্ৰাম আৰম্ভ কৰে। এই সংগ্ৰামত তেখেতে 'অস্ত্ৰ' হিচাপে লৈছিল অসহযোগ, অহিংসা আৰু শান্তিপূৰ্ণ প্ৰতিবাদক। হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়তে থকা তেখেতৰ জনপ্ৰিয়তাই তেখেতৰ নেতৃত্বক ফলপ্ৰসূ কৰি তুলিছিল। তেখেতে আনকি অতি সাম্প্ৰদায়িক মুছলমান সকলকো তেখেতৰ শান্তিপূৰ্ণ অসহযোগত যোগ দিবলৈ উদ্বুদ্ধ কৰিব পাৰিছিল।<ref>Roberts, "A Review of the Gandhi Movement in India," ''Political Science Quarterly,'' (1923) p. 229</ref> এনে সময়তে ব্ৰিটিছ সেনাৰ দ্বাৰা পঞ্জাৱৰ '[[জালিয়ানৱালা বাগৰ গণহত্যা|জালিয়ানৱালা বাগত হোৱা গণহত্যা]]ৰ' দেশজুৰি তীব্ৰ প্ৰতিবাদ হয়। বহু ব্ৰিটিছ বিষয়াই এই কাণ্ডক [[চিপাহী বিদ্ৰোহ|১৮৫৭]]-ৰ দৰে আন এটা বিদ্ৰোহ দমন কৰিবলৈ উত্তম পন্থা বুলি সমৰ্থন দিছিল। কিন্তু ব্ৰিটিছৰ এই কাৰ্যই ভাৰতীয় নেতাসকলক ব্ৰিটিছ ৰাজ ভাৰতৰ শত্ৰু বুলি ভাবিবলৈ বাধ্য কৰাইছিল। মহাত্মা গান্ধীয়ে ব্ৰিটিছ সকলৰ এই কাৰ্যৰ বিৰোধ কৰাৰ উপৰিও জালিয়ানৱালা বাগৰ ফলশ্ৰুতিত ভাৰতীয়সকলে হাতত লোৱা উগ্ৰ পন্থাৰো বিৰোধিতা কৰিছিল। গান্ধীয়ে সংঘৰ্ষত নিহত ইংৰাজ অসামৰিক লোকসকলৰ প্ৰতিও শোকবাৰ্তা প্ৰকাশ কৰিছিল। তেখেতৰ এই কাৰ্যত প্ৰথমে দলে আপত্তি কৰিছিল। কিন্তু গান্ধীয়ে এই শোকবাৰ্তাৰ সমৰ্থনত আগবঢ়োৱা বক্তৃতাৰ দ্বাৰা অনুপ্ৰাণিত কংগ্ৰেছ দলে এই শোকবাণী প্ৰকাশ কৰিবলৈ মান্তি হৈছিল। বক্তৃতাত গান্ধীয়ে কৈছিল যে যিকোনো হিংসাই ক্ষতিকাৰক আৰু কোনো পৰিস্থিতিতে হিংসাক সমৰ্থন কৰা উচিত নহয়।{{sfn|Gandhi|1990|p=82}}