ৰাজেন্দ্ৰ প্ৰসাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
41 নং শাৰী:
ৰাষ্ট্ৰীয় কংগ্ৰেছৰ জন্ম হোৱা এবছৰ আগেয়ে, ১৮৮৪ চনৰ ৩ ডিচেম্বৰ তাৰিখে [[বিহাৰ]]ৰ [[সাৰণ জিলা]]ৰ জীৰাদেঈ গাঁৱত ৰাজেন্দ্ৰ পাৰসাদৰ জন্ম হয়। তেওঁৰ পিতাকৰ নাম আছিল মুঞ্চি মহাদেউ সহায়। তেওঁলোক আছিল কায়স্থ পৰিয়ালৰ লোক। তেওঁলোকৰ পূৰ্বপুৰুষ [[উত্তৰ প্ৰদেশ]]ৰ আছিল। বিহাৰলৈ আহি তেওঁলোকে হাথুৱা ৰাজ জমিদাৰীত সাধাৰণ ৰায়ত হিচাপে কিছুদিন বসবাস কৰাৰ পিছত সেই পৰিয়ালৰ লোকে লাহে লাহে এখন দুখনকৈ কেবাখনো গাওঁ কিনি লৈছিল। মাত্ৰ ১৩ বছৰ বয়সতে তেওঁ '''ৰাজবংশী দেৱী'''ৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ পৰিয়ালে পৰ্দা প্ৰথা বৰকৈ মানি চলিছিল। তেওঁৰ ২৩ বছৰ বয়সত পিতাকৰ মৃত্যু হয়।
 
ছাত্ৰ হিছাপে ৰাজেন্দ্ৰ প্ৰসাদ প্ৰখৰ বুদ্ধিৰ অধিকাৰী আছিল। কোনো পৰীক্ষাতে তেওঁৰ প্ৰথমৰ বাহিৰে দ্বিতীয় স্থান পোৱাৰ দৃষ্টান্ত নাছিল। তেওঁ প্ৰাথমিক শিক্ষা এজন মৌলবীৰ তত্বাবধানত ঘৰতে লাভ কৰিছিল। তেওঁ [[উৰ্দু]] আৰু [[পাৰ্চী]] ভাষা ঘৰতে পঢ়ি আয়ত্ত কৰিছিল। সৰ্ম্পূন ৯ বছৰ বয়সতহে তেওঁক বিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। ১৯০২ চনত সুখ্যাতিৰে এণ্ট্ৰেস পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কলিকতাৰ প্ৰেছিডেন্সী কলেজত ভৰ্তি হয়। প্ৰেছিডেন্সী কলেজৰ পৰা তেওঁ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম বিভাগৰ প্ৰথম স্থান অধিকৰা কৰি উত্তীৰ্ণ হয়। তেওঁক এলাহাবাদ বিশ্ববিদ্যালয়ে এল-এল-ডি উপাধিৰে সন্মানীত কৰিছিল আৰু ডক্টৰেট উপাধি প্ৰদান কৰিছিল পাটনা, কাশী আৰু আগ্ৰা বিশ্ববিদ্যালয়ে।
 
=='''কৰ্মজীৱন আৰু আন্দোলনত ভুমিকা'''==
 
১৯৪৬ চনৰ ছেপ্টেম্বৰ মাহ তেওঁ জৱাহৰলাল নেহেৰুৰ অন্তৰ্বৰ্তী কালিন চৰকাৰৰ খাদ্য আৰু কৃষি দপ্তৰৰ মন্ত্ৰী ৰূপে নিযুক্ত হৈয়েই কৰ্মজীৱনৰ পাতনি মেলিছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীত তেওঁ সাৰ্বভৌম ভাৰত গনৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় আৰু যথাক্ৰমে ১৯৫২ আৰু ১৯৫৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছতো তেৱেঁ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। ১৯৬২ চনৰ ১২ মে তাৰিখলৈ তেওঁ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত আছিল। তেওঁ ৰাষ্ট্ৰপতি পদত থকা কালচোৱাত ৰাষ্ট্ৰপতি হিচাপে ১০,০০০ হাজাৰ টকা বেতনৰ প্ৰথম তিনি বছৰৰ সৰ্ম্পূন দৰমহা লৈ, পিছত ১৯৫৩ চনৰ পৰা পাঁচ হাজাৰকৈ আৰু ১৯৫৭ চনৰ পৰা আঢ়ৈ হাজাৰকৈ দৰমহা গ্ৰহণ কৰিছিল।
 
১৯১৭ চনত গান্ধীজীয়ে বিহাৰৰ নীল খেতিয়কসকলক চাহাবৰ অত্যাচাৰৰ পৰা উদ্ধাৰ কৰিবলৈ চলোৱা বিহাৰৰ চম্পাৰণ সত্যাগ্ৰহৰ সময়ৰ পৰা গান্ধীৰ লগত তেওঁৰ সমন্ধ গঢ়ি উঠে আৰু সত্যাগ্ৰহ আন্দোলনেই তেওঁৰ জীৱনলৈ বৈপ্লৱিক পৰিবৰ্তনো আনি দিয়ে। তেতিয়াই তেওঁ স্বদেশী ব্যৱহাৰ ধ্বনিলৈ সঁহাৰি দিছিল। ছাত্ৰ অৱস্থাতে তেওঁ ৰাজনৈতিক দল এটাৰ দ্বাৰা স্থাপিত ডন নাম সংঘ এটাৰ লগত জড়িত হৈছিল। ১৯০৫ চনত তেওঁ বংগ বিভাজন ৰদ কৰিবলৈ চলা আন্দোলনত অংশ লোৱাৰ উপৰিও তেওঁ বিহাৰৰ এখন ছাত্ৰ-সন্মিলন সংগঠন কৰিছিল।