ৰাজেন্দ্ৰ প্ৰসাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
55 নং শাৰী:
১৯১৪ চনত বিহাৰৰ বান-পীড়িত ৰাইজ আৰু ১৯৩৪ চনত প্ৰলয়ংকাৰী ভূমিকম্পই বিহাৰৰ ৰাইজৰ ক্ষতিসাধন কৰা সময়ত তেওঁ ৰুগীয়া শৰীৰেৰে ৰাইজৰ মাজত উপস্থিত হৈ ধান, চাউল, আটা আদিৰ উপৰিও টকা-পইচা সংগ্ৰহ কৰি মানুহৰ ঘৰে ঘৰে গৈ নিজে সেইবোৰ বিতৰণ কৰি ঘুৰি ফুৰিছিল। ৰাজেন্দ্ৰ প্ৰসাদৰ জীৱনৰ শান্তিৰ আলয় আছিল '''সত্যৰ ভূমি সদাকত আশ্ৰম''' । ইয়াতেই তেওঁ কেন্দ্ৰীয় চৰকাৰৰ '''খাদ্য মন্ত্ৰী''' আৰু গণ-পৰিষদৰ সভাপতি হোৱাৰ আগৰ সময়ছোৱালৈ অতিবাহিত কৰিছিল। '''ৰাষ্ট্ৰপতি''' পদৰ পৰা অৱসৰ লৈ জীৱনৰ বাকীছোৱা কালো তেওঁ এই আশ্ৰমতে পৰম শান্তিৰে যোগীৰ জীৱন অতিবাহিত কৰিছিল। ১৯২৯ চনত তেওঁ [[ইংলেণ্ড]]লৈ যাত্ৰা কৰে আৰু [[ইউৰোপ মহাদেশ]]ৰ নানা ঠাই ভ্ৰমণ কৰিছিল। তেওঁ [[বাৰ্লিন]]লৈ গৈ তাৰ এখন তসভাত নাত্সী দৰ্শন ৰ বিষয়ে এটি পাণ্ডিত্যপূৰ্ণ ভাষম দিছিল, যিটো ভাষনৰ প্ৰতিক্ৰিয়াত তাৰ ডেকা নাত্সী দলে সভাকক্ষত এক বিৰাট হুলস্থুলৰ সৃষ্টি কৰিছিল।
 
=='''প্ৰথম ৰাষ্ট্ৰপতি ৰূপে দায়িত্ব গ্ৰহণ আৰু শপত গ্ৰহণ'''==
১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা পুৱা ১০ বাজি ১৮ মিনিট যোৱাত ভূতপূৰ্ব গৱৰ্ণৰ জেনেৰেল [[চক্ৰৱৰ্ত্তী ৰাজাগোপালচাৰী]]য়ে [[ভাৰত]]ত নতুন শাসনতন্ত্ৰ প্ৰৱৰ্তনৰ কথা ঘোষনা কৰে আৰু সেই লোকতান্ত্ৰিক গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে '''ডঃ ৰাজেন্দ্ৰ প্ৰসাদক'''। '''কামানৰ গৰ্জন''', '''ভেৰীৰ নিনাদ''', ৰাষ্ট্ৰীয় সংগীতৰ সুৰ '''বন্দে মাতৰম''', মহাত্মা গান্ধী কী জয় ধ্বনিৰ এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানত, সংবিধান সভাৰ সদস্যবৃন্দ, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মন্ত্ৰীসকল, বিদেশী ৰাষ্ট্ৰনায়ক প্ৰতিনিধিসকল আৰু নিমন্ত্ৰিত বিশিষ্ট অতিথিবৃন্দৰ সন্মুখত দৰবাৰ হলত পুৱা ১০ বাজি ২১ মিনিট যোৱাত তেওঁ নিষ্ঠা আৰু পবিত্ৰতা ৰক্ষাৰ শপত বাক্য পাঠ কৰে। তেওঁক শপত বাক্য পাঠ কৰোৱায় উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়ধিপতি [[হৰিলাল কানায়া]]ই।
 
=='''পুৰস্কাৰ আৰু সন্মান সমূহ'''==